নিউজ ডেস্কঃ ‘তোক দেখি মোৰ গা’, ‘তুমি কোৱা প্ৰতিটো কথাই মোক’,  ‘চকুৱে চকুৱে যি চালা’ আদি গীতেৰে সকলোৰে অন্তৰ চুই যাবলৈ সক্ষম হোৱা অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দেৱী। শিল্পী গৰাকীয়ে মঞ্চত উঠিলেই তেওঁৰ energetic কন্ঠই সকলোকে energetic কৰি তোলে। এইবাৰ ৰঙালী বিহুৰ সময়ত শিল্পীগৰাকীৰ বিহুৰ প্ৰস্ততি আৰু কোন কোন মঞ্চত শিল্পীগৰাকীক দেখা যাব সেই সন্দৰ্ভত ইষ্টম’জ’ অসমৰ তৰফৰ পৰা তৃষ্ণা দেৱীৰ এটি সাক্ষাৎকাৰ লোৱা হৈছিল। সেই সাক্ষাৎকাৰৰ এটি সংক্ষিপ্ত অংশ আপোনালোকলৈ আগবঢ়ালো-

প্ৰশ্নঃ ৰঙালী বুলি ক’লেই সকলোৰে মন ৰাঙলী হৈ উঠে । ছোৱালীবোৰে হাতত জেতুকা লগাই আপুনি আগতে কি কি কৰিছিল ৰঙালী বিহুৰ সময়ত ?

তৃষ্ণা দেৱীঃ বহাগ বিহু যেতিয়া আহে মনটো সঁচায়েই ৰাঙলী হৈ উঠে। মই খুব সৰুৰে পৰা গানৰ লগত জড়িত আছিলো। বিহুৰ অনুষ্ঠানত গীত গাবলৈ প্ৰস্তুতি চলাইছিলো। বিহু নাচিছিলো, জেতুকা লগাইছিলো। লগতে বিভিন্ন  পৰম্পৰাগত যিবোৰ খেল হয় যেনে- টেকেলী ভঙা, এঠেঙীয়া দৌৰ, ভেকচন প্ৰতিযোগিতা আদিতো অংশ লৈছিলো।

প্ৰশ্নঃ আপুনি চুলি সদায় চুটিকৈ কিয় ৰাখে?

তৃষ্ণা দেৱীঃ ডিগ্ৰী পঢ়ি থাকোতে মই চুলি দীঘল কৰিছিলো। কিন্তু মোৰ ঘৰৰ মানুহে কয় দীঘল চুলিৰে মোক ভাল নেদেখি। খুব বেছি মই চাগে ডেৰ বছৰ মানৰ কাৰণে চুলি দীঘল কৰিছিলো। চুটি চুলিতে সকলোৱে ভাল দেখে আৰু এনেকৈয়ে থাকিলো।

প্ৰশ্নঃ আপুনি ঘৰখন ইমান সুন্দৰকৈ সজাই ৰাখিছে। সোমাইয়ে ভাল লাগিছে। আপুনি নিজেই ঘৰখন সজাই নে? গীত গোৱাৰ বাহিৰে আপুনি কি কি কৰি ভালপায়?

তৃষ্ণা দেৱীঃ মই ঘৰখন পৰিপাটীকৈ সজাই ভালপাওঁ। আচলতে পৰিপাটীকৈ ৰাখিবলৈ মোক দেউতাই শিকাইছিল। দেউতা পুলিচ অফিচাৰ আছিল। তেওঁ খুব পৰিপাটী আছিল। ঘৰৰ প্ৰতিটো সামগ্ৰী যথাস্থানত ৰখাটো তেওঁ বিচাৰিছিল। ঠিক তেনেদৰেই তেওঁৰ পৰা মই এই গুণটো চাগৈ পালো।

মই নিজে ধুনীয়া হৈ থাকি ভালপাওঁ, কাপোৰ কিনি খুব ভালপাওঁ। গীত গোৱাৰ বাহিৰেও মই ফুল ৰুই ভালপাওঁ, খেতি কৰি ভালপাওঁ। মোৰ ঘৰৰ বাৰীত আম,কঠাল, কল, মধুৰীআম, ভেদাইলতা, নৰসিংহকে ধৰি কেইবাবিধ শাক-চবজিৰ খেতিয়ো কৰিছো।

সম্পূৰ্ণ সাক্ষাৎকাৰ চাবলৈ তলত উল্লেখ কৰা ইষ্টম’জ’ অসমৰ ইউটিউব লিংকটো Click কৰক

YouTube video

লগতে পঢ়কঃঅশেষ চেষ্টা আৰু সাধনাৰে লক্ষ্যত উপনীত হোৱাৰ প্ৰয়াস ৰক্তিমৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply