২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়ক সন্মান আৰু ২০২১ চনৰ Innovative Farmer Award পল্লব পল্লব গগৈলৈ

শোভন কলিতা, গোলাঘাট : চৰকাৰী চাকৰিৰ আশা এৰি কৃষিৰ প্ৰতি আকৃষ্ট হোৱা নৱ-প্ৰজন্মৰ বাবে আদৰ্শ গোলাঘাট জিলাৰ খুমটাইৰ বুঢ়ালিকচন গাঁৱৰ এজন খেতিয়ক।ঘৰতে স্থাপন কৰা এখন মিশ্ৰিত কৃষি পামৰ জৰিয়তে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হোৱা খুমটাইৰ এজন আদৰ্শ কৃষকৰ আদৰ্শ কৃষিপদ্ধতি ৷ প্ৰায় ২০ বিঘা মাটিত এখন মিশ্ৰিত কৃষিপাম গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ লগতে সমগ্ৰ ভাৰতৰ ভিতৰতে ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়ক সন্মান আৰু ২০২১ চনৰ Innovative Farmer Award লাভ কৰিবলৈ সক্ষম হৈছে ।


গোলাঘাট জিলাৰ খুমটাইৰ বুঢ়ালিকচন গাঁৱৰ শিক্ষিত যুৱক পল্লৱ গগৈ।নতুন আৰু বিজ্ঞানসন্মত পদ্ধতিৰে প্ৰায় ২০ বিঘা মাটিত কলগছ,চাহ গছ,উন্নত প্ৰজাতিৰ গাহৰি, মাছ,সাঁচি,তামোল,নাৰিকল,জালুক আদিৰ খেতি কৰি বছৰি প্ৰায় ৩০/৩৫ লাখ টকা উপাৰ্জন কৰে এইগৰাকী আদৰ্শ যুৱ কৃষক পল্লৱ গগৈয়ে৷ ২০ বিঘাৰ কৃষিপামখনত চাহগছৰ মাজে মাজে উন্নত মানৰ কলগছ, সাঁচিগছ, তামোল গছ,বহুসংখ্যক নাৰিকল গছ আৰু জালুক, উন্নত প্ৰজাতিৰ গাহৰি পালন,মৎস্য পালন আদিৰে এক আদৰ্শৰ সূচনা কৰিছে তেওঁ৷ আনহাতে এই কৃষিকৰ্মৰ বাবে যুৱকজনক তামিলনাডুৰ ICAR-National Research Center for Banana (ৰাষ্ট্ৰীয় কল অনুসন্ধান কেন্দ্ৰ) ৰ পৰা শ্ৰেষ্ঠ কল খেতিয়ক ২০২০ সন্মান আৰু ২০২১ চনৰ ২৭ ফেব্ৰুৱাৰীত দিল্লীৰ “ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰ(Indian Agricultural Research Institution)”ই ২০২১ চনৰ নৱ উদ্ভাবকৰ কৃষক বঁটা প্ৰদান কৰে৷ সমগ্ৰ ভাৰতত চলোৱা এই পৰ্যবেক্ষণত ২০২০ বৰ্ষৰ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান আৰু ২০২১ চনৰ উদ্ভাবকৰ কৃষক বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে পল্লৱ গগৈয়ে ৷

কৃষি বিভাগৰ পৰা এতিয়ালৈকে বিশেষ সা-সুবিধা লাভ নকৰা পল্লৱে এই কৃষিপামখনত জড়িত হোৱাৰ উপৰিও প্ৰায় ১০ গৰাকী লোকক এই পামৰ জৰিয়তে সংস্থাপনৰ লগতে নিজৰ পৰিয়াল পোহপালৰ সুবিধা দি আহিছে পল্লৱে৷চাহগছৰ মাজে মাজে কলখেতি কৰা ভাৰতৰ এইগৰাকী একমাত্ৰ কৃষকক ICAR এ শ্ৰেষ্ঠ কল খেতিয়কৰ সন্মান প্ৰদান কৰি গৌৰৱ অনুভৱ কৰিছে।উন্নত জাতৰ গাহৰিক বিজ্ঞানসন্মতভাৱে কৃত্ৰিম প্ৰজনন ঘটাই অসমৰ গাহৰিৰ বজাৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিছে পল্লৱে।গাহৰি পোহ-পালতো অত্যাধুনিক বিজ্ঞানসন্মত পদ্ধতি গ্ৰহণ কৰিছে এইগৰাকী আদৰ্শ কৃষকে।অতি কম পৰিমাণৰ কৃষিভূমিৰ সদব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা পল্লৱ গগৈয়ে মিশ্ৰিত কৃষিপামৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ নৱপ্ৰজন্মলৈও জনাইছে আহ্বান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply