ৰংমন দাস : আত্মহত্যা জীৱনৰ পৰাজয় নে নিয়ন্ত্ৰণহীন বিষাদৰ ওপৰত জয়? কালিৰ পৰা এনে কিছু প্ৰশ্নই আমাৰ মনত হাহাকাৰ কৰি আছিল। বছৰটোৰ ছটা মাহ অতিক্ৰম কৰিছে মাত্ৰ। মোৰ মৰমৰ গুৱাহাটীতেই নিজকে শেষ কৰি পেলাইছে ৪১৫ গৰাকীকৈ লোকে। কিয় জীৱনৰ প্ৰতি ইমান বিৰাগ জন্মিছে? কিয় ইমান তুচ্ছ হৈ পৰিছে জীৱন? হাস্পতালৰ দুৱাৰে দুৱাৰে, মঠ-মন্দিৰৰ দুৱাৰে দুৱাৰে জীৱন ভিক্ষাৰ সেই অনন্ত কামনাৰ অন্ত এনেকৈ!
যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই অলপতে সংবাদমেল পাতি তথ্য মুকলি কৰিয়ো হতাশা প্ৰকাশ কৰিছে। কিয় ইমান বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা? ২০১৩ চনত গুৱাহাটীত আত্মহত্যা কৰিছিল ২২২ গৰাকী লোকে। তাৰপিছত এই ঘটনাৰ সংখ্যা কেতিয়াও কমা নাই। ২০১৯ চনত বিশ্বজুৰি ক’ভিড আহিল। আৰ্থিকভাৱে, মানসিকভাৱে মানুহ ক্ৰমাত্ অসচ্ছল হৈ পৰিল। মৃত্যু সংখ্যা বৃদ্ধি পালে। আত্মহত্যাৰ সংখ্যা এই সময়ত ইমান বৃদ্ধি পালে যে পৰিসংখ্যা লিখিবলৈ ক’বলৈ ভয় লগা হ’ল। এতিয়া ক’ভিড নাই। লকডাউন নাই। জীৱনে, প্ৰকৃতিয়ে নতুনকৈ উশাহো লৈছে। কিন্তু হঠাত্ এই আত্মহত্যাৰ প্ৰৱণতা কিয় ইমান বৃদ্ধি পাইছে?
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা দিয়াৰ পিছতেই প্ৰথমবাৰৰ বাবে আত্মহত্যাৰ বাসনা জাগিছিল। ছাংলট ফেনলা পঢ়ি হাবিলৈ যোৱাৰ বাসনাতকৈও তীব্ৰ আছিল সেই বাসনা। নৰিয়া শয্যাত পৰি থাকি আই-পিতাইৰ মোক জীয়াই তোলাৰ আত্ৰানি দেখি, চৌপাশে অন্ধকাৰ দেখিয়েই জাগিছিল সেই বাসনা। গুৱাহাটীৰ এখন হাস্পতালৰ কোনোবা এটা প্ৰস্ৰাৱগাৰত নিজকে শেষ কৰি দিয়াৰ চূড়ান্ত সিদ্ধান্তত উপনীত হৈছিলো। কাৰণ মোক জীয়াই তোলাৰ সংগ্ৰামত ঘৰৰ এপদ এপদ সম্পত্তি বিক্ৰী হৈ গৈছিল, বিক্ৰী হৈ গৈছিল আইৰ হাতৰ শাখা-কাণৰ ফুল। সৰ্বস্ব ত্যাগ কৰি আই-পিতাই মোক জীৱন দিয়াৰ দ্বিতীয়খন সংগ্ৰামত নামি পৰিছিল। আই-পিতাইক এই সংগ্ৰামত জয়ী কৰোৱাৰ জেদে আত্মহত্যাৰ বাসনাক হয়তো বশ কৰিছিল।
– এয়া আছিল এগৰাকী মৃত্যুঞ্জয়ী যুৱকৰ স্বীকাৰোক্তি। ইয়াৰ পিছতো বহুকেইগৰাকী লোকক আত্মহত্যাৰ তাড়নাৰ পৰা মুক্ত হোৱা দেখিছো।
জীৱন সদায়েই অনুপম নহয়। সেয়া আমি মানিবও লাগিব। জীৱন কেতিয়াবা চৰম বিষময় হৈ উঠে। জীৱন যাপন কৰা বা উদযাপন কৰাৰ পৰীক্ষা চলে প্ৰতিদিনে। প্ৰতিযোগিতা চলে প্ৰতিদিনে। ধাৰাবাহিক মানসিক অৱসাদ, কাৰো আগত প্ৰকাশ কৰিব নোৱাৰা অৱস্থা, প্ৰকাশ কৰিব বিচাৰিলেও গুৰুত্ব লাভ নকৰা এইবোৰ কথাই আত্মহত্যাৰ প্ৰৱণতাক শক্তিশালী কৰি তোলে আৰু জীৱনৰ বিৰুদ্ধে যোদ্ধোন্মাদ কৰি তোলে। মানসিক অৱস্থা অধিক জটিল হয়। স্বাভাৱিক হোৱাৰ পথ নাইকিয়া হয়। যন্ত্ৰনা প্ৰতিনিয়ত বৃদ্ধি পায়। এই জীৱন আৰু যাতনাৰ মাজৰ যুঁজখনত জয়লাভৰ বাবে একমাত্ৰ পথ হৈ পৰে আত্মহনন।
আৰ্থিক সমস্যা, সংস্থাপনৰ চিন্তা, মানসিক অৱসাদ, প্ৰেমজনিত ঘটনাবোৰ আছেই। এইবোৰ চিৰাচৰিত কাৰণত পৰিণত হৈছে আত্মহত্যাৰ। এইবোৰক অতিক্ৰমী এতিয়া আত্মহত্যাৰ একেবাৰেই সহজাত কাৰণ হৈছে – আত্মাভিমান, আত্মসন্মান। কিছুমানে কাৰোবাক হত্যা কৰে, কিছুমান আত্মহত্যা কৰে। কেতিয়া অন্ত পৰিব আত্মহত্যাৰ? চিকিৎসকে কাৰণবোৰ ক’ব। ঔষধ লিখিব। আপুনি কিছুদিন তাৰেই সন্তুষ্টি লভিব। কোনোবা হিতাকাঙ্খীয়ে পৰামৰ্শ দিব, সেয়াই ভাল মানি আপুনি সন্তুষ্টি লভিব। কিন্তু এই মানসিক তাড়নাৰ অন্ত ক’ত?
আপুনি জীৱনটোক ভাল নোপোৱালৈ এই সমস্যাৰ অন্ত নাই। জীয়াই থকাৰ অজস্ৰ অজুহাত আছে। সেয়া মৃত্যুত নাই। ভালপোৱাৰ যি সোৱাদ আছে জীৱনত, সেয়া মৃত্যুত নাই। যি শিল্প জীৱনত আছে, সেয়া মৃত্যুত নাই। জীয়াই থকাৰ বহু অজুহাতেই আছে। জীয়াই থাকি দেশক দহক সুখী কৰাৰ বহু সুযোগ আছে। তেন্তে মৃত্যু কিয়? মৃত্যু যদি চিৰশ্বাস্বতই হয়, তেন্তে আত্মহত্যা কিয়?
অন্তৰ্মুখী নহৈ কথা পাতকচোন। দুখবোৰ ভগাই লওকচোন। কান্দক! প্ৰিয়জনৰ বুকুত মুখ গুজি এসোঁতা কান্দক, আই-পিতাইৰ মুখলৈ চাই চিঁঞৰি চিঁঞৰি কান্দক। হেঁপাহ পলুৱাই কান্দক। মাথো নিজক মাৰি নেপেলাব। কোনো নোহোৱাজনে মোৰ কাষলৈকে আহক। কথা পাতক, আড্ডা মাৰক। নিসংগ হোৱাতকৈ ভালপোৱা জন্তু বা চৰাই এটাকে কাষলৈ আনক। মাথো নিজক শেষ কৰি নেপেলাব। কাৰণ জীয়াই থকাৰ অজুহাত বহুত।