ৰাজৰ্ষি চহৰীয়া

তথ্য-প্ৰযুক্তি। যিমানেই দিন পাৰ হৈছে মানৱ সভ্যতাই তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছে। পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞানকে ধৰি সকলো দিশতেই মানৱ জাতিয়ে ইটোৰ পাছত সিটোকৈ অভিলেখ গঢ়িছে। 

তাৰেই উদাহৰণ হৈছে 5G সেৱা। এটা সময় আছিল যেতিয়া টেলিফোনযোগে এজন ব্যক্তিয়ে আনজনৰ ব্যক্তিৰ সৈতে কথা পাতিছিল। তাৰপাছত আহিল মোবাইল ফোন। তেনেদৰেই সময়ৰ গতিত 2G, 3G, 4G আৰু এতিয়া 5G সেৱা আৰম্ভ । 

১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰে 5G সেৱা। আৰু সেৱা আৰম্ভ হোৱাৰ পাছতে ডিজিটেল ইণ্ডিয়াত কামবোৰ যে কিমান ডিজিটেলাইজ হৈ পৰিব সেয়া হয়তো সকলোৱে কল্পনা কৰিব পাৰিছে। 

নতুন দিল্লীত ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ ৬সংখ্যক সংস্কৰণৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উপহাৰ দিয়ে  5G সেৱা। যিহেতু 5G সেৱা নতুনকৈ দেশত মুকলি কৰা হৈছেহে সেয়েহে ভাৰতৰ প্ৰতিটো প্ৰান্ততে আৰম্ভণিৰে পৰা এই সেৱা উপলব্ধ কৰোৱাটো সম্ভৱ নহয়। কিন্তু পৰ্যায়ক্ৰমে এই সেৱা সমগ্ৰ দেশবাসীয়ে লাভ কৰিব। প্ৰাৰম্ভিক অৱস্থাত এই সেৱা উপলব্ধ হ’ব  দিল্লী, মুম্বাই, চেন্নাই, কলকাতাৰ দৰে ডাঙৰ মহানগৰীসমূহত।

ভাৰতত 5G সেৱাৰ আৰম্ভণি

২০১৭ চনৰ পৰাই ভাৰত চৰকাৰে 5G সেৱাৰ দিশত যাত্ৰা আৰম্ভ কৰিছিল। ভাৰত চৰকাৰে এখন High Level Forum স্থাপন কৰিছিল, যাৰ দ্বাৰা ৰাজ্য চৰকাৰ, Industry, Academia আৰু Regulator সমূহক দেশত এই 5G সেৱাৰ বাবে Roadmap প্ৰস্তুত আৰু অনুমোদনৰ দায়িত্ব প্ৰদান কৰা হৈছিল। 

এই Forumক নেতৃত্ব দিছিল অধ্যাপক এ জে পলৰাজে। তেওঁ ২০১৮ চনত এক ৰিপৰ্ট জমা দিয়ে। ৰিপৰ্টত তেওঁ বহু কেইটা পৰামৰ্শ দিছিল Regulatory Policy, spectrum policy, এলেকা আদিৰ ক্ষেত্ৰত। নতুন সেৱা এটা আৰম্ভ কৰাৰ পূৰ্বে তাৰ সন্দৰ্ভত গৱেষণা কৰাৰ অতিকৈ প্ৰয়োজন। 

এই গৱেষণাৰ জৰিয়তেই যিকোনো নতুন সেৱা প্ৰদানৰ ক্ষেত্ৰত কিধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে বা কেনেধৰণৰ সাল-সলনি কৰাৰ প্ৰয়োজন আছে সেয়া বুজিব পাৰি। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰত চৰকাৰে কিছু পৰিমানে Spectrum আৱন্টন দিছিল Telecom Operator সমূহক।

২০১৯চনত। উক্ত বৰ্ষত দূৰসংযোগ বিভাগ আৰু Telecom Regulatory Authority of India-ই Spectrumৰ মূল্য কিমান হ’ব সেয়া নিৰ্ধাৰণ কৰে। আপোনালোকৰ নিশ্চয় মনত আছে যে, ২০১৯ৰে ১ আগষ্টত 5G স্পেকট্ৰামৰ নিলামী অনুষ্ঠিত হৈছিল। এই নিলামীত দূৰসংযোগ বিভাগে  ১ লাখ ৫০ হাজাৰ ১৭৩ কোটি টকাৰ ৰাজহ লাভ কৰিছিল। আৰু টেলিকম কোম্পানীবোৰক আৱন্টন কৰিছিল ৫১ হাজাৰ ২৩৬ মেগাহাৰ্জ। 

 5G সেৱা কোন কেইখন চহৰত উপলব্ধ হ’ব?

কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত বিশেষ একো জনোৱা হোৱা নাই যদিও টেলিকম কোম্পানীসমূহে এই ক্ষেত্ৰত কিছু কথা জনাইছে। Reliance Jioই 5G Spectrumৰ নামত ৮৮ হাজাৰ কোটি টকাৰো অধিক ধন ব্যয় কৰিছে। দিল্লী, মুম্বাই, কলকাতা আৰু বাৰানসীত Jioই এই সেৱা আগবঢ়াব। 

ইফালে, Airtel-ৰ তৰফৰ পৰা কোৱা হৈছিল যে ২০২৩চন আৰম্ভ হোৱালৈকে দেশৰ মহানগৰসমূহত এই সেৱা টেলিকম কোম্পানীটোৱে আগবঢ়াব। আৰু ২০২৪চন মাৰ্চলৈকে গাঁও-ভূঞেও এই সেৱা লাভ কৰিব এয়াৰটেলৰ ফালৰ পৰা।

ইয়াৰ পৰাই বুজিব পাৰি যে- প্ৰথমে যিবোৰ দেশৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ মহানগৰ আছে তাত 5G সেৱা উপলব্ধ হ’ব আৰু পৰ্যায়ক্ৰমে আনবোৰ স্থানত এই সেৱা বিস্তাৰিত কৰা হ’ব।

5G সেৱাৰ লাভ কি? 

Ministry of Communicationৰ এক বিবৃতিত কোৱা হয় যে- 5G সৱাই দেশত নতুন অৰ্থনৈতিক সুযোগ আৰু সামাজিক লাভালাভ প্ৰদান কৰিব। আৰু ই ভাৰতীয় সমাজৰ বাবে এক পৰিৱৰ্তনশীল শক্তি হোৱাৰ সম্ভাৱনা প্ৰদান কৰিব পাৰে। তদুপৰি ২০৩৫চনলৈকে ভাৰতত 5Gৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ ৪৫০ বিলিয়ন ডলাৰ হোৱাৰ সম্ভাৱনা আছে। 

তদুপৰি, 5G সেৱাৰ গ্ৰাহকসকলে তীব্ৰগতিত ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব। যি ইন্টাৰনেট স্পীড 4Gৰ তুলনাত বহু বেছি। অৰ্থাৎ অফিচিয়েল কাম, অনলাইন শিক্ষা গ্ৰহণকে ধৰি বহুবোৰ দিশত 5G-য়ে প্ৰদান কৰিব সুবিধা।

জনায় দিও যে- 5Gৰ সৰ্বাধিক ইন্টাৰনেট স্পীড ১০ GB per socond। কিন্তু তাৰ বিপৰীতে 4Gৰ Top Internet Speed ১০০ MB per second। ইয়াৰ পৰাই আপোনালোকে বুজিব পাৰিব যে কিমান স্পীডত মোবাইলত ইন্টাৰনেটত কাম কৰিব পৰা যাব 5Gৰ জৰিয়তে।

ভাৰতত কোনটো টেলিকম কোম্পানীয়ে 5Gৰ কোনটো Technology ব্যৱহাৰ কৰিব?

কোনো এখন দেশত 5G Internet সেৱা অনা হয় তেতিয়া দুটা Modeত দেখিবলৈ পোৱা যায়। এটা হৈছে Standalone আৰু Non-Standalone। ইয়াৰে কোনটো Mode কোনটো টেলিকম কোম্পানীয়ে ব্যৱহাৰ কৰিব তাৰ ওপৰতো 5G ইন্টাৰনেট সেৱাৰ স্পীড নিৰ্ভৰ কৰে।

জিঅ’ই যেতিয়া 4G সেৱা ভাৰতত মুকলি কৰিছিল তেতিয়া সকলো সা-সঁজুলি 4Gৰে ব্যৱহাৰ কৰিছিল। অৰ্থাৎ সম্পূৰ্ণ 4Gৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি লৈছিল। ঠিক একেদৰে 5G সেৱা প্ৰদানৰ বাবেও জিঅ’ই সকলো সা-সুঁজলি 5Gৰে ব্যৱহাৰ কৰিছে। যাতে গ্ৰাহকে ইন্টাৰনেট স্পীড অধিক লাভ কৰে। ইয়াকে কোৱা হয় Standalone Mode. জিঅ’ই এই ক্ষেত্ৰত ২ লাখ কোটি টকা বিনিয়োগ কৰিছে।

আনহাতে, Non-standalone mode হৈছে 4G আন্তঃগাঁথনি বা সা-সুঁজলিৰ দ্বাৰা 5G সেৱা প্ৰদান কৰা । অৰ্থাৎ ইতিমধ্যে ব্যৱহাৰ কৰি থকা 4Gৰ Equipmentৰ পৰাই গ্ৰাহকে লাভ কৰিব 5G সেৱা। এই ক্ষেত্ৰত Standalone modeৰ তুলনাত কিছু কম ইন্টাৰনেট সেৱা লাভ কৰা হয়। আৰু Non-standalone modeত 5G সেৱা প্ৰদান কৰিব এয়াৰটেলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply