নাজিৰাঃ এগৰাকী পঞ্চাশ উৰ্দ্ধৰ মহিলাৰ ব্যতিক্ৰমী প্ৰয়াস। শিৱসাগৰৰ হাঁহচৰা জাঠিপটীয়া গাঁৱৰ নিৰু ফুকন গগৈ নামৰ মহিলাগৰাকীয়ে দাঙি ধৰিছে কৰ্মদক্ষতাৰ এক উৎকৃষ্ট নিৰ্দশন।

নিৰু ফুকন গগৈয়ে একঠা মাটিত বৃহৎ বেলিফুলৰ খেতি কৰি উপাৰ্জনৰ পথ বাচি লৈছে।

অকল বেলি ফুলেই নহয় এশৰো অধিক কুকুৰা পালন, মৌ পালনৰ লগতে প্ৰায় একঠা মাটিত কলৰ বাৰী, বিভিন্ন শাক-পাচলিৰ খেতি কৰি স্বাৱলম্বী হৈ উঠিছে ।

আৰু পঢ়কঃনাজিৰাত দুগ্ধ বিপণী মুকলি

বৰ্তমান সময়ত চাকৰি বিচাৰি হতাশ হোৱা নিবনুৱা যুৱক-যুৱতীৰ বাবে নিৰু ফুকন এক পথপ্ৰদৰ্শক।

পঞ্চাশ বছৰ উৰ্দ্ধৰ হৈয়ো ঘৰতে অবাবতে সময় নষ্ট নকৰি কৰ্মদক্ষতাৰে স্বাৱলম্বী হৈ নিজৰ পৰিয়ালকো সুন্দৰকৈ পোহপাল দি আছে নিৰু ফুকন গগৈয়ে।

নিৰু ফুকন গগৈৰ আমাৰ সমাজৰ বাবে এক আদৰ্শ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply