কাজিৰঙাৰ এনিমেল কৰিড’ৰত নিৰ্মাণ কৰা কাৰ্য ৪ সপ্তাহৰ ভিতৰত ধ্বংস কৰাৰ বাবে আকৌ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে । উচ্চতম ন্যায়ালয়ক অংগুষ্ঠ প্ৰদৰ্শন কৰি পূৰ্বৰ নিৰ্দেশৰ পিছতো যোৱা তিনিবছৰে নিৰ্মাণ কাৰ্য চলাই গৈছে ৰাজ্যৰ এচাম প্ৰতিপত্তিশীল ব্যক্তিয়ে । বন বিভাগেই হওক বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই সকলক নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, বাঘ,পহু আদি বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে উদ্যান কৰ্ত্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰ অৰ্থাৎ বুলনিত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ পিছতো কিছু লোকে অবাধ গতিত নিৰ্মাণ কাৰ্য চলাই থকা দেখা গৈছে । উল্লেখ্য বোকাখতৰ যুৱ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীৰ এক গোছৰৰ ভিত্তিত ২০১৯ বৰ্ষৰ ১২ এপ্ৰিলত ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাজিৰঙা আৰু কাৰ্বি আংলঙত চলি থকা সকলো ধৰণৰ খনন কাৰ্য বন্ধ কৰি দিছিল ।

একেটা নিৰ্দেশতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া নটা এনিমেল কৰিডৰত থকা ব্যক্তিগত ভূমিতো কোনো ধৰণৰ নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছিল । অতি পৰিতাপৰ কথা যে কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰৰ ভিতৰত কেৱল পানবাৰীৰ বাদে হালধিবাৰী, কাঞ্চনজুৰি, বাগৰিকে আদি কৰি ৮ টা এনিমেল কৰিডৰতেই উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক একপ্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি এচাম লোকে ৰাজনৈতিক তথা ধনবলেৰে বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসন তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষৰ সন্মূখত অবাধ গতিত পৰ্যটন নিবাস,ধাবা,সুৰাৰ দোকান, বন্যপ্ৰাণী জীৱন প্ৰতি ভাবুকি সৃষ্টি কৰা খনন তথা আদি নিৰ্মাণ কাৰ্য চলাই আছে । ইফালে ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অমান্য কৰি বন বিভাগে নিৰ্ধাৰণ কৰা এনিমেল কৰিডৰত ইতিমধ্যে কৰা নিৰ্মাণ কাৰ্যবোৰ ধ্বংস কৰি চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অসমৰ মুখ্য সচিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেন্ট্ৰল এমপাৱাৰড কমিটিৰ সদস্য সচিবে ।
উল্লেখ্য যে এই কমিটিয়ে দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই ভাৰতৰ উচ্চতম ন্যায়ালয়ে কাজিৰঙা আৰু কাৰ্বি আংলঙত বাধাহীন ভাৱে চলি থকা শিলৰ পৰা আৰম্ভ কৰি সকলো খনন কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত সকলো ধৰণৰ খনন বন্ধ কৰিবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ। জানিব পৰা মতে ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেন্ট্ৰল এমপাৱাৰড কমিটিৰ সদস্য সচিব অমৰনাথা চেঠিয়ে চলিত বৰ্ষৰ ৬ অক্টোবৰত ৰাজ্যখনৰ মুখ্য সচিবলৈ দিয়া 3-1/CEC/SC/2018 নম্বৰৰ এক পত্ৰত উল্লেখ কৰা মতে কাজিৰঙাৰ নিৰ্ধাৰিত এনিমেল কৰিডৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কাৰ্য চলোৱা সকলো নিৰ্মাণ ধ্বংস কৰি চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ।
ইফালে এই পত্ৰৰ প্ৰতিলিপি অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকলৈও প্ৰেৰণ কৰিছে । উল্লেখ্য যে যোৱা ২২ আগষ্টত ৰাজ্যখনৰ গুৱাহাটীত থকা ডেপুটি ইনস্পেকটৰ জেনেৰেল অফ ফৰেষ্ট বিষয়াজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, হাতীদন্ডি, দেওচুৰ, চিৰাং আৰু আমগুৰি এনিমেল কৰিডৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি চলোৱা নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিছিল ।
এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি যুৱ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেন্ট্ৰল এমপাৱাৰড কমিটিক অবগত কৰিছিল । ইয়াৰ উপৰিও পৰিবেশ কৰ্মীজনে কাজিৰঙা এনিমেল কৰিডৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি অবৈধ ভাৱে নিৰ্মান কাৰ্য চলাই থকাৰ সকলো তথ্য দাখিল কৰি জখলাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা নাছিল ।
লগতে পঢ়ক-মহানগৰীৰ ৬১খন নাৰ্ছিং হোমলৈ গুৱাহাটী পৌৰ নিগমৰ জাননী জাৰি
এতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেন্ট্ৰল এমপাৱাৰড (Central Empowered Committee) কমিটিয়ে দিয়া পত্ৰৰ পিছত ৰাজ্য চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত আইন ভংগ কৰি অবৈধভাৱে নিৰ্মাণ কৰা লোক আৰু নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে কি ব্যৱস্থা লয় তাকে লক্ষণীয় হৈ পৰিছে ।