নিউজ ডেস্ক: নিজৰ বয়সৰ বহু যুৱতীৰ দৰেই কোৰিয়ান ছিৰিয়েল চাই ভাল পোৱা মিজোৰামৰ ২৩ বছৰীয়া ভানলালছাংকিমীৰ গছ-লতিকাৰ প্ৰতি আছে এক সাংঘাটিক টান। তেওঁৰ প্ৰিয় ৱেব ছিৰিজখন হৈছে  নেটফ্লিক্সত উপলব্ধ জনপ্ৰিয় কোৰিয়ান ৱেব ছিৰিজ ডেচেণ্ডেণ্টছ অৱ দ্য ছান। মিজোৰামত যথেষ্ট জনপ্ৰিয় ম্যানমাৰৰ একাপ পৰম্পৰাগত চাহপাত ‘ফান’ৰ  সৈতে তেওঁ দিনটো আৰম্ভ কৰিবলৈ ভাল পায়। 

কিন্তু তেওঁৰ দিনটোৰ বাকী সময়খিনি মিজোৰামৰ আন যিকোনো ছোৱালীতকৈ সম্পূৰ্ণ পৃথক। বিগত মাৰ্চ মাহৰ শেষৰ ফালে বনলালছাংকিমীয়ে কণ্ডাক্টৰৰ অনুজ্ঞাপত্ৰ লাভ কৰি এপ্ৰিল মাহত আইজল চিটি বাছৰ সৈতে কাম আৰম্ভ কৰিছিল। ৰাজ্যখনত এতিয়ালৈকে বাছ কণ্ডাক্টৰৰ অনুজ্ঞাপত্ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা তেওঁ একমাত্ৰ মহিলা প্ৰাৰ্থী। কিন্তু এই প্ৰাপ্তি তেওঁৰ বাবে ইমান সহজ নাছিল।

পৰিয়ালৰ সৈতে লাৱিপুস্থিত বিএছইউপি (Basic Services to the Urban Poor) কমপ্লেক্সত শৈশৱ পাৰ কৰা ভানলালছাংকিমীয়ে চিকিৎসা ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছিল। উত্তৰ মিজোৰামৰ মামিট জিলাৰ ৰেইক ব্লকৰ অন্তৰ্গত আইলাউঙৰ নিজৰ গাঁৱৰ চৰকাৰী বিদ্যালয়ত তাই প্ৰাথমিক, মধ্য আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা কৰিছিল। ২০১৫ চনত দশম শ্ৰেণীৰ অন্তত উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণৰ বাবে তেওঁ ৰাজধানী আইজললৈ গুচি যায়। 

২০১০ চনত স্বামীৰ মৃত্যুৰ পিছৰ পৰা তিনিটা সন্তানক লৈ সংসাৰ চলাই নিয়া ভানলালছাংকিমীৰ মাতৃ লালৰামথাংগীয়ে কয়, ‘‘আমি ভাড়া ঘৰত আছিলো, মই মাছ বিক্ৰী কৰি সন্তান কেইটাক চোৱাচিতা কৰিছিলো’’। 

“মোৰ ছোৱালীয়ে যেতিয়া দ্বিতীয় বিভাগত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছিল তেতিয়া এখনো বিজ্ঞান মহাবিদ্যালয়ত তাইক নামভৰ্তি কৰাব নোৱাৰিলো, ই আমাক যথেষ্ট হতাশ কৰিছিল,” তেওঁ কয়।

উল্লেখযোগ্য যে মিজোৰামৰ মাত্ৰ দুখন মহাবিদ্যালয়তহে স্নাতক প্ৰৰ্যায়ত বিজ্ঞান শাখা আছে। দুয়োখনতে (পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু জিৰতিৰি আৱাসিক মহাবিদ্যালয়) সীমিত আসন থকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি লাভ কৰাত বহু অসুবিধাৰ সন্মুখীন হয়।

প্ৰতিকূলতাৰ সন্মুখীন হ’লে তাৰ পৰা শিকিব লাগে

কিন্তু ভানলালছাংকিমীয়ে হাৰ নামানিলে। কিশোৰ বয়সৰ পৰাই তাই বিভিন্ন কাম কৰাৰ প্ৰতি প্ৰবল ধাউতি আছিল। সৰুতে মাকক বজাৰত শাক-পাচলি বিক্ৰী কৰাত সহায় কৰিছিল। হাইস্কুল শেষ কৰাৰ পিছত তাই এটা অনলাইন শ্বপিং গ্ৰুপ আৰম্ভ কৰি কাপোৰৰ ব্যৱসায় কৰে। স্নাতকত নামভৰ্তি কৰাত বিফল হোৱাৰ পিছত তেওঁ ৱাকিৰিয়া ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজিত ডিজাইনিং কোৰ্চ এটাত নামভৰ্তি কৰে যাতে ভৱিষ্যতে নিজৰ এখন দোকান খুলিব পাৰে। ২০২২ চনৰ ফেব্ৰুৱাৰীত উক্ত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল, কিন্তু মাত্ৰ এমাহৰ পিছতে কথাবোৰে এক অন্য ৰূপ লৈছিল। 

২০১৯ চনৰ মাৰ্চ মাহত তেওঁৰ জ্যেষ্ঠ ভাতৃ এক গুৰুতৰ বাইক দুৰ্ঘটনাত পতিত হৈছিল। মৃত্যুৰ পৰা কথমপি ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত গাড়ীচালনাক জীৱন নিৰ্বাহৰ পথ হিচাপে বাচি লয়। কিছুদিন টেক্সি চলাইছিল যদিও ক’ভিড মহামাৰীৰ সময়ত তেওঁ যথেষ্ট লোকচানৰ সন্মুখীন হয়। যোৱা বছৰৰ অক্টোবৰ মাহত পৰিয়ালটোৱে ঋণত এখন বাছ ক্ৰয় কৰে। কিন্তু তেওঁলোকে বাছখনৰ বাবে এগৰাকী লাইচেঞ্চ থকা কণ্ডাক্টৰ বিচাৰি পোৱা নাছিল, উল্লেখ্য যে মিজোৰামত অনুজ্ঞাপত্ৰ লাভ কৰাটো এক কঠিন কাম। অনুজ্ঞাপত্ৰ থকা সকলো কণ্ডাক্টৰৰে স্থায়ী চাকৰি আছিল।

“মই মোৰ ছোৱালীক বাছৰ কণ্ডাক্টৰ হোৱাটো বিচৰা নাছিলো। কিন্তু দুৰ্ঘটনাত পৰি তাইৰ ককায়েকে ভালদৰে খোজ কাঢ়িব নোৱৰা হোৱাত তাইক কৈছিলোঁ যে মোৰ কিবা হ’লে তই তাক চোৱা-চিতা কৰিব লাগিব। পিছত যেতিয়া তাইৰ ককায়েকে বাছ চলোৱা আৰম্ভ কৰিলে, তাই ক’লে, ‘মই কণ্ডাক্টৰ হ’ম, দাদাক চোৱা-চিতা কৰিব লাগিব।’’ 

কিন্তু ২৩ বছৰীয়া যুৱতীগৰাকীয়ে অনুজ্ঞাপত্ৰ লাভ কৰাত কিছু বাধাৰ সন্মুখীন হৈছিল।

“তেওঁলোকে (মটৰ ভেহিকেল পৰিদৰ্শকসকলে) মোক সুধিছিল যে মই এই কাম কৰিব পাৰিম নে? হয়তো মই ছোৱালী হোৱাৰ বাবেই তেওঁলোকৰ মোক লৈ ইমান সন্দেহ হৈছিল। মই আৱেদন কৰাৰ সময়ত এম ভি আই কৰ্তৃপক্ষই কৈছিল যে তেওঁলোকে এগৰাকী ছোৱালীক কণ্ডাক্টৰৰ অনুজ্ঞাপত্ৰ দিব নোৱাৰিব। কিন্তু মহামাৰীৰ বাবে যিহেতু কণ্ডাক্টৰৰ নাটনি আছিল, সেয়ে ছোৱালীয়েও আৱেদন কৰিব পাৰে বুলি কৈছিল, সেয়ে মই পুনৰ আৱেদন কৰিলোঁ,” তেওঁ কয়।

ভানলালছাংকিমী আৰু তেওঁৰ ভাতৃয়ে সপ্তাহৰ ৫ দিন চিটি বাছ চলায়। তেওঁলোকৰ দিনটো পুৱা প্ৰায় ৬ বজাত আৰম্ভ হৈ সন্ধিয়া ৭ বজাত অন্ত পৰে। আইজলৰ ঞাইজেল চিটি বাছ টাৰ্মিনেলত নিজৰ বাছখন ৰখাই দিয়ে। ঘৰলৈ অহাৰ পিছত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতো ভানলালছাংকিমী য়ে পুনৰ কামত লাগি যায়, পশুধনৰ বাবে খাদ্য প্ৰস্তুত কৰে। পৰিয়ালটোৰ দুটা গাহৰি আছে। নিশা প্ৰায় ১০ বজাত তাইৰ দিনটোৰ অন্ত পৰে।

প্ৰত্যাহ্বানৰ মাজতো তাই বিশ্বাস কৰে যে এগৰাকী বাছ কণ্ডাক্টৰ হোৱাটো এটা ভাল কেৰিয়াৰ বিকল্প আৰু মহিলাসকলৰ এই ক্ষেত্ৰত ভাল সুযোগ আছে।

নিজৰ কন্যাক লৈ গৌৰৱান্বিত মাকে কয়, “মই মোৰ ছোৱালীক লৈ গৌৰৱান্বিত, তাই প্ৰয়োজনত যিকোনো কাম কৰিব। তাই ঝাড়ুৰ বোজা কঢ়িয়াই নিব বা প্ৰয়োজন হ’লে গাহৰিৰ খাদ্য প্ৰস্তুত কৰিব। মোৰ সন্তানৰ মাজত মই কেতিয়াও পুৰুষৰ কাম বা নাৰীৰ কাম বুলি পাৰ্থক্য নকৰো।” 

ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী টি জে লালনুন্টলুৱাঙাই ভানলালছাংকিমী প্ৰশংসা কৰি কয় যে তেওঁৰ এই সাফল্য আনৰ বাবেও এই আদৰ্শ হৈ ৰ’ব।  

লগতে পঢ়ক – কাঁ চলচ্চিত্ৰ মহোৎৱলৈ ‘বুম্বা ৰাইড’, তেন্তে অসম চৰকাৰে কিয় বিষয়া-আমোলাক মহোৎসৱটোলৈ পঠিয়াইছে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply