নিউজ ডেস্কঃ নাগালেণ্ডৰ কহিমা জিলাত অৱস্থিত খ’নোমা বন্য সংৰক্ষণ আৰু ট্ৰাগ’পান অভয়াৰণ্যই “জৈৱসম্পদৰ বহনক্ষম ব্যৱহাৰ” শ্ৰেণীৰ অধীনত “ভাৰতীয় জৈৱ- বৈচিত্ৰ্য ২০২১ বঁটা’’ লাভ কৰিছে।
শনিবাৰে “আন্তৰ্জাতিক বিশ্ব জৈৱ- বৈচিত্ৰ দিৱস” উপলক্ষে ভাৰ্চুৱেল যোগে অনুষ্ঠান উদযাপন কৰি এই বঁটা প্ৰদান কৰা হয়।
’ভাৰতীয় জৈৱ- বৈচিত্ৰ্য বঁটা’ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্যতা প্ৰাধিকৰণ আৰু ভাৰত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয়।
এই বঁটা লাভ কৰি অভয়াৰণ্য খনৰ অধ্যক্ষ কেঝাচেৰিয়া মেয়াছে সংবাদ মাধ্যক জনাই যে, নিজৰ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি সকলোৱে ইয়াত সহযোগিতা আগবঢ়াইছিল। তেওঁ খ’নোমা ঠাইখনৰ ওপৰতো আলোকপাত কৰি কয়,’’ অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰসমূহৰ ভিতৰত এখন গাওঁ আছে যিয়ে হয়তো জুৰীক আকৰ্ষিত কৰিছে।
সেই গাওঁখনৰ চাৰিওফালে ধানখেতিৰে আগুৰি আছে আৰু মাজত আছে ঝুম খেতি আৰু ওপৰৰ অংশত সংৰক্ষিত অৰণ্যখন আছে। সকলোতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে আমাৰ পূৰ্বপুৰুষ সকলে শিকাই যোৱা প্ৰথা। খ’নোমা ঝুম খেতিৰ বাবে জনাজাত যিটো প্ৰাচীন কালৰ পৰা ই প্ৰচলিত হৈ আহিছে।
গাওঁখনে যোৱা দুই দশক ধৰি সফলতাৰে এই অৰণ্যখন সংৰক্ষণ কৰি আহিছে আৰু নিৰন্তৰভাৱে ইয়াৰ সম্পদ ব্যৱহাৰ কৰি আহিছে । লগতে মেয়াছে উল্লেখ কৰে যে “আমি এইটো জনাবলৈ পাই গৌৰৱান্বিত যে এই ২০ বছৰীয়া যাত্ৰাৰে আমি মানৱতা আৰু প্ৰকৃতিৰ বাবে কিবা এটা অৰিহণা যোগাইছো। খ’নোমা প্ৰকৃতি সংৰক্ষণ আৰু ট্ৰাগ’পান অভয়াৰণ্যখন ১১ ডিচেম্বৰ ১৯৯৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল ।
খ’নোমা অভয়াৰণ্য উদ্ভিদ আৰু প্ৰাণীকুল আৰু সিহঁতৰ আৱাসস্থল ৰক্ষা কৰিবৰ বাবে সংৰক্ষিত অভয়াৰণ্য। খ’নোমা প্ৰকৃতি সংৰক্ষণ আৰু ট্ৰাগ’পান অভয়াৰণ্যক এই বঁটা প্ৰদান কৰাৰ বাবে অধ্যক্ষ কেঝাচেৰিয়া মেয়াছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্যতা প্ৰাধিকৰণ আৰু ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।