নিউজ ডেস্ক: উত্তৰপূবৰ মাটিৰ উৰ্বৰা শক্তিৰ বাবে দেশৰ অধিক পৰিমানৰ মছলা উৎপাদিত খেতি এই অঞ্চলতেই হৈ আহিছে | প্ৰাকৃতিক ভাবেই উত্তৰপূবৰ মাটিত উৎপাদিত হৈ আহিছে আদা, হালধী, জলকীয়া আদিৰ দৰে বিভিন্ন খাদ্য সম্ভাৰ | এই অঞ্চলটোৰ মাটিৰ সৈতে এইবোৰ খাদ্যসামগ্ৰী উৎপাদন হোৱাতো প্ৰাকৃতিক ভাবেই সম্ভব যদিও আমাৰ খেতিয়কসকলে এনেবোৰ খেতিক লৈ বিশেষ গুৰুত্ব দিয়া নাই | উত্তৰপূব দেশৰ “মচলাৰ হাব” বুলি কোৱা হয় যদিও ইয়াক লৈ গুৰুত্ব নাই খেতিয়কসকলৰ | যাৰফলত এই খাদ্যসামগ্ৰী সমূহ সংৰক্ষণ আৰু ইয়াক প্ৰকৃত বজাৰত উলিয়াই দিয়াৰ ক্ষেত্ৰত সদায়েই সমস্যা সন্মুখীণ হৈ আহিছে | অঞ্চলটোৰ খেতিয়কৰ সামগ্ৰীসমূহক লৈ অজ্ঞতাৰ বাবেই আজি কেঁচামাল আমাৰ মাজৰ পৰা বাহিৰলৈ ওলাই গৈ আছে নিয়মীয়াকৈ | ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰ বোৰেও কোনো গুৰুত্ব দিয়া নাই |

আই আই টিয়ে উদ্ভাবন কৰা মেচিনত শুকুৱা আদা

ইয়াৰ উপৰিও মচলা যুক্ত খাদ্যসামগ্ৰী সমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সুবিধা নথকাৰ বাবেই ইয়াক সম্ভব হৈ উঠাগৈ নাই | আমাৰ সমাজ ব্যবস্থাত অধিকাংশ মছলাযুক্ত খাদ্য সামগ্ৰীয়েই ৰ’দ অথবা জুই তাপত শুকুৱাৰ ফলত বহু সময় ধৰি ইয়াক সংৰক্ষণ কৰি ৰখাত সমস্যাৰ সৃষ্টি হৈ আহিছে | ইয়াৰ ফলত বছৰি উৎপাদিত ২০ ৰ পৰা ৩০ শতাংশ সামগ্ৰী নষ্ট হৈ আহিছে | যাৰ ফলত বছৰি বহু পৰিমানৰ মূল্য লোকচানৰ সন্মুখীণ হৈ আহিছে |

আই আই টিয়ে উদ্ভাবন কৰা মেচিনত শুকুৱা আদা

উত্তৰ পূবৰ খেতিয়কৰ এই সমস্যাৰ সমাধানৰ সুত্ৰ বিচাৰি গুৱাহাটীৰ আই আই টিয়ে প্ৰস্তুত কৰিছে এটা মেছিন | ইয়াৰ দ্বাৰা ৩০/৪০ কেজি মচলাযুক্ত সামগ্ৰী আধাসময়তে শুকুৱাব পাৰিব | এই মেচিনৰ দ্বাৰা দুদিনৰ ভিতৰতে ইয়াক শুকুৱাব পাৰিব | শুকুৱাৰ পিছতো ৰং একেই থাকিব বুলি কোৱা হৈছে | গুৱাহাটী আই আই টিৰ অধ্যাপক মুথু কুমাৰৰ নেতৃত্বত শিক্ষানুষ্ঠানখনত নিৰ্মাণ কৰিছে এই যন্ত্ৰটো | এই যন্ত্ৰটোৰ আনুমানিক মূল্য ২০ ৰ পৰা ২৫ হাজাৰ ধাৰ্য কৰা হৈছে | চৰকাৰৰ সহযোগতে এই যন্ত্ৰটো কৃষকৰ হাতলৈ দিয়াৰ বাবে চেষ্টা চলাব বুলি অধ্যাপক কুমাৰে জানিবলৈ দিয়ে | তেখেতে আৰু জনোৱা মতে “ৰ’দত অথবা জুইত শুকুৱাৰ ফলত এই খাদ্যসামগ্ৰী সমূহত ভেঁকুৰ ধৰি নষ্ট হৈ যায় | কিন্তু এই যন্ত্ৰটোত শুকুৱালে সেই সমস্যাবোৰ নাইকীয়া হ’ব |”

ৰ’দত শুকুৱা আদাৰ ভেঁকুৰ ধৰিছে

কৃষিজাত খাদ্যসামগ্ৰী বোৰ দীৰ্ঘদিন ধৰি শুকুৱাই ৰাখি ইয়াক ব্যবহাৰ কৰিব পৰাৰ ক্ষেত্ৰত এই যন্ত্ৰটোৱে বিশেষ ভাবে সহায় কৰিব | উত্তৰপূবৰ সেমেকা জলবায়ুৰ বাবে সোনকালেই খাদ্যসামগ্ৰী সমূহ নষ্ট হোৱাৰ ফলত এই সামগ্ৰী সমুহ শুকুৱাই দীৰ্ঘসময়ৰ বাবে ব্যবহাৰ কৰিব পৰা হ’লে অঞ্চলটোৰ খেতিয়কসকলৰ ক্ষেত্ৰতো সহায়ক হোৱাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ব্যবসায়িক ক্ষেত্ৰত উপযুক্ত দামত মচলাযুক্ত সামগ্ৰীসমূহ বিক্ৰী কৰি সফলতা লাভ কৰিব বুলি আশা কৰিছে আই আই টি গুৱাহাটীৰ উদ্ভাবক দলটোৱে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply