কেইমাহমান আগত মৰক্কোৰ প্ৰশিক্ষক ৱালিদ ৰিগ্ৰেগিক সাংবাদিকে সুুধিছিল- আপোনালোকে বিশ্বকাপ জিকিব পাৰিবনে? ৰিগ্ৰেগিয়ে কৈছিল- কিয় নোৱাৰিম? সেই সময়ত এই উত্তৰক হয়তো বহুতে ধেমালি বুলি লৈছিল ৷ আজিৰ তাৰিখত ল’ব নোৱাৰে ৷ আফ্ৰিকাৰ প্ৰথমখন দেশ হিচাপে মৰক্কো এতিয়া বিশ্বকাপৰ অন্তিম চাৰিখন দেশৰ মাজত ৷ আন তিনিখন হৈছে প্ৰাক্তন বিশ্ব চেম্পিয়ন, বৰ্তমানৰ বিশ্ব চেম্পিয়ন আৰু যোৱাবাৰৰ ৰাণাৰ্ছআপ ৷ সেই অভিজাত গোটত নিজৰ যোগ্যতাৰ বলত স্থান ল’লে মৰক্কোৱে ৷ প্ৰথমে বেলজিয়াম, তাৰ পাছত স্পেইন আৰু কালি পৰ্তুগাল ৷

বিশ্ব ফুটবলৰ তিনিটা হেভীৱেইট শক্তিক পৰাস্ত কৰাৰ পাছত মৰক্কোৰ যোগ্যতাক লৈ প্ৰশ্ন উঠিবই নোৱাৰে ৷ ৰিগ্ৰেগিয়ে সঠিকভাৱেই মৰক্কোৰ এই স্বপ্নৰ দৌৰ বিশ্লেষণ কৰি কৈছে যে সীমিত সম্পদ আৰু সীমিত প্ৰতিভাৰে কেনেকৈ জয় আনিব পাৰি তাৰ চিৰস্মৰণীয় উদাহৰণ হৈ ৰ’ব মৰক্কো ৷ কালি নিশাও মৰক্কোৰ হাতত পৰ্তুগালৰ প্ৰতিভাৰ ভিৰক ৰুধিবলৈ সেই ৰণনীতিৰ বাদে ৰিগ্ৰেগিৰ হাতত একো নাছিল ৷ নাছিল দলৰ নিৰ্ভৰযোগ্য ডিফেণ্ডাৰ চেন্টাৰ বেক নায়েফ আগাৰ্ড আৰু ফুলবেক নৌছেৰ মাজ্ৰাৱি ৷ দুয়োৰে আঘাত ৷ তথাপি ছুইজাৰলেণ্ডক ৬ গ’ল দি কোৱাৰ্টাৰ ফাইনেললৈ অহা পৰ্তুগালৰ বিৰুদ্ধে ৰিগ্ৰেগিয়ে লৈছিল আক্ৰমণাত্মক ৪-৩-৩ ফৰ্মেচন।

মাজ্ৰাৱিৰ সলনি লেফটবেক পজিচনত অনা হৈছিল ইউৰোপৰ সলনি মৰক্কোতে কেৰিয়াৰৰ বেছিভাগ সময় কটোৱা য়াহিয়া আটিয়াট-আল্লাক ৷ তাৰকা ৰাইটবেক আশ্ৰফ হাকিমিৰ নেতৃত্বত ৰক্ষণৰ দায়িত্ব আছিল গনচালো ৰামোছ, জোৱাও ফিলিক্স আৰু ব্ৰুনো ফাৰ্ণাণ্ডেজৰ আক্ৰমণ ৰোধৰ অন্তিম দেৱাল হোৱা ৷ অৱশ্যে মূল দায়িত্ব আছিল য়াহিয়াৰ ৷ কিয়নো পৰ্তুগালৰ মূল শক্তি আছিল ফাৰ্ণাণ্ডেজ, বাৰ্ণাডো ছিলভা আৰু ডিয়েগো ডালোটেৰে গঠিত সোঁদিশ ৷ মিডফিল্ডত অৱধাৰিতভাৱেই খেলৰ গতি নিয়ন্ত্ৰণ আৰু বল দখলত নাথাকিলে পৰ্তুগালৰ মুভ বিফল কৰাৰ দায়িত্ব আছিল ছোফিয়া আম্ৰাবতৰ ৷ জিয়েক, এন নাছিৰি আৰু বৌফালে চম্ভালিছিল আক্ৰমণ ৷

ইয়াৰ বিপৰীতে ক্ৰিষ্টিয়ানো ৰোণাল্ডোক বেঞ্চত বহুৱাই থ’লেও পৰ্তুগীজ প্ৰশিক্ষক ফাৰ্ণাণ্ডো ছান্টোছৰ হাতত আছিল অনেক বিকল্প ৷ ৪-৩-৩ ফৰ্মেচনত খেলা পৰ্তুগালে আৰম্ভণিৰেপৰা ফিলিক্স, ফাৰ্ণাণ্ডেজ আৰু ৰামোছৰ নেতৃত্বত আক্ৰমণ কৰিবলৈ লয় ৷ বল দখলত ৰাখি মৰক্কোৰ বক্সৰ ভিতৰত সোমাবলৈ আৰম্ভ কৰে ৷ কিন্তু ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা মসৃণ আক্ৰমণৰ পুনৰাবৃত্তি নহ’ল ৷ তাৰ কাৰণ হৈছে ফাৰ্ণাণ্ডেজ, ছিলভা আৰু ডালোটৰ সোঁদিশ বীৰোচিতভাৱে অকামিলা কৰি ৰাখিছিল য়াহিয়া আৰু আম্ৰাবতে ৷ পৰ্তুগীজ বল দখল ইমানে আছিল যে চেন্ট্ৰেল মিডফিল্ডাৰ হৈও আম্ৰাবতে ৯০ মিনিটত মাত্ৰ ৩২ বাৰ বল স্পৰ্শ কৰিছিল ৷ কিন্তু যেতিয়াই বল দখল কৰিছিল আগুৱাই আক্ৰমণ কৰিছিল আৰু এটা সম্পূৰ্ণ গ’লৰ সুযোগ তৈয়াৰো কৰিছিল ৷ মূল কামটো তেওঁ কৰিছিল ৰক্ষণ বিভাগক সহযোগত ৷ ৮বাৰ বল পুনৰ দখল আৰু তিনিবাৰ টেক্‌ল কৰি তেওঁ পৰ্তুগীজ আক্ৰমণ প্ৰতিহত কৰিছিল ৷

ৰক্ষণৰ আন এক স্তম্ভ হাকিমিয়ে নবাৰ বল পুনৰ দখল কৰিছিল আৰু তিনিবাৰ সফল টেক্‌ল কৰিছিল ৷ তাৰ মাজতে ৪২ মিনিটত মৰক্কোৱে এটা প্ৰত্যাক্ৰমণত অগ্ৰগতি লয় ৷ য়াহিয়াই বাঁওদিশৰপৰা এটা ক্ৰছ এৰে আৰু পৰ্তুগীজ গ’লকীপাৰ ডিয়েগো কোষ্টাই পজিচনিঙত ভুল কৰি ওলাই আহে ৷ তাৰে সুযোগত এন-নাছিৰিয়ে শূন্যত একপ্ৰকাৰ ওপঙি এটা দুৰ্ধৰ্ষ হেডিঙেৰে স্ক’ৰ কৰে ৷ তাৰ পাছত পৰ্তুগালে সমতা স্থাপনৰ অলেখ চেষ্টা চলায় ৷ সুযোগো পায় ৷ কিন্তু মৰক্কোৰ ৰক্ষণে যদি বেছিভাগ আক্ৰমণ ব্যৰ্থ কৰে আন কিছু নষ্ট হয় পৰ্তুগালৰ ফিনিশ্বিঙৰ দুৰ্বলতাৰ বাবে ৷ কেইবাবাৰো ৱান অন ৱান ছেভ কৰে মৰক্কোৰ গ’লকীপাৰ য়াছিন ব’ন’ৱে ৷ ৮ মিনিটৰ ইনজুৰী টাইম আৰু ডিফেণ্ডাৰ ছেইছৰ ৰেডকাৰ্ডৰ পাছত মৰক্কোৱে অগ্ৰগতি হেৰুৱাব বুলি ভবা হৈছিল যদিও দৃঢ়তা আৰু একাগ্ৰতাৰপৰা এচুলিমানো বিচ্যুত নহ’ল তেওঁলোক ৷ এবাৰলৈও তেওঁলোকক দেখা নগ’ল বিব্ৰত ৷ লক্ষ্যৰ প্ৰতি ইমানেই স্থিতপ্ৰজ্ঞ মনোভাৱ মৰক্কোৰ ৷

এনেই তেওঁলোকক এটলাছ সিংহ কোৱা নহয়! সিংহৰ গৰ্জনেৰেই অৱশেষত ইতিহাসৰ পৃষ্ঠাত চিৰদিনলৈ নিজৰ নাম লিখি মৰক্কো প্ৰৱেশ কৰে ছেমিফাইনেলত ৷ নক’লেও হ’ব এয়া কোনো চমক নহয়। বা ভাগ্যৰ বল নহয় । বৰং এয়া ঘাম, আত্মবিশ্বাস আৰু সাহসৰ ফল ৷ ছেমিফাইনেলত ফ্ৰান্সৰ প্ৰত্যাহ্বান হয়তো হ’ব বেলেগ মাত্ৰাৰ। কিন্তু গৰ্জনৰ বাবে সাজু সিংহ ৷ ইতিমধ্যে টুইটাৰত হাকিমিয়ে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ সতীৰ্থ কিলিয়ান এমবাপ্পেক কৈছে- শীঘ্ৰে দেখা হ’ব বন্ধু! ৰিগ্ৰেগিৰ ভাষাত- মৰক্কোৰ সপোন অন্ত পৰা নাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply