দীপক কুমাৰ দাস: বিশ্বত দ্ৰুতগতিত বৃদ্ধি পাই আছে হাৰ্ট এটেক তথা হৃদৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা । বিশ্বজুৰি ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ ভিতৰত ৩২ শতাংশ হৃদৰোগ সম্পৰ্কীয় ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ।
হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত হৃদযন্ত্ৰ বিকল হৈ যায়।ফলত ৰোগীৰ অকাল মৃত্যু ঘটে।বৰ্তমানৰ চিকিৎসা পদ্ধতিয়ে হৃদযন্ত্ৰ সঠিক কৰি তোলাত কিছু পৰিমাণে বিফল হোৱা দেখা যায় ।এই বিফলতাৰ আত বিচাৰি গবেষকে এক নতুন চিকিৎসা পদ্ধতি উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে ।যাৰ জৰিয়তে বিশ্বৰ লক্ষ লক্ষ জনৰ জীৱনলৈ আশা কঢ়িয়াই আনিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউস্টনৰ বে”লৰ কলেজ অব মেডিচিনৰ গবেষক লিছা কে মুলানীয়ে প্ৰকাশ কৰা মতে,হাৰ্ট এটেকৰ পাছত হৃদযন্ত্ৰ বিকল হৈ গৈ থকা প্ৰক্ৰিয়াটোক প্ৰতিৰোধ কৰাৰ বাবে ফলপ্ৰসু আৰু সুৰক্ষিত নতুন চিকিৎসা পদ্ধতিৰ উদ্ভাৱন চিকিৎসা ক্ষেত্ৰখনত অবিস্মৰণীয় ।নতুন চিকিৎসা পদ্ধতিত মলেকুল ‘এমচিবি ৬১৩ “এ হাৰ্ট টিছু মেৰামতি কৰে।
গুৰুতৰ হাৰ্ট এটেকৰ পাছত হাৰ্ট টিছু মেৰামতি কৰে আৰু যিয়ে হৃদযন্ত্ৰ বিকল হোৱা প্ৰক্ৰিয়াটোক বাধা দিয়ে ।হাৰ্ট এটেকৰ পাছত ঘন্টাৰ ভিতৰতে এমচিবি ৬১৩ প্ৰয়োগ কৰিলে বিষকে ধৰি জটিলতাসমূহ হ্ৰাস পাবলৈ ধৰে। হৃদযন্ত্ৰৰ ক্ৰিয়া নিম্নগামী হোৱাত প্ৰতিৰোধ কৰিবলৈ সক্ষম হয়।হাৰ্ট টিছু মেৰামতি কৰি পৰবৰ্ত্তী হাৰ্ট এটেক প্ৰতিৰোধ কৰিব পাৰি।
উল্লেখ্য যে হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত বিশ্বত অনেক লোকৰ মৃত্যু ঘটে । ৰোগত মৃত্যু ঘটা লোকৰ ভিতৰত ৩২ শতাংশই হৃদৰোগত মৃত্যু ঘটে ।ইয়াৰ ভিতৰত ৮৫ শতাংশৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ।হাৰ্ট এটেকৰ নতুন চিকিৎসা পদ্ধতি উদ্ভাৱন চিকিৎসা বিজ্ঞানৰ অন্যতম সাফল্য ।
লগতে পঢ়ক বিশিষ্ট অধিবক্তা তথা ক্ৰীড়া সংগঠক নিলয় দত্তৰ দেহাৱসান