স্মাৰ্ট ফেচ মাস্ক

দীপক কুমাৰ দাস : প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে মানৱ জাতি। সেয়ে মানৱৰ লগত জড়িত সা-সামগ্ৰীত প্ৰযুক্তিৰ ব্যৱহাৰ নিতান্তই আৱশ্যক। এনে ক্ষণত ফেচ মাস্কত প্ৰযুক্তি ব্যৱহাৰ নোহোৱাকৈ থকাটো কেনেকৈ সম্ভব।কভিড-১৯য়ে ত্ৰাসিত কৰা বিশ্বত ফেচ মাস্ক সবাতোকৈ চৰ্চিত।


কৰোনা মহামাৰীৰ পৰা নিজৰ লগতে আনক সুৰক্ষিত কৰি ৰাখিবলৈ ফেচ মাস্ক ব্যৱহাৰ কৰা হয় । এই ফেচ মাস্ক ব্যৱহাৰ কৰাটো বাধ্যতামূলক।ফেচ মাস্ক পিন্ধি এজন ব্যক্তিয়ে আনৰ সৈতে বাৰ্তালাপত কিছু অসুবিধাৰ সন্মুখীন হয় । আনকি উশাহ-নিশাহতো অসুবিধা নোপোৱা নহয় । ফেচমাস্ক ব্যৱহাৰ কৰাৰ পাছত সম্মুখীন হোৱা অসুবিধাসমূহ আতৰ কৰাৰ পৰিকল্পনাৰে দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি কোম্পানী “এল জি’য়ে সাজি উলিয়াইছে স্মাৰ্ট ফেচমাস্ক ।

শীঘ্ৰেই বজাৰ লৈ আহিবলগীয়া এই এলজিৰ স্মাৰ্ট ফেচমাস্কত মাইক্ৰফোন আৰু স্পীকাৰ সংযুক্ত হৈ থাকিব । যাৰ জৰিয়তে মাস্কখন ব্যৱহাৰকাৰীয়ে বাৰ্তালাপৰ সময়ত মাস্কখন ওপৰলৈ নিয়া তথা তললৈ নমাই আনিবলগীয়া নহয় । মাস্কখনত মাইক্ৰ’ফোন আৰু স্পীকাৰে ভইছ্ অন প্ৰযুক্তিৰে কাম কৰিব।। ইয়াৰ ফলত মাস্কখন ব্যৱহাৰ কৰা ব্যক্তিয়ে কথা পতাৰ সময়ত মাস্কখন লৰচৰ কৰিব নালাগে ।

অৰ্থাৎ মাস্কখন পিন্ধি থাকি স্বাভাৱিক ৰূপত কথা পাতিব পাৰিব। উল্লেখ্য যে ২০২০চনত প্ৰথম বাৰৰ বাবে এল জি এয়াৰ পিউৰিফায়াৰ মাস্ক উলিয়াই প্ৰশংসা আৰু সফলতা লাভ কৰাৰ পাছত মাইক্ৰফোন আৰু স্পিকাৰ সংলগ্ন কৰি ফেচ মাস্ক সাজিছে।এই মাস্ক খনত দুটা হেপা (HEPA) ফিল্টাৰ থাকিব।যাৰ জৰিয়তে উশাহ-নিশাহ লব আৰু বায়ু পৰিষ্কৰণ হ’ব।

এলজি পিউৰিকেয়াৰ ৱেৰেবল এয়াৰ পিউৰিফায়াৰ(LG puricare wareable air purifier),নামৰ মাস্ক খনেৰে অধিক স্পষ্ট ৰূপত কথা কব পাৰিব। শুনোতাই কথা বুজাত অসুবিধা নাপাব। মাস্কখনত অতি ক্ষুদ্ৰ,লঘু আৰু অধিক কৰ্মক্ষম মটৰ এয়াৰ ফিল্টাৰত থাকিব।

ইয়ে ওজন আৰু বেটাৰীৰ কাৰ্যকাল দীঘলীয়া কৰিব। এলজি ডুয়েল ফেন থাকিব,যিয়ে ব্যক্তিৰ উশাহ-নিশাহৰ ধৰণ চিনাক্ত কৰিব আৰু স্বতস্ফূতভাবে পৰ্যাপ্ত বায়ু গ্ৰহণত সহায় কৰিব। মাস্কখনৰ মূল্য এতিয়াও কোম্পানী টোৱে প্ৰকাশ কৰা নাই। আগষ্ট মাহত থাইলেণ্ডত আনুষ্ঠানিকভাবে মুকলি কৰিব।

লগতে পঢ়ক আজি বলিউডৰ ৰাণী মুমতাজৰ জন্মদিন; প্ৰিয় অভিনেত্ৰী গৰাকীৰ এইকেইখন ছবি উপভোগ কৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply