"অটোভেক” উদ্ভাৱন

দীপক কুমাৰ দাস : কভিড ১৯ ৰ ভেকচিন নাটনি এক গভীৰ বিষয় । ইয়াৰ মাজতে চলি আছে ভেকচিনৰ অপচয় । কভিড ১৯ ৰ ভেকচিনৰ উৎপাদন বৃদ্ধি কৰিবলৈ দেশৰ চৰকাৰসমূহে পদক্ষেপ গ্ৰহণ কৰিছে যদিও নাটনিৰ সমস্যা দূৰ হোৱা নাই।

অবশ্যে শেহতীয়াকৈ কভিড ১৯ ভেকচিনৰ অপচয় ৰোধ কৰিবলৈ থাইলেণ্ডে নতুন পদ্ধতি উদ্ভাৱন কৰিছে । থাইলেণ্ডে উদ্ভাৱন কৰা ৰ’বটিক পদ্ধতিৰে কভিড ১৯ ভেকচিনৰ এটি ভায়েল ( ভেকচিন বটল )ৰ অধিক পালি উলিয়াব পাৰি। সাধাৰণতে এটি ভায়েলৰ পৰা ১০ পালি উলিওৱা হয় ।

এনে কৰোতে ভেকচিন সামান্য পৰিমাণে অপচয় হয় । তেনেদৰে বটলটোত ভেকচিনো সামান্য পৰিমাণে ৰৈ যায় । এই দুয়োটাকে ৰোধ কৰি এটি ভায়েলৰ পৰা অধিক পালি ভেকচিন উলিয়াবৰ বাবে থাইলেণ্ডৰ ছুলালংকৰ্ণ বিশ্ববিদ্যালয়ৰ বায়”মেডিকেল ইঞ্জিনিয়াৰিং ৰিচাৰ্ছ চেণ্টাৰে উদ্ভাৱন কৰিছে ভেকচিন উলিওৱা যন্ত্ৰ অটোভেক ।

এই অটোভেকৰ জৰিয়তে ভেকচিনৰ বটলৰ পৰা পালি অধিক দক্ষতাৰে উলিয়াব পাৰি যাৰ ফলত অকনো ভেকচিন অপচয় হোৱাৰ সম্ভাৱনা নাথাকে । তদুপৰি ভায়েলটোৰ পৰা অধিক পালি উলিয়াব পাৰি । থাইলেণ্ডৰ ৰাজধানী বেংককস্থিত বিশ্ববিদ্যালয়খনত এই যন্ত্ৰৰ সফল প্ৰয়োগ কৰা হৈছে ।

এই অটোভেকৰ দ্বাৰা অস্ত্ৰজেনেকা ভেকচিনৰ এটা ভায়েলৰ পৰা ৪ মিনিটত ১২পালি উলিয়াব পাৰি । ই এক চমকপ্ৰদ সাফল্য। কিয়নো অস্ত্ৰজেনেকা ভেকচিনৰ এটা ভায়েলৰ পৰা ১০ পালিহে উলিওৱা হয় ।

লগতে পঢ়ক অৰুণাচল প্ৰদেশত বসবাস কৰা অসমৰ লোকক পি আৰ চি দিয়ক : আলফা স্বাধীন

অটোভেকৰ দ্বাৰা প্ৰতিটো ভায়েলৰ পৰা ১০ তকৈ অধিক ভেকচিনৰ পালি উলিওৱা হৈছে । এই যন্ত্ৰই নিশ্চিত কৰিছে যে প্ৰতিটো ভায়েলৰ পৰা ২০% অতিৰিক্ত পালি লাভান্বিত হৈছে । উদ্ভাৱনৰ নেতৃত্ব লোৱা গৱেষক জুথামাছ ৰতনভৰাপৰ্ণই প্ৰকাশ কৰা প্ৰতিটো ভায়েলৰ পৰা অতিৰিক্ত ২০% লাভ কৰা মানে অস্ত্ৰজেনেকা ভেকচিন দহ লাখ লোকে লাভ কৰিব ।

অটোভেক যন্ত্ৰই বাৰ লাখ লোকৰ ভেকচিন পালি বৃদ্ধি কৰিব পাৰে । অৱশ্যে একাংশ অতিদক্ষ স্বাস্থ্যকৰ্মীয়ে লো ডেড স্পেছ ছিৰিঞ্জ ( এল ডি পি এছ) ব্যবহাৰ কৰি বাৰ পালি ভেকচিন উলিয়াবলৈ সক্ষম হয় । ই সকলো সময়তে সম্ভৱপৰ নহয় ।

অতি কঠিন আৰু জটিল কাম এনেক্ষেত্ৰত অটোভেকৰ প্ৰয়োজনীয়তা অধিক । বিশ্বজুৰি ভেকচিনৰ নাটনি চলি থকা অবস্থাত অটোভেকৰ উদ্ভাৱন আশাৰ খবৰ । গৱেষক জুথামাছে আশা কৰা মতে অস্ত্ৰজেনেকাৰ পাছত ফাইজাৰ বায়”এনটেক, মডাৰ্ণা ভেকচিনৰ ভায়েলত প্ৰয়োগ কৰিব পৰা যন্ত্ৰ বিকশিত কৰা হব ।

লগতে পঢ়ক নতুন ধৰণেৰে সমাজৰ পিছপৰা শ্ৰেণীৰ বিকাশৰ বাবে কাম কৰি অহা এজন উচ্চ শিক্ষিত যুৱক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply