উৰন্ত বাইকৰ সফল পৰীক্ষণ দক্ষিণ কেৰ্লিফনিয়াত

দীপক কুমাৰ দাস : উৰণীয়া গাড়ীৰ পাছত এইবাৰ চলিব উৰণীয়া মটৰচাইকেল। শ্লোভেকিয়াত উৰণীয়া গাড়ীৰ সফল পৰীক্ষণৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত উৰণীয়া মটৰচাইকেলৰ সফল পৰীক্ষণ হ’ল।

দক্ষিণ কেলিফ’ৰ্ণিয়াত অলপতে সফল পৰীক্ষণ হোৱা উৰণীয়া মটৰচাইকেল নো কি, উৰণীয়া মটৰচাইকেল খনত কি কি বিশেষত্ব আছে। উৰা জাহাজ, হেলিকপ্টাৰ আদিৰ পাছত উৰণীয়া গাড়ী, উৰণীয়া মটৰচাইকেলৰ প্ৰয়োজন কিয়!ৰোমান্সৰ বাবেই মানৱ জাতিক উৰণীয়া মটৰচাইকেল প্ৰয়োজন নে! আন কিবা গুৰুত্বপূৰ্ণ কামত।

প্ৰথমে বিনোদন বুলি ধৰি লব পাৰি। যদিও ই হ’ব মানৱৰ বিপদৰ সময়ত ব্যৱহাৰৰ উপযোগী এক যান। প্ৰখ্যাত কোম্পানী জেটপেক এভিয়েচন- এ উৰণীয়া মটৰচাইকেল নিৰ্মাণ কৰিছে। ভূপৃষ্ঠৰ পৰা ১৩হাজাৰ ফুট উচ্চতা লৈ যাত্ৰা কৰিব পৰা এই উৰণীয়া মটৰচাইকেল খনৰ গতিবেগ হৱ ঘন্টাত ৩০০ মাইল। দক্ষিণ কেলিফ’ৰ্ণিয়াৰ আকাশত উৰণ পৰীক্ষণ সম্পন্ন কৰা জেটপেক এভিয়েচন নামৰ কোম্পানীটোৱে উৰণীয়া মটৰচাইকেলখনক পি১ তথা ষ্পিডাৰ নাম দিছে।জেট টাৰবাইনযুক্ত উৰণীয়া মটৰচাইকেল খনক বিনোদন হিচাপে ৰাখিব।

তাতকৈ গুৰুত্বপূৰ্ণ যে সামৰিক বাহিনীৰ অভিযানত ব্যৱহাৰ কৰিব।তেনেদৰে দুৰ্গম স্হানত প্ৰাকৃতিক দুৰ্যোগ কিম্বা ভয়াবহ দুৰ্ঘটনাত উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব।এই উৰণীয়া মটৰচাইকেল খন চলাবলৈ প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব। ষ্পিডাৰৰ বাবে কোম্পানীটোৱে প্ৰাৰম্ভিক বুকিং আৰম্ভ কৰিছে।বুকিং মূল্য ২৮লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে উৰণীয়া মটৰচাইকেল পৰীক্ষণৰ বাবে কোম্পানীটোৱে ৩.৮লাখ মাৰ্কিন ডলাৰ ব্যয় কৰিছে।

উলম্বভাৱে উৰণ আৰম্ভ কৰি আকাশী পথেৰে গৈ পাছলৈ উলম্বভাৱে অৱতৰণ কৰিব।। জেটপেক এভিয়েচনৰ চিইঅ’ ডেভিড মে’মেনৰ মতে পি১ৰ পৰীক্ষণ সফল হৈছে। ইয়াৰ পৰৱৰ্তী আন এক প্ৰকাৰ পৰীক্ষণ চলোৱা হ’ব। প্ৰযুক্তিৰ ক্ষেত্ৰখনত উৰণীয়া মটৰচাইকেল নিশ্চয় আন এক উল্লেখযোগ্য অৱদান হৱ।

লগতে পঢ়ক আৰ্থিক অনাটন, জাতিবাদৰ বলিৰ মাজতে সফলতাৰ জয়গান ভাৰতীয় হকী তাৰকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply