সম্পাদকীয়

হঠাৎ কালি সন্ধিয়া মোবাইলৰ স্ক্ৰীণত, টেলিভিছনৰ স্ক্ৰীণত ব্ৰেকিং নিউজ বাজি উঠে – ৰাজস্থানৰ উদয়পুৰত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে।

দুজন যুৱকে এখন কাপোৰ সিঁয়া দোকানত প্ৰৱেশ কৰে। গোটেই ঘটনাটো ভ্লগৰ দৰেকৈ এজনে ৰেকৰ্ড কৰে। আনজন যুৱকে কাপোৰৰ জোখ দিয়াৰ চলেৰে দোকানীজনক হঠাতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে, মানুহজন মাটিত ঢলি পৰে, হত্যাকাৰীয়ে হাতৰ চোকা অস্ত্ৰৰে শিৰচ্ছেদ কৰে আৰু সেই ঠাইৰ পৰা বাইকেৰে আঁতৰি যায়।

মুহুৰ্ত্ততে এলেকাটো লোকে লোকাৰণ্য হয়। হুৱা-দুৱা লাগে। কিছুসময় পিছত ছ’চিয়েল মিডিয়াত আন এক ভিডিঅ’ ভাইৰেল হৈ পৰে। এই ভিডিঅ’ত দুয়োটা হত্যাকাৰীয়ে এই হত্যাকাণ্ড সম্পন্ন কৰি পৰম গৰ্বেৰে ধৰ্মীয় সংহতি ৰক্ষাৰ বাবে ‘কাফিৰ’ক হত্যা কৰা বুলি উল্লেখ কৰে। লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো একেধৰণে শিৰচ্ছেদ কৰাৰ ইচ্ছা আৰু লক্ষ্যৰ কথা কয়।

ইয়াৰ পিছতে ৰাজস্থান আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে দুই অপৰাধীক।

সমান্তৰালকৈ ৰাজস্থানৰ বিভিন্ন স্থানত প্ৰতিবাদ, প্ৰতিবাদী সমদল, অগ্নিসংযোগৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হয়।

পৰিতাপৰ বিষয়, এই দুই অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীৰ ওপৰত শিল নিক্ষেপৰ দৰে ঘটনাৰ বিভিন্ন পোষ্ট এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বাতৰিৰ দৃষ্টিকোণেৰে এই সমগ্ৰ ঘটনা এক শিহৰণকাৰী পেকেজ বা প্ৰতিবেদন হ’লেও ইয়াৰ আঁৰত গঢ় লৈ উঠা ধৰ্মীয় গোড়ামিয়ে কিন্তু এক ভয়ংকৰ দিনৰ উমান দিছে। টুইটাৰত প্ৰকাশ পোৱা অনুসৰি এই হত্যাকাণ্ডৰ ভাবুকি দি হত্যাকাৰীদ্বয়ে এসপ্তাহ আগতেই ভিডিঅ’ এটা প্ৰচাৰ কৰিছিল।

এই হত্যাকাণ্ড হঠাত হোৱা উত্তেজনাৰ ফল নহয়। বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাই পয়গম্বৰ হজৰত মহম্মদ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য আৰু সেই মন্তব্যৰ সমৰ্থনত কেবাদিন পূৰ্বেই এক হোৱাটছএপ্প ষ্টেটাছ দিছিল হত্যাৰ বলি হোৱা কানহাইয়ালালে। জী-নিউজৰ বাতৰি মতে কানহাইয়ালালৰ পুত্ৰই পিতৃৰ মোবাইলেৰে আপলোড কৰা সেই পোষ্ট সম্পৰ্কে অৱগত নাছিল কানহাইয়ালাল।

কানহাইয়ালালে মৃত্যু ভয়ত থানাত দাখিল কৰা এজাহাৰৰ প্ৰতিলিপি। উৎস : টুইটাৰ

অৰ্থাৎ এই হত্যাকাণ্ড এক পূৰ্বপৰিকল্পিত, ধৰ্মীয় গোড়ামিৰ চূড়ান্ত ফল। ইতিমধ্যে এই ঘটনাত সমগ্ৰ দেশতে এক উৎকন্ঠাময় পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন নেতা-দল-সংগঠন আনকি বিদেশৰ বহু সংগঠনেও গভীৰ উষ্মা প্ৰকাশ কৰিছে এই ঘটনাত।

সমগ্ৰ ঘটনা আজি ৰাজস্থান আৰক্ষীৰ সঞ্চালক প্ৰধানে সংবাদমেলৰ জৰিয়তে অৱগত কৰিছে।

নূপুৰ শৰ্মাৰ বক্তব্যই আজিও সমগ্ৰ দেশতে এক চেঁপা উত্তেজনা বৰ্তাই ৰাখিছে। এই সমগ্ৰ ঘটনাত কাৰ কি ইন্ধন আছে সেই লৈ আলোচনা কৰিবলৈ বিচৰা নাই। কিন্তু ধৰ্মীয় গোড়ামিয়ে যে চৰম সীমা অতিক্ৰম কৰিব পাৰে, তাৰ প্ৰমাণ ইতিহাসে সদায় দি আহিছে, কালিও দিলে। হিন্দুৱেই হওক কিম্বা মুছলমানেই হওক। মন্দিৰ-মছজিদ কৰি, কাফিৰ বা সন্ত্ৰাসবাদী বুলি ইটোৱে সিটোক দোষ জাপিয়েই ৰাজনীতি চলি থাকিব। ধনৰ লেনদেন হৈ থাকিব। ইজনে সিজনক হত্যা কৰিয়েই থাকিব। কিন্তু ইয়াৰ ফলত লাভৱান্বিত হ’ব কোন? আপোনাৰ মোৰ দৰে সৰ্বসাধাৰণ। এই জিঘাংসাত কেতিয়াও আছাদুদ্দিন ওৱেইছি বা যোগীৰ আহুতি নহয়। কোনো হানি বিঘিনি নহয়। মৰিম আপোনাৰ মোৰ দৰে দৰ্জী, কোনোবা ঋতুপৰ্ণ পেগুৰ দৰে দুৰ্ভগীয়া পিতৃ, কোনোবা ছামছুদ্দিনৰ দৰে দৰিদ্ৰ কৃষক। এই জিঘাংসাত কেতিয়াবা নূপুৰ শৰ্মা বাচি যাব, সচা কথা কৈ মহম্মদ জুবেইৰৰ দৰে আপোনাৰ মোৰ দৰে সাংবাদিকো ফচি যাব। মুঠতে ধৰ্মৰ নামত খেলা চলি থাকিব। আপুনি কাপোৰ নিসিঁলে দুবেলা দুমুঠি নিমিলিব, পাচলিৰ বজাৰলৈ নগ’লে মহেন্দ্ৰ দাসৰ সন্তান লঘোনে থাকিব, গৰুখুটিত মৰমৰ ঘৰটো ভাঙি দিওতে নিশ্চুপ হৈ নাথাকিলে পীৰ মহম্মদে প্ৰাণ এৰিব লাগিব। এনে বহু মানুহৰ নাম মনলৈ আহিছে, যিয়ে কেৱল ধৰ্মীয় গোড়ামি, ৰাজনৈতিক পাশাৰ কড়ি কিম্বা সাম্প্ৰদায়িক উচতনিৰ বলি হৈ গ’ল। তেওঁলোকৰ নাম লৈ লৈ ৰাজনীতি চলি থাকিল, চলিয়েই থাকিব। তাত আপুনি-মই-আমি উদগনি দিয়েই থাকিম। কাৰণ এতিয়াও আমি অবুজ যে কাম নকৰিলে আমাৰ চৌকা নজ্বলে, ধৰ্মৰ নামত আমাৰ পেট নভৰে।

ৰাজস্থানত এতিয়া কংগ্ৰেছ চৰকাৰ। ২০২৩ চনত তাত বিধানসভা নিৰ্বাচন। মহাৰাষ্ট্ৰৰ দৰেকৈ ৰাজস্থানতো অপাৰেশ্যন লোটাছ কাৰ্যকৰী কৰাৰ বাবে বিজেপি নেতৃত্বই টাৰ্গেট বান্ধি লৈছে। ৰাজস্থান চৰকাৰ ভঙাৰ বাবে ইতিমধ্যেই কংগ্ৰেছী বিধায়কসকলৰ মাজত বিজেপিৰ নৱৰত্নৰ নেতৃত্বত কাম আৰম্ভ হৈছে বুলিও বু-বা ওলাইছে। তেনে এক অভিযোগৰ ভিত্তিত জয়পুৰ আদালতে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱতলৈ জাননীও জাৰি কৰিছে। আৰু এনে এক সময়তে ৰাজ্যখনৰ উদয়পুৰত সংঘটিত হল এই ভয়ংকৰ হত্যাকাণ্ড। মাত্ৰ এটা বিতৰ্কিত মন্তব্যৰ সমৰ্থন কৰাৰ অজুহাততে এগৰাকী লোকক হত্যা, তাৰ পিছত ধৰ্মীয় ৰহন সানি ইটোৰ পিছত সিটো ভিডিঅ’ প্ৰকাশ। এইবোৰে কিহৰ ইংগিত বহন কৰিছে, সেয়া নিশ্চিতভাৱে বিশ্লেষণৰ থল আছে। কংগ্ৰেছ শাসিত ৰাজস্থান চৰকাৰে দুয়োটা অপৰাধীৰ ক্ষেত্ৰত আইনগত ব্যৱস্থা লোৱাৰ পূৰ্বেই সমগ্ৰ ঘটনাৰ ওপৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে হস্তক্ষেপ কৰিছে। নিয়াক দায়িত্বও দিয়া হৈছে। এছআইটি গঠনো কৰা হৈছে। এতিয়া নিয়াই এই ঘটনাত কোনো সন্ত্ৰাসবাদীৰ দৃষ্টিকোণ আছে নেকি পৰীক্ষা কৰিব।

শেষত, মহাৰাষ্ট্ৰৰ দৰে একেধৰণৰ ৰাজনৈতিক অস্থিৰতা ৰাজস্থানত সৃষ্টি হোৱাৰ প্ৰাকক্ষণতেই সাম্প্ৰদায়িক ৰঙেৰে হোৱা এই হত্যাকাণ্ডৰ পৰৱৰ্তী পৰিস্থিতি বিচক্ষণতাৰে মোকাবিলা কৰিব নোৱাৰিলেই ইয়াৰ স্ফুলিংগ যে সমগ্ৰ দেশতে বিয়পি সেয়া নিশ্চিতপ্ৰায়। এই ধৰ্মীয় উগ্ৰতা ইমানতেই স্তব্ধ কৰিব নোৱাৰিলেই দেশত অনাগত দিনত যে এক সাম্প্ৰদায়িক বিভীষিকাৰ সৃষ্টি হ’ব সেয়া নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,385 other subscribers

Leave a comment

Leave a Reply Cancel reply