ঘামত চাৰ্জ হ'ব স্মাৰ্টৱাচ্চ

দীপক কুমাৰ দাস: আধুনিক মানৱে ব্যবহৃত সামগ্ৰীত নিত্য নতুন প্ৰযুক্তিৰ প্ৰয়োগ কৰা হয়। শেহতীয়াকৈ স্মাৰ্টৱাচ্চত নতুন প্ৰযুক্তিৰ বেটাৰী প্ৰয়োগ কৰা হৈছে। স্মাৰ্ট ৱাচ্চত ব্যবহৃত বেটাৰী ঘামৰ দ্বাৰা চাৰ্জ হৱ। প্ৰথম বাৰৰ বাবে বেটাৰী মানুহৰ শৰীৰৰ ঘামৰ দ্বাৰা চাৰ্জ হোৱা প্ৰযুক্তিৰ উদ্ভাৱন কৰা হৈছে।

চিংগাপুৰ নানয়াঙ টেকন’লজিকেল ইউনিভাৰ্ছিটিৰ অভিযন্তাৰ দল এটিয়ে নতুন প্ৰযুক্তিৰ বেটাৰী প্ৰস্তুত কৰিছে। এই বেটাৰীতো মানৱ দেহৰ ঘামৰ পৰা চাৰ্জ হ’ব। মাত্ৰ দুই মিলি লিটাৰ ঘামৰ দ্বাৰা বেটাৰীটো চাৰ্জ হোৱাৰ পিছত এই চাৰ্জ ২৪ঘন্টা ধৰি চলি থাকিব।

০,৮ বৰ্গ ইঞ্চিৰ বেটাৰীতো ব্স্ত্ৰৰ পৰা প্ৰস্তুত কৰা হৈছে। চিংগাপুৰ নানয়াঙ টেকন’লজিকেল বিশ্ববিদ্যালয়ৰ অধ্যাপক লিয়ে প্ৰকাশ কৰা মতে,প্ৰিন্টিং ইলেকট্ৰ’ডছৰ পৰা ৰবৰৰ লেখীয়া বস্ত্ৰৰ দ্বাৰা বেটাৰীতো তৈয়াৰ কৰা হয়। বিশ্ববিদ্যালয়খনৰ অভিযন্তাৰ দলটোৱে প্ৰথমে এই প্ৰযুক্তিৰ বেটাৰীৰ পৰীক্ষণ কৃত্ৰিম মানৱ ঘামৰ জৰিয়তে চলায়।

এই পৰীক্ষণত ঘামৰ পৰা বেটাৰীত ৩.৫৭ ভল্ট উৎপাদন হয়। পৰবৰ্তী এজন লোকৰ দেহত এই পৰীক্ষণ চলায়। লোকজনৰ হাতৰ গাঁঠিত এই বেটাৰীতো পিন্ধাই দিয়া হয়।বেটাৰীতো বেন্দেজৰ দৰে পটিৰ আকাৰৰ । পৰীক্ষণৰ সময়ত চাইকেল চালনা আৰু ব্যায়ামৰ সময়ত ৩০ মিনিট এই বেটাৰীতো পিন্ধাই ৰখা হয়।লোকজনৰ দেহৰ ঘামত বেটাৰীটোত ৪.২ ভল্ট উৎপাদন হয় আৰু ইয়াক বিদ্যুৎ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

ঘামত চাৰ্জ হ’ব বেটাৰী

নতুন প্ৰযুক্তিৰ বেটাৰীটো অনেক কাৰণত সুবিধাজনক হ’ব। ই পৰবৰ্তী সময়ত বিভিন্ন যন্ত্ৰ-সজুলিত প্ৰয়োগ হ’ব। অতি ক্ষুদ্ৰাকৃতিৰ বেটাৰীটোৱে ৱেৰলেবল(wearable) প্ৰযুক্তিৰ সমস্যা সমাধান কৰিব।চলিত বুটাম বেটাৰীতকৈ এই নতুন প্ৰযুক্তিৰ বেটাৰী উন্নত।

অধ্যাপক লিয়ে প্ৰকাশ কৰা মতে অনিষ্টকাৰী ইলেকট্ৰনিক আবৰ্জনা হ্ৰাস কৰিব আৰু পেলনীয়া আবৰ্জনাৰ সমস্যাই পৰিবেশৰ ওপৰত পেলাই থকা প্ৰভাৱ হ্ৰাস কৰাত অৰিহণা যোগাব । গুৰুত্বপূৰ্ণ যে চলিত প্ৰযুক্তিৰ বেটাৰীয়ে মানৱ শৰীৰত নেতিবাচক প্ৰভাৱ পেলায়।

এনে নেতিবাচক প্ৰভাৱ নতুন প্ৰযুক্তিৰ বেটাৰীত নাথাকিব। নতুন প্ৰযুক্তিৰ বেটাৰীৰ উদ্ভাৱন সম্পৰ্কীয় প্ৰতিবেদন জাৰ্নেল ছায়েন্স এডভান্সত প্ৰকাশ পাইছে। নানয়াঙ টেকন’লজিকেল ইউনিভাৰ্ছিটিৰ এন্টাৰপ্ৰাইজ আৰু ইনোভেচন কোম্পানীৰ এই নতুন প্ৰযুক্তিয়ে বেটাৰীৰ ক্ষেত্ৰখনলৈ পৰিবৰ্তন আনিব।

লগতে পঢ়ক নৈশ সান্ধ্য আইনৰ মাজতে লখিমপুৰত সংঘটিত ডকাইতিকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply