নিউজ ডেস্কঃ সকলোৰে মৰমৰ তেওঁ ‘ফু’ অর্থাৎ কাৰ্বি ভাষাত ‘ফু’ৰ অৰ্থ হৈছে আইতা। অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত জনজাতীয় লোকসকলৰ অধিকাৰৰ হকে ২০বছৰ ধৰি পাহাৰে-ভৈয়ামে বিভিন্ন প্ৰান্তত সেৱা আগবঢ়াই অহা এই স্বাধীনচিতীয়া মনৰ অধিকাৰীগৰাকীয়ে হ’ল অনন্যা পল ড’ডমনি। জন্মসূত্ৰে লামডিঙৰ অনন্যা পল বিবাহৰ সূত্ৰে থাকে কৰ্ণাটকত। পেছাত অনন্যা এগৰাকী মনোবিজ্ঞানী। সৰুৰে পৰাই অনন্যাৰ মনত জাগি উঠিছিল সমাজসেৱাৰ প্ৰতি দুৰ্বাৰ হেপাহ। চাকৰিৰ ধন জমা কৰি কৰি পৰিয়াল আত্মীয়ৰ সহযোগত অনন্যাই জন্ম দিছিল ‘Tribal Connect’ নামৰ এটা বেচৰকাৰী সংস্থা। কৰ্ণাটকত আছে এই বেচৰকাৰী সংস্থাটোৰ মুখ্য কাৰ্যালয়। এই বেচৰকাৰী সংস্থাটোৱে পিছপৰা অঞ্চলৰ দৰিদ্ৰ জনজাতীয় লোকসকলৰ উন্নতিৰ হকে কাম কৰি আহিছে।

এই সংস্থাটোৰ অধীনত আছে প্ৰায় ১৪৬টা লাৰ্নিং এণ্ড কমিউনিটি চেণ্টাৰ। ইয়াত কেৱল বিনামূলীয়া শিক্ষাই নহয় দিনে তিনিবাৰকৈ ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰো শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ যোগান ধৰা হয়। এই সংস্থাটোত ১২০গৰাকী স্বেচ্ছাসেৱকে কাম কৰি আছে। অসমৰ কাৰ্বিআংলং, ডিমাহাছাওকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম, মেঘালয়, নগালেণ্ড, উৰিষ্যা, সেৱা আগবঢ়াই আহিছে এই বেচৰকাৰী সংস্থাটোৱে।

পাহাৰীয়া পিছপৰা অঞ্চলৰ মহিলাসকলে মাহেকীয়া হোৱাৰ সময়ত ‘ছেনিচেৰী পেড’ কিনিবলৈ অসমৰ্থ হয়। সেই অঞ্চল সমূহলৈ গৈ ‘Tribal Connect’ নামৰ এই সংস্থাটোৱে বিনামূলীয়াকৈ কৰ্মশালাৰ আয়োজন কৰি মহিলাসকলক মাহেকীয়াৰ সময়ত ল’বলগীয়া যতন, পৰিস্কাৰ-পৰিচ্ছন্নতা, ঘৰতে কিদৰে কপাহী কাপোৰেৰে ‘ছেনিচেৰী পেড’ বনাব পৰা যায় এই সম্পৰ্কত শিক্ষাও প্ৰদান কৰে। এইদৰে তেওঁলোকে কেৱল উত্তৰ-পূৰ্বাঞ্চলতে নহয় সমগ্ৰ ভাৰতবৰ্ষতে গোৱা, কৰ্ণাটক, ঝাৰখণ্ড, পশ্চিমবংগ, ছত্তিশগড়,উৰিষ্যাৰ বিভিন্ন পিছপৰা অঞ্চলৰ প্ৰায় ৯০,০০০ লোকক শিক্ষা প্ৰদান কৰিছে।

কিছুমান দুৰ্গম অঞ্চলত উচিত চিকিৎসাৰ অভাৱত বহুলোকে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে। সেইবোৰ অঞ্চললৈ গৈ এই সংস্থাটোৱে বিনামূলীয়াকৈ স্বাস্থ্যশিবিৰ অনুষ্ঠিত কৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছে।

ৰাইজৰ সেৱা আগবঢ়াই অহা অনন্যাই ২০০৯ চনত ‘কৰমবীৰ চক্ৰ’, ‘World Peace & Humanity Award, 2021’, ‘Global Climate Hero Award, 2021’ আৰু চলিত বৰ্ষতে ‘ফ্ৰন্টলাইনাৰ্ছ এৱাৰ্ড’, ‘নৰ্থ ইষ্ট হিৰ’ এৱাৰ্ড’ আদিকে ধৰি বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাও লাভ কৰিছে অনন্যা পলে ।

এই বৰ্ষতে ১২মে’ত তেওঁ লাভ কৰে ‘NORTEAST UNSUNG HEROES RED CARPET SOCIAL AWARDS’ বলীউড অভিনেত্ৰী মহিমা চৌধুৰীয়ে এই বঁটা প্ৰদান কৰিছিল।

জনজাতীয় লোকসকলক উন্নত শিক্ষা প্ৰদান, স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা, মহিলাসকলৰ মাহেকীয়াৰ সময়ত ল’বলগীয়া যতন, পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু দৰিদ্ৰ লোকসকলৰ উচিত চিকিৎসা প্ৰদান কৰাই হৈছে ‘Tribal Connect’ নামৰ এই সংস্থাটোৰ মূল উদ্দেশ্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply