কোনে মোক তুলি-তালি কৰিলে ডাঙৰ
মৌ সনা মিঠা মাতে পাহৰি ভাগৰ…
মা হৈছে পৃথিৱীৰ আটাইতকৈ প্ৰিয় শব্দ। মা এটি মাথোঁ শব্দ নহয়; য’ত আৱেগ অনুভতি, অগাধ মৰম, ধৈৰ্যৰ ভঁৰাল,দুখ-কষ্ট সোমাই থাকে সেইগৰাকীয়ে হৈছে মা।
আজি হৈছে মাতৃ দিৱস। এটা শিশুক জন্মৰ পৰা মমতাৰ এনাজৰীৰে বান্ধি তুলি-তালি ডাঙৰ কৰাৰ ভূমিকা এগৰাকী মাতৃয়েই পালন কৰে। প্ৰত্যেকগৰাকী নাৰীয়েই হৈছে অতীত,বৰ্তমান আৰু ভৱিষ্যতৰ একো একোগৰাকী মাতৃ।
এটা শিশুক ন মাহ দহ দিন গৰ্ভত ৰখাৰ পৰা আৰম্ভ কৰি, সীমাহীন বেদনা সহ্য কৰি এটি শিশুক ভূমিষ্ঠ কৰে, জন্মৰ পাছত শিশুটোক লালন-পালন কৰি, উপযুক্ত শিক্ষা প্ৰদান কৰা, সমাজৰ বাবে সু-নাগৰিক হিচাপে গঢ়ি তুলা, উচিত সময়ত চাকৰি, বিয়া আদি সকলো শাৰীৰিক মানসিক সকলো কষ্ট সহ্য কৰি সন্তানৰ বাবে সকলো কৰিব সাজু থাকে এগৰাকী মাতৃয়ে।
প্ৰত্যেক শিশুৰ প্ৰথম শিক্ষক গৰাকীয়েই হৈছে মা। অ আ…ক খ… ১ ২… প্ৰাথমিক শিক্ষা নিজ মাতৃৰ পৰাই শিশু এটিয়ে লাভ কৰে।
মা শব্দটো সঁচাকৈ অতি শুৱলা শব্দ। এগৰাকী মাতৃয়ে নিজ সন্তানৰ বাবে কত ৰাতি উজাগৰে, ভোকে-পিয়াহে পাৰ কৰে। সন্তানৰ বেমাৰে-আজাৰে সকলো সময়ত মাতৃগৰাকীয়ে বহু নিশা উজাগৰে কটাব লগীয়া হয়। মা এইগৰাকীয়ে হয় যি নিজেই ভোকত থাকে অথচ সন্তানক ভোকত থাকিব নিদিয়ে।
ইমানখিনি ত্যাগ কৰাৰ পাচত এগৰাকী মাতৃয়ে এটা শিশুৰ পৰা কেৱল মৰম বিচাৰে কিন্তু যান্ত্ৰিকতাৰ গ্ৰাহত আজিকালিৰ শিশুয়ে নিজ মাতৃক এষাৰ মাত নিদিয়ে। বৰ্তমান সময়ত বহু মাতৃয়ে পুত্ৰ-বোৱাৰীৰ দুখ-কষ্ট সহ্য কৰিব নোৱাৰি বৃদ্ধাশ্ৰমত থাকিব লগা হয়।
আইৰ সমান হ’ব কোন
নৈৰ সমান বব কোন…
বৰ্তমান সময়ত আমি বিভিন্ন সামাজিক মাধ্যম, বাতৰি আদিত দেখিবলৈ পাওঁ যে নিজ মাতৃক পুত্ৰ-জীয়ে থৈ আহে বৃদ্ধাশ্ৰমত। এয়া জানো গ্ৰহণযোগ্য হয় এখন সুষ্ট সমাজৰ বাবে? সকলোলৈ এয়াই অনুৰোধ যাতে কোনো বৃদ্ধ অভিভাৱকৰ শেষ বাসস্থান বৃদ্ধাশ্ৰম নহয়, নিজ গৃহত যাতে শান্তিৰে কটাব পাৰে।
প্ৰত্যেক মাতৃয়ে যিদৰে সন্তানক ভূমিষ্ঠ হোৱাৰে পৰা মৰমেৰে ডাঙৰ কৰে ঠিক সেইদৰেই মাতৃগৰাকীয়েও বৃদ্ধ বয়সত নিজ সন্তানৰ পৰা বিচাৰে সেই মৰম, আদৰ। মাতৃ আৰু সন্তানৰ মাজত এই মৰম সদায় অতুত থাকক।
শেষত সকলো মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা থাকিল।