ৰাইজৰ গতিবিধি নিৰীক্ষণৰ বাবে ছিংগাপুৰত ৰবট ব্যবহাৰ

দীপক কুমাৰ দাস: মানুহৰ কাম কাজৰ ভাৰ হ্ৰাস কৰিবলৈ কিম্বা অতি জটিল কামত ৰবটৰ প্ৰয়োগ কৰা হয়। চিকিৎসা ক্ষেত্ৰৰ পৰা পৰ্যটন ক্ষেত্ৰলৈকে ৰবটৰ ফলপ্ৰসু প্ৰয়োগ হৈ আছে। অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে ৰবটক অধিক উন্নীত কৰি নতুন নতুন কামত প্ৰয়োগ কৰা হৈছে।শেহতীয়াকৈ ছিংগাপুৰে ৰবটক লৈ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে ।


ছিংগাপুৰ বিশ্বৰ অন্যতম সমৃদ্ধিশালী আৰু সুৰক্ষিত দেশ। এই দেশখনত অসৎ সামাজিক আচৰণ তথা অসামাজিক কাৰ্য-কলাপ নিৰীক্ষণৰ বাবে ৰবট ব্যৱহাৰ কৰিছে ।আনকি কভিড প্ৰটকল জনতাই পালন কৰিছে নে নাই তাকো নিৰীক্ষণ কৰিব ।

ছিংগাপুৰত দুটা স্বতন্ত্ৰ ৰবট ৰাজহুৱা স্হানত মোতায়েন কৰি জনতাৰ অসৎ সামাজিক আচৰণ নিৰীক্ষণ কৰিছে ।পৰীক্ষামূলকভাৱে এই ৰবট দুটা প্ৰয়োগ কৰা হৈছে ।ৰবট দুটাই কভিড19 প্ৰটকল জনতাই মানিছে নে নাই। নিষিদ্ধ স্থানত ধপাত সেবন কৰিছে নেকি।

তদুপৰি বাইচাইকেল সঠিক স্থানত পাৰ্কিং কৰিছে নে নাই । প্ৰাৰম্ভিক পৰ্য্যায়ত এই কামত ৰবট মোতায়েন কৰা হৈছে।ছিংগাপুৰ হোম টিম ছায়েন্স এণ্ড টেকন’লজি এজেন্সিয়ে বিবৃতি যোগে এই তথ্য প্ৰকাশ কৰিছে
ৰবট দুটাৰ নাম ৰখা হৈছে ‘জেভিয়াৰ “। উচ্চ প্ৰযুক্তিৰ কেমেৰা জেভিয়াৰত সংলগ্ন কৰা আছে । যাৰ জৰিয়তে অসৎ সামাজিক আচৰণ ধৰা পেলাই প্ৰকৃত সময়সহ নিয়ন্ত্ৰণ পক্ষলৈ প্ৰেৰণ কৰে। নিয়ন্ত্ৰণ কক্ষই ব্যৱস্থা গ্ৰহণ কৰে ।

উল্লেখ্য যে ছিংগাপুৰৰ যানবাহন ব্যস্ত অঞ্চলত এই ৰবটৰ পৰীক্ষণ চলোৱা হৈছে । তিনি সপ্তাহ পৰীক্ষণৰ অন্তত ধাৰণা কৰাৰ দৰে ৰবট দুটাৰ পৰা সুফল লাভ কৰিছে । ভবিষ্যতে এই ৰবটৰ দ্বাৰা অসৎ সামাজিক আচৰণ কৰা লোকক সজাগ কৰাৰ অভিযান চলাব ।

এজেন্সিটোৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে ৰবট দুটি পৰীক্ষণৰ সময়ত আইন বলবৎকাৰী হিচাপে ব্যৱহাৰ কৰা হোৱা নাছিল ।ৰবট দুটি চৰকাৰী বিষয়াক কামত সহায় কৰাৰ বাবে ব্যৱহাৰ কৰা হব । ইয়েই পহৰা দিয়াৰ বাবে প্ৰয়োজনীয় মানব শক্তিৰ প্ৰয়োগ হ্ৰাস কৰিব । গুৰুত্বপূৰ্ণ যে এই ৰবটে অভিযানৰ ফলপ্ৰসুতা উন্নীত কৰিব । ছিংগাপুৰৰ এই অভিনৱ পদক্ষেপ বিশ্বজুৰি চৰ্চিত হৈছে ।

লগতে পঢ়ক ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ’ব দুইলেনযুক্ত সুৰংগ পথ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply