পোহৰ প্ৰদূষণ

দীপক কুমাৰ দাস: বিজ্ঞানৰ উদ্ভাৱনী সা সামগ্ৰীয়ে ইতিবাচক প্ৰভাৱৰ লগতে কেতিয়াবা নেতিবাচক প্ৰভাৱ পেলায় ।তেনে নেতিবাচক প্ৰভাৱ পৰিবেশ বন্ধুত্বমূলক এলইডি বাল্বতো প্ৰমাণিত হৈছে ।ইংলেণ্ডৰ গবেষকে এলইডি বাল্বৰ পৰা পোহৰ প্ৰদূষণৰ ভয়াবহ তথ্য লাভ কৰিছে ।

পৰিবেশ বন্ধুত্বমূলক এলইডি বাল্বৰ পৰা পোহৰ প্ৰদূষণৰ তথ্যই গৱেষকক আশ্চৰ্য কৰি তুলিছে ।কিয়নো ইয়াৰ পূৰ্বে গবেষণাত এই ধৰণৰ তথ্য পোৱা নাছিল। পোহৰ প্ৰদূষণৰ ফলত কীট পতংগৰ বিভিন্ন প্ৰজাতিলৈ ভাবুকি আহিছে।


পথলাইট(ষ্ট্ৰীটলাইট)ত ব্যৱহৃত এলইডি বাল্বৰ পৰা পোহৰ প্ৰদূষণ হয় ।ফলত কীট পতংগৰ মৃত্যু ঘটি আছে ।ইংলেণ্ডৰ গবেষক ডাগলাছ বয়ছে চাৰি বছৰত 400 ঘন্টা অধ্যয়ন চলাই এই তথ্য লাভ কৰিছে ।সাধাৰণ হালধীয়া ছডিয়াম বাল্বৰ তূলনাত এলইডি বাল্বৰ পোহৰ প্ৰদূষণ অধিক ।এই প্ৰমাণ এলইডি বাল্ব ব্যৱহৃত চহৰ অঞ্চলত পোৱা গৈছে।
নিউকেটল ইউনিভাৰচিটি ,ইউ কে চেন্টাৰ ফৰ ইকোলজি এন্দ হাইদ্ৰলজি আৰু ইউকে চেৰিটি বাটাৰফ্লাই কনজাৰভেচনৰ গবেষক আৰু সংৰক্ষকৰ দলে এই গবেষণা চলায় । পোহৰ প্ৰদূষণত কীট পতংগৰ মৃত্যু জৈব বৈচিত্ৰতাৰ ওপৰত প্ৰচন্দ আঘাত ।

কীট পতংগ বিশেষকৈ নিশাচৰ পখিলা জাতীয়,পলু জাতীয় পতংগৰ সৰ্বাধিক ক্ষতি হৈছে । পোহৰ প্ৰদূষণৰ ফলত কীট পতংগৰ বসতিস্থল বিনাশ হৈছে ।পথলাইটত এলইডি বাল্বৰ ব্যৱহাৰ কৰাত পোহৰৰ প্ৰতি আকৰ্ষিত হৈ কীট পতংগ ওচৰলৈ আহে আৰু মৃত্যু মুখত পৰে।

এলইডি বাল্বৰ গৰম প্ৰবাহত কীট পতংগৰ মৰণ ঘটে ।কণী দিয়াৰ পূৰ্বে মৃত্যু ঘটাত বংশ বৃদ্ধি হ্ৰাস পায়।এনে ধাৰণৰ কীট পতংগৰ মৃত্যু ঘটে যিবোৰ পৰাগৰেণু বাহক।ফলত বিভিন্ন উদ্ভিদৰ বংশ বৃদ্ধিত বিৰূপ প্ৰভাৱ পৰে।আনকি পৰজীৱীৰ আহাৰতো নেতিবাচক প্ৰভাৱ পৰে পক্ষীৰ খাদ্যৰ অভাৱ হয়।কাৰ্য্যত জৈববৈচিত্ত্যৰ ওপৰত আঘাত হানে।

প্ৰকৃতিৰ পৰিবেশৰ ওপৰতে পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি গবেষকৰ দলটিয়ে এলইডি বাল্বৰ সাধাৰণ সলনি কৰাৰ পৰামৰ্শ দিছে।নহলে ই পৰিবেশ বান্ধবৰ পৰিবৰ্তে পৰিবেশ শত্ৰু হৈ উঠিব।

লগতে পঢ়ক সোণাৰিতো শিক্ষক দিৱস পালন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply