ৰাজৰ্ষি চহৰীয়া
ফেচবুক, হোৱাটছএপ আদিৰ লগতে আৰু এটা এপ আছে। সেইটো হৈছে ইনষ্টাগ্ৰাম। যিটো এপ বৰ্তমান সময়ত অধিকাংশ লোকে ব্যৱহাৰ কৰে। কেবিন ছিষ্ট্ৰাম আৰু মাইক ক্ৰেগৰে ২০১০চনৰ অক্টোবৰত IOS অপাৰেটিং চিষ্টেমৰ বাবে বিনামূলীয়াকৈ এই এপটো launch কৰিছিল।
ফটো, Reels আদি শ্বেয়াৰ কৰাৰ লগতে following লিষ্টত থকা বন্ধু-বৰ্গৰ সৈতে মেছেজ বা ভিডিঅ কল তথা অডিঅ কল যোগে কথা-বতৰা পাতিব পাৰি। মেটা-মালিকানাধীন এপ ইনষ্টাগ্ৰামে আন এটা নতুন সুবিধা ঘোষণা কৰিছে। এই সুবিধা অনুসৰি, এতিয়া ১৫ মিনিটৰ কম সময়ৰ ভিডিঅ’বোৰো ইনষ্টাগ্ৰামত পোষ্ট কৰিব পাৰি। একে সময়তে, ফটো আৰু ভিডিঅ’ত ৰিমিক্সৰ বাবে নতুন tools এই এপটোত সংযোজন কৰা হৈছে।
ব্ল’গপোষ্টত এই নতুন সুবিধাটোৰ আনুষ্ঠানিক ঘোষণা কৰি, ইনষ্টাগ্ৰাম কৰ্তৃপক্ষই কয় যে- এই সুবিধাটোৰ সৈতে, ব্যৱহাৰকাৰী সকলে ৰিলত ১৫ মিনিটতকৈ কম সময়ৰ ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰিব। এই সুবিধাটো এসপ্তাহৰ ভিতৰত ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰী সকলে লাভ কৰিব।
ইনষ্টাগ্ৰামৰ শীৰ্ষ বিষয়া আডাম মোছেৰীয়ে কৈছে- যেতিয়াৰ পৰা ৰিলৰ প্ৰৱণতা বৃদ্ধি পাইছে, আমি ইনষ্টাগ্ৰাম ৰিল ভিডিঅ’ চাবলৈ আৰু সৃষ্টি কৰিবলৈ বহুতো সৃষ্টিশীল tools যোগ দিছো। আমি সোনকালেই ভিডিঅ’ৰ ক্ষেত্ৰত সম্পূৰ্ণ স্ক্ৰীণৰ অভিজ্ঞতাৰ বাবে নতুন creative tools সংযোজন কৰিবলৈ লৈছো।
ইনষ্টাগ্ৰামত ৰিলছৰ ক্ষেত্ৰত “টেমপ্লেট”ৰ সুবিধাও পাব আপোনালোকে। আপোনালোকে এতিয়া ৰিল কেমেৰা খোলাৰ সময়ত বিভিন্ন টেমপ্লেট ব্ৰাউজ কৰিব পাৰিব আৰু ভিডিঅ’ আৰু ফটো দুয়োটা আপলোড কৰি সেইবোৰক ৰিলছ বনাবলৈ বাচনি কৰিব পাৰিব।
বৰ্তমানলৈ ইনষ্টাগ্ৰামত মাত্ৰ ৯০ ছেকেণ্ডৰ ভিডিঅহে ৰিলছ হিচাপে আপলোড কৰিব পাৰে ব্যৱহাৰকাৰীসকলে। আৰু তাতকৈ অধিক সময়ৰ ভিডিঅ’বোৰ ৰিলছ হিচাপে দিব পৰা নাযায়।
ইয়াৰ উপৰিও, ইনষ্টাগ্ৰামে নতুন ৰিমিক্স টুলছৰ ওপৰত কাম কৰি আছে। কাৰিকৰী কামখিনি সম্পূৰ্ণ হ’লেই ইনষ্টাগ্ৰামত ৰিলৰ পৰা নতুন টেমপ্লেট আৰু সম্পাদনা tools উপলব্ধ হ’ব। লগতে আপোনালোকে ইনষ্টাগ্ৰাম ৰিলত ভিডিঅ’ কমেন্ট্ৰীৰ Optionও উপলব্ধ হ’ব। শীঘ্ৰেই ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলে সমূখৰ আৰু পিছফালৰ কেমেৰা একেলগে ব্যৱহাৰ কৰি ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ সক্ষম হ’ব।