তচদুক আৰিফুল হুছেইন: যোৱা কেইটামান বিধানসভাৰ নিৰ্বাচনত অসমৰ জনসাধাৰনে যিসকলক নিজৰ প্ৰতিনিধি হিচাপে বিধান সভালৈ নিৰ্বাচিত কৰি পঠিয়াইছে সেই সকলক লৈ শংকাৰ বিষয় হৈ পৰিছে। অসমৰ জনসাধাৰণে জানি বুজি আৰু ভাবিচিন্তি এই ব্যক্তি সকলক নিৰ্বাচিত কৰিবলৈ ভোট দিছিল নে নাই সেইটো এটা বিচাৰ্য্যৰ বিষয়। কাৰণ, প্ৰতি বাৰেই এই বিধায়ক সকলে নিৰ্বাচনত জয়ী হৈ আহি আমাৰ সুৰক্ষা পৰৱৰ্ত্তী পাঁচ বছৰৰ বাবে নিশ্চিত কৰাৰ দায়িত্ব লয়। আমি চৰকাৰলৈ আগবঢ়োৱা পইচাৰ ওপৰত পৰৱৰ্ত্তী পাঁচ বছৰ ধৰি তেখেত সকলে মালিকৰ ভুমিকা লয় । কি কি কৰ ৰ জৰিয়তে আমি চৰকাৰক পইচা দিম সেইটো নিশ্চিত কৰাৰ লগতে ক’ত আমাৰ পইচা সমূহ খৰছ কৰা হব তাকো নিশ্চিত কৰে।
আমাৰ সমাজ খনত হিংসা, ঘৃণা, শত্ৰুতা, অশান্তি বৃদ্ধি হব; নে মৰম-স্নেহ, প্ৰেম, বিশ্বাস, ভালপোৱা আৰু শান্তিৰ পৰিবেশ বিৰাজ কৰিব তাকো এইসকলৰ ওপৰতে নিৰ্ভৰ কৰিব।
অসমৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক সুৰক্ষা, শিক্ষা-দীক্ষা, স্বাস্থ্য, জীৱিকাৰ পথ, বাটপথ, খোৱাপানীৰ ব্যৱস্থা, পৰিবেশৰ উন্নয়ন আদি সাধাৰণ জনসাধাৰণৰ জীৱনত প্ৰয়োজনীয় সকলো বিষয়ৰ দায়িত্ব ইতিমধ্যে প্ৰতি পাচ বছৰৰ বাবে অসমৰ জনসাধাৰণে এই বিধায়ক সকলৰ হাতত দি আহিছে।
এই বিধায়ক সমূহ কেনেকুৱা মানুহ বাৰু? ভাল মানুহ হয়নে? আদৰ্শ ব্যক্তি হয়নে? আমি আমাৰ লৰা ছোৱালীক এনেকুৱা এজন ব্যক্তি হবৰ বাবে উৎসাহিত কৰিব পাৰিমনে? তেখেত সকল গুণী আৰু জ্ঞানী হয়নে? সমাজৰ সকলো শ্ৰেণীৰ মানুহক তেওঁলোকে সমান চকুৰে চাব জানেনে? কিমান বিশ্বাসযোগ্য তেওঁলোক? তেওঁলোকে আমাৰ উন্নয়ন সাধিবৰ বাবে আমাৰ প্ৰতিনিধি হব বিচাৰিছে, নে নিজৰ উন্নয়নৰ বাবে আমাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবৰ বাবে আমাৰ প্ৰতিনিধি হৈছে?
অসমৰ জনসাধাৰণ শান্তি আৰু প্ৰগতিৰ দিশত আগবাঢ়ি গলে আমাৰ জনপ্ৰতিনিধি সকল সন্তুষ্ট হয় যেন লাগে, নে দুখীয়া, দৰিদ্ৰ আৰু অশান্তিত থাকিলে তেওঁলোকে সুৰক্ষিত অনুভৱ কৰে। আমাৰ শিক্ষা দীক্ষা, উপাৰ্জনৰ পথ, জীৱন ধাৰণৰ মানদণ্ড উন্নত হলে আমাৰ প্ৰতিনিধি সকল সন্তুষ্ট হয় নে শংকিত হয়? জনসাধাৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় সমূহৰ ওপৰত তেওঁলোকে আলোচনা, বিচাৰ বিবেচনা কৰিব বিচাৰে; নে যিবোৰ বিষয় আমাৰ বাবে সদ্যহতে প্ৰয়োজনীয় নহয় সেই বিষয় বোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি জনসাধাৰণক দিকভ্ৰান্ত কৰিব বিচাৰে।
লগতে পঢ়ক পৰিবেশ বন্ধুত্বমূলক এল ই ডি বাল্বৰ দ্বাৰাও ভয়াবহ পোহৰ প্ৰদূষণ
অসমৰ জনসাধাৰণে যোৱা কেইটামান নিৰ্বাচনত নিৰ্বাচিত কৰি পঠোৱা বিধায়ক সকলক এবাৰ পুনৰ বিবেচনা কৰিলে দেখা যাব যে, যোৱা ২০০৬ চনৰ বিধানসভাত আমি ৭ জন অপৰাধৰ গোচৰত অভিযুক্ত ব্যক্তিক বিধায়ক পাতিছিলো। ২০১১ চনৰ বিধানসভাত ১৩ জন এনে ব্যক্তিক বিধায়ক পাতিছিলো। ২০১৬ চনত এনে বিধায়ক ৰ সংখ্যা আছিল ১৫ জন।
যোৱা ২০২১ৰ নিৰ্বাচনত অসমৰ জনসাধাৰণে ৩৪ জন বিভিন্ন অপৰাধৰ গোচৰত অভিযুক্ত ব্যক্তিক নিৰ্বাচিত কৰিছে। তাৰে ২৮ জন গুৰুতৰ অপৰাধৰ গোচৰত অভিযুক্ত। এজন হত্যাৰ গোচৰত,৫ জন হত্যাৰ চেষ্টা কৰাৰ গোচৰত, ২ জন নাৰীজনীত অপৰাধৰ গোচৰত অভিযুক্ত ব্যক্তিক বিধানসভালৈ পঠোৱা হৈছে অসমৰ জনসাধাৰণক শাসন কৰিবলৈ। এইটো গতিত গৈ থাকিলে, নিশ্চিত ভাবে অহা ২০-২৫ বছৰত ১২৬ জন বিধায়ক ৰ এশ শতাংশই বিভিন্ন অপৰাধৰ গোচৰত অভিযুক্ত ব্যক্তি হব। তেনে অপৰাধৰ গোচৰত অভিযুক্ত বিধায়ক সকলৰ পৰা আমি আশা কৰিম যে তেখেত সকলে আমাৰ লগতে আমাৰ লৰা ছোৱালীক সুৰক্ষা দিবৰ বাবে আইন প্ৰণয়ন কৰাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা লব।
লগতে পঢ়ক কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই গৰজি উঠিল বহু কেইটা কাৰ্বি জনগোষ্ঠীয় সংগঠন
বহুতে কব এই সকল অভিযুক্ত হে, অপৰাধী তো নহয়। আমাৰ আইনী ব্যৱস্থাই তো এতিয়াও তেখেত সকলক দোষী বুলি কোৱা নাই। ঠিকেই, তেখেত সকল দোষী বুলি প্ৰমাণিত হোৱা নাই। আমাৰ আইনী ব্যৱস্থাত তিনিটা অৱস্থা থাকে। প্ৰথম অৱস্থা তো হৈছে দোষী এজনৰ ওপৰত গোচৰ থাকে আৰু কালক্ৰমত তেখেতৰ দোষ প্ৰমাণিত হয় আৰু শাস্তি পায়। দ্বিতীয় অৱস্থাতো হৈছে যে যোগ্য সাক্ষী বাদী আৰু প্ৰমাণৰ অভাৱত এজন দোষীয়ে শাস্তি নাপায়। আৰু তৃতীয় অৱস্থাতো এজন ব্যক্তি প্ৰকৃততে দোষী নহয়, কিন্তু কাৰোবাৰ আক্রোশ বা ষড়যন্ত্ৰৰ বলি হৈ তেখেতৰ ওপৰত গোচৰ থাকে আৰু অৱশেষত সাক্ষী প্ৰমাণৰ অভাৱত তেওঁলোক নিৰ্দোষী প্ৰমাণিত হয়।
তৃতীয় ধৰণৰ অৱস্থা যথেষ্ট কম থাকে। মিছা গোচৰ, মিছা সাক্ষী বাদী আৰু মিছা প্ৰমানেৰে, এনে গোচৰ বোৰ বেছিদূৰ যাব নোৱাৰে। তাৰ বিপৰীতে, গোচৰ চলি থকা অৱস্থাত যদি এজন ব্যক্তিৰ হাতলৈ ক্ষমতা আহি যায়, তেনে অৱস্থাত প্ৰকৃত দোষীয়ে শাস্তিপোৱাৰ সম্ভাৱনা বহুত গুণে কমি যায়। ক্ষমতাৰ সহায়ত এনে দোষী য়ে পুলিচ প্ৰশাসন ক প্ৰভাৱিত কৰি নিজৰ বিৰুদ্ধে থকা প্ৰমাণ আৰু সাক্ষীবাদী নাইকিয়া কৰিব পাৰে।
সেইবাবেই বিধায়ক, সাংসদ হোৱাৰ দৌৰত ইমানবোৰ অপৰাধৰ গোচৰ থকা ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। কেনেবাকৈ জিকিব পাৰিলে, তেওঁলোকে জানে, তেওঁলোকে অপৰাধৰ শাস্তি পোৱাৰ সম্ভাৱনা বহুগুণে কমি যাব। অসমৰ ৰাইজে যোৱা নিৰ্বাচনত ৩৪ জন এনে ব্যক্তিক শাসন কৰাৰ নামত এই সুবিধা প্ৰদান কৰিছে।
আনহাতে, ২০০৬ চনত ১৫ জন কোটিপতিক অসমৰ ৰাইজে বিধানসভা লৈ নিৰ্বাচিত কৰি পঠাইছিলা, ২০১১ চনত ৪৭ জন কোটিপতিক, ২০১৬ চনত ৭২ জন কোটিপতিক আৰু ২০২১ চনৰ যোৱা নিৰ্বাচনত ৮৪ জন কোটিপতিক অসমীয়াই ভোট দিছিল আৰু নিজৰ প্ৰতিনিধি কৰি পঠাইছিল। অথচ ১০০ জন অসমীয়াৰ ভিতৰত ৩৬ জনেই দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে।
দৈনিক গড়ে ১৫০ টকাও উপাৰ্জন নহয় এই সকল লোকৰ। তেনে অৱস্থাত এই কোটিপতি সকলে দাৰিদ্ৰ অসমীয়াৰ অৱস্থাতো বুজি পাব আৰু তেখেত সকলৰ অৱস্থাৰ সলনি কৰিবলৈ প্ৰচেষ্ঠা চলাব বুলি ভাবিব পাৰিনে? অসমৰ জনসাধাৰণে কিয় বিশ্বাস কৰি ললে যে এই কোটিপতি সকলে আমাক ব্ৰইলাৰ কুকুৰাৰ দৰে খাবলৈ দানা দি আমাৰ সকলো স্বাধীনতা কাঢ়ি লৈ নাযাব বুলি। কিয় বিশ্বাস কৰি ললে যে এই জনপ্ৰতিনিধি সকলে নিজৰ বিফলতা ঢাকিবলৈ আমাক সময়ে সময়ে ধৰ্মৰ নামত, জাত-পাতৰ নামত বা অন্যান্য আজুহাতত ব্ৰইলাৰ মুৰ্গীৰ দৰে হত্যা নকৰিব বুলি?
লগতে পঢ়ক থলুৱা আৰু আধুনিক সংগীতৰ ফিউজনেৰে অসমীয়া সংগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা এগৰাকী শিল্পী
এতিয়া আহকচোন, আমাৰ জনপ্ৰতিনিধি সকলৰ শিক্ষাগত অৰ্হতাৰ অলপ পৰ্যালোচনা কৰো। আমাৰ এইবাৰৰ ২ জন বিধায়ক মাত্ৰ অষ্টম শ্রেণী লৈকে পঢ়া। ১২ জন দশম শ্ৰেণীলৈকে পঢ়া আৰু ২০ জন উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে পঢ়া। অৰ্থাৎ ৩৪ জন বিধায়ক স্নাতকো নহয়। কি আশা কৰিব পাৰি এইসকল নিম্নশিক্ষিত আৰু অৰ্দ্ধ শিক্ষিত জনপ্ৰতিনিধিৰ পৰা?
বুদ্ধিমত্তা, বৌদ্ধিক জ্ঞান, বৈজ্ঞানিক চিন্তাধাৰা নে কুসংস্কাৰ, অন্ধ বিশ্বাস, জাত-পাত আৰু ধৰ্মীয় সংকীৰ্ণতা? অসমীয়াই ভাবি চাবৰ হল।
আমাৰ সমাজৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ এটাৰ ওপৰত অসমৰ ৰাইজে লোৱা সিদ্ধান্তৰ কিছু পৰ্যায়লোচনা কাৰো আহক। আমি অসমীয়াই, মহিলাক সম ব্যৱহাৰ আৰু সম অধিকাৰ প্ৰদান কাৰো বুলি গৰ্ব কাৰো। আমি মহিলাক বোৰ্খা বা ঘোঙঘটৰ বন্দীত্বৰে আবদ্ধ কৰি নাৰাখি, পুৰুষ মহিলাই সমানে সমাজ আৰু জাতি গঢ়াৰ পথত আৰু পণত আগবাঢ়ি যাওঁ বুলি ভাবো। অথচ, প্ৰকৃততে আমি কৰা এই দাবী সমূহৰ ৰাজনৈতিক প্ৰতিফলন আমাৰ নিৰ্বাচন সমূহত কেনেদৰে ঘটিছে লক্ষ্য কৰিলে আমি আমাৰ ‘পুৰুষ বৰ’ মানসিকতাৰ প্ৰতিফলন সকলো দিশতে দেখিবলৈ পাম।
২০১১ চনৰ নিৰ্বাচনত মুঠ ১২৬ জনৰ ভিতৰত মাত্ৰ ১৪ গৰাকী মহিলাক বিধায়ক হিচাবে অসমৰ বিধানসভালৈ নিৰ্বাচিত কৰা হৈছিল। ২০১৬ চনত এই সংখ্যা কমি আহি ৮ গৰাকী হল। বৰ্তমান, ২০২১ ৰ নিৰ্বাচনত অসমৰ জনগণে মাত্ৰ ৬ গৰাকী মহিলাকহে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। কিয় এনে হৈছে বাৰু অসমত? অসমৰ জনসাধাৰণে এখন মহিলা বিহীন গণতন্ত্ৰৰ সপোন দেখিছা নেকি?
ৰাজনৈতিক দল বিলাকৰ লগত এই বিষয়ত কথা পাতিলে ঘৰিয়ালৰ চকুপানীৰে ভৰি পৰে। নিৰ্বাচনত মহিলাৰ ভোটতো তেওঁলোকক ঠিকেই লাগে, কিন্তু মহিলাক সমান ৰাজনৈতিক অধিকাৰ দিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ পিছুৱাই আহে। এতিয়া ভাৰতবৰ্ষত বিৰোধীহীন এনে এখন চৰকাৰ আছে, যি ইচ্ছা কৰিলে মহিলাৰ আৰক্ষণৰ বিলখন এদিনতে পাছ কৰিব পাৰে আৰু বিধানসভা, লোকসভা আৰু ৰাজ্যসভাত অন্ততঃ ৩৩ শতাংশ মহিলাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব পাৰে। কিন্তু বৰ্তমানৰ চৰকাৰ খনে গৰু সুৰক্ষাৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিয়ে, মহিলাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাত তাৰ আধাও গুৰুত্ব নিদিয়ে। দুৰ্ভাগ্যৰ কথা।
যিকি নহওঁক, এতিয়া প্ৰশ্ন হল, অসমৰ জনসাধাৰণে নিশ্চিত ভাৱে জনপ্ৰতিনিধি সকলৰ এনে এটা মানদণ্ড বিচাৰিছিল নে বাৰু? ক্ৰমাৎ অধিক অপৰাধৰ গোচৰত অভিযুক্তক অসমীয়াই বিধায়ক কৰিব বিচাৰিছিলনে, ক্ৰমাৎ ধনী মানুহ খিনিৰ হাতত আমাৰ গণতন্ত্ৰক সপি দিব বিচাৰিছিলনে? অসমীয়াৰ জনপ্ৰতিনিধি সকল অৰ্ধশিক্ষিত, অশিক্ষিত হওক তাক বিচাৰিছিলনে? অসমৰ শাসন তন্ত্ৰৰ পৰা মহিলা সকল বাহিৰ হৈ যাওক, সেইয়া বিচাৰিছিলনে? যদি এই সকলো প্ৰশ্নৰ উত্তৰ ‘না’ হয়, তেন্তে অসমীয়াই, জৰুৰী ভাবে ভোটদানৰ সময়ত কৰা নিজৰ ব্যৱহাৰক পুনৰ বিশ্লেষণ কৰিবৰ হল।
(লেখক অসম ইলেকচন ৱাৰ্টচৰ ৰাজ্যিক সম্বন্বয়ক)