- কংকণা গোস্বামী ভৰদ্বাজ
ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২য় বৰ্ষপূৰ্তিৰ বাখ্যা দাঙি ধৰিবলৈ যাওঁতে উল্লেখ কৰিব লাগিব ,এখন কল্যাণকামী, জনমুখী আৰু জনদৰদী শাসনব্যৱস্থাৰ প্ৰাণসঞ্চাৰ কৰা তেওঁৰ শ্বাসৰুদ্ধকৰ সাধনা, দূৰদৰ্শী পৰিকল্পনা, তেওঁৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টা আৰু দিন ৰাতি একাকাৰ কৰি পেলোৱা তেওঁৰ অনমনীয় অধ্যৱসায়।
অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰ নোহোৱা , অভূতপূৰ্ব উদ্যমেৰে ২৪ x ৭ সষ্টম আৰু কাৰ্যক্ষম হৈ থকা এখন কৰ্মনিপুন ,কৰ্মোদ্যমী চৰকাৰৰ উপলব্ধিসমূহ প্ৰশংসা আৰু পৰ্যালোচনাৰ পাত্ৰ। অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ মাজৰ এখন ৰাজ্য হিচাপে গঢ়ি তুলি,ৰাজ্যবাসীক এখন দুৰ্নীতিমুক্ত,প্ৰদূষণমুক্ত, অপৰাধমুক্ত,উন্নয়নমুখী, প্ৰগতিশীল সামাজিক পৰিবেশ দিয়াৰ ক্ষেত্ৰত এই চৰকাৰখনে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

আজি ৰাজ্যত ড্ৰাগছ, ভূ-মাফিয়া, চিণ্ডিকেটৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত। বাল্য বিবাহৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে এক আপোচবিহীন অভিযান চলাই ৰাজ্যৰ আইন-শৃংখলা সুদৃঢ় কৰাৰ লগতে নিৰ্যাতিত, নিষ্পেষিত নাৰী সমাজৰ বাবে এক সামাজিক ক্ৰান্তি আন্দোলিত কৰি তোলা হৈছে। এনে সাহসী, সময়োপযোগী আৰু সুদূৰপ্ৰসাৰী পদক্ষেপে এক সুস্থ সমাজৰ ভেটি গঢ়াৰ লগতে যশস্বী মুখ্যমন্ত্ৰী গৰাকীৰ বলিষ্ঠ নেতৃত্বৰ সংজ্ঞা বহন কৰে ।
বিভাগীয় মন্ত্ৰী,আমোলা,বিষয়াৰ পৰা আদি কৰি চৰকাৰী কৰ্মচাৰী ,প্ৰশাসনিক বিষয়া,আনকি আৰক্ষী বিভাগটো সংস্কাৰ সাধন কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে একেবাৰে তৃণমূল পৰ্য্যায়ৰ পৰা উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হৈ দুৰ্নীতি, দুঃশাসন, আৰু লেহেমীয়া কৰ্মসংস্কৃতিৰ বিৰুদ্ধে সৰৱ হোৱা দৃশ্যই জনমানসত চৰকাৰৰ প্রতি আস্থা ঘূৰাই আনিবলৈ সক্ষম হৈছে। বিভাগীয় সংস্কাৰৰ অংশ বিশেষ হিচাপে ‘good governance’ৰ বীজ ৰোপন কৰি চৰকাৰী ফাইল নিস্পত্তিৰ বাবে ‘সদ্ভাৱনা প্ৰকল্প,’পৰিবহণ বিভাগৰ কামকাজ সুগম কৰি তোলাৰ বাবে ‘M-Bahan’, খিলঞ্জীয়াক ভূমি স্বত্ব প্ৰদান কৰিবলৈ ‘মিছন বসুন্ধৰা’ৰ জৰিয়তে সৰলীকৃত প্ৰক্ৰিয়াৰে ভূমি আৱণ্টন ব্যৱস্থা ইত্যাদিৰ জৰিয়তে তেওঁ আওপুৰণি প্ৰশাসনীয় ব্যৱস্থা আৰু নীতি সংশোধন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে।

আজি দুখীয়া আর্তজনৰ ওচৰত ঠিয় হৈ ‘অৰুন্ধতী’ আঁচনি, মাইক্ৰ-ফাইনাঞ্চৰ ঋণ ৰেহাই, দিব্যাংগ সকলৰ বৃত্তি আৰু বৃদ্ধ পেঞ্চন নিয়মীয়াকৈ মোকলাই দিয়াৰ ব্যৱস্থা আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ ব্যৱস্থাৰ কাম ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছে।
সভ্যতা আৰু সংস্কৃতিক বাৰুকৈ প্ৰাধান্য দিয়া ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন আৰু আদৰ্শৰে পৰিচালিত এই চৰকাৰখনে খিলঞ্জীয়া ভাষা,সংস্কৃতি আৰু থলগিৰিৰ অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰতো বহু সময়োপযোগী আৰু সুদূৰ প্ৰসাৰী পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছে। আজি সত্ৰসমূহ আৰু সংৰক্ষিত বনাঞ্চলবোৰ বেদখলমুক্ত কৰা হৈছে, বিভিন্ন জাতি জনগোষ্ঠী সমূহৰ সাহিত্য সভা সমূহক ধন আৱণ্টন দিয়াৰ লগতে অহা বছৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ অসমৰ নিজ নিজ জনগোষ্ঠীয় ভাষাত পাঠদানৰ ব্যৱস্থা কৰা হৈছে, স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠদানৰ পোষকতা কৰা হৈছে, সত্ৰ-নামঘৰ সমূহলৈ ধন আৱণ্টন দিয়া হৈছে ইত্যাদি।

প্ৰজ্ঞা, প্ৰতিভা আৰু প্ৰবল পৰাক্ৰমৰ সপ্ৰতিভ সত্তা লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী উপলক্ষে তেখেতৰ জন্মবাৰ্ষিকী সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে পালন হোৱাটো সমগ্ৰ অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়। তেখেতৰ বীৰত্ব আৰু অসাধাৰণ সাহসক শ্ৰদ্ধাঞ্জলি যাচিবলৈ অসম চৰকাৰে বিশেষভাবে আয়োজন কৰা ‘হাতেলিখা টোকাসমূহৰ সৰ্ববৃহৎ অনলাইন ফটো এলবাম’ৰ বাবে ৰাজ্যখনে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰাটোও অতি প্ৰশংসনীয়। অসম তথা অসমবাসীৰ বাবে ই এক ঐতিহাসিক মুহূৰ্ত হিচাপে অভিহিত হৈছে।
একেধৰণে, অসমীয়াৰ বাপতি-সাহোন, হৃদয়ৰ স্পন্দন ‘বিহুক ‘ বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিয়াৰ মহান লক্ষ্যৰে ১১০০০ শিল্পীৰ দ্বাৰা বিহু প্রদৰ্শন কৰি নিজৰ সাংস্কৃতিক সম্ভাৰেৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত এক চমক স্বাক্ষৰিত কৰাৰ অভূতপূৰ্ব প্ৰয়াস প্ৰশংসনীয়।

আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত বহি নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰে সমাধানৰ পথ প্ৰশস্ত কৰিছে। আজি কেইদিনমান পূৰ্বে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অসম-অৰুণাচল প্ৰদেশৰ ৫ দশকজোৰা সীমা সংঘাত মীমাংসাৰ চুক্তি স্বাক্ষৰ হোৱা বিষয়টোৱে দুই ৰাজ্যৰ ভাতৃত্ববোধক নতুন মাত্ৰা প্ৰদান কৰিছে। ১২খন আঞ্চলিক সমিতিয়ে দিয়া পৰামৰ্শসমূহৰ ভিত্তিত স্বাক্ষৰিত হোৱা এই চুক্তি উন্নত, শান্তিপূৰ্ণ আৰু সংঘাতমুক্ত উত্তৰ-পূব প্ৰতিষ্ঠাৰ দিশত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হব।

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষৰ বিশেষ আকৰ্ষণ স্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দ্বাৰা অসমত ১৪০০০কোটি টকাৰ প্ৰকল্প উন্মোচন,প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত ১০লাখ গৃহ নিৰ্মাণ,৫০০০কোটি টকা ব্যয় সাপেক্ষে ১০০০ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ, চাহ বাগিচা অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ লক্ষ্যৰে ১০০ খন নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণ,নতুন শিক্ষা নীতিৰ অধীনত ৩০০০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত, এইমছ গুৱাহাটী আৰু অসমৰ আন তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ সংযোজন, ‘আছাম এডভান্সড হেল্থ কেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউট’ৰ আধাৰশিলা স্থাপন, অসমৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ হৃদপিণ্ড ৰংঘৰ আৰু শিৱসাগৰৰ সৌন্দৰ্যবৰ্ধনৰ আধাৰশিলা স্থাপন ইত্যাদিৰে অসমীয়াৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে জনহিতৈষী মুখ্যমন্ত্ৰী গৰাকী।

এই সকলোবোৰৰ মাজতে কোভিড সৃষ্ট ত্ৰাসৰ সময়ত ডঃ শৰ্মাই প্ৰদৰ্শন কৰা অদ্ভুত কৰ্মস্পৃহা আৰু অদম্য সাহস, পূজা -উৎসৱৰ পৰিৱেশত আইন শৃংখলা নিয়ন্ত্ৰণত ৰাখিবলৈ নিজে মহানগৰীৰ ৰাজপথত তৎপৰ হৈ ৰাইজৰ প্ৰহৰীৰ ভূমিকা গ্ৰহণ কৰা নজিৰ,আৰু নতুন প্ৰজন্মক পিতৃ মাতৃৰ প্ৰতি থকা দায়িত্ব সোঁৱৰাই চৰকাৰী চাকৰিয়াল সকলক পিতৃ- মাতৃৰ সেৱাৰ বাবে বিশেষ ছুটিৰ ব্যৱস্থা কৰাৰ তেওঁৰ পদক্ষেপে জনতাৰ মন আৰু হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।
ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনৰ নীতি আদৰ্শৰ প্ৰতি মোহাচ্ছন্ন হৈ আজি অসমৰ সকলো জাতি জনগোষ্ঠী, জনগোষ্ঠীয় ছাত্ৰ -যুৱ সংগঠন,স্বায়ত্ব-শাসিত পৰিষদ ,আদি সকলোৱে এই চৰকাৰখনৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে। চৰকাৰ খনৰ প্ৰতি ৰাইজে প্ৰকাশ কৰা অগাধ বিশ্বাস আজি প্ৰতিফলিত হৈছে পঞ্চায়ত, পৌৰসভা, পৰিষদীয় নিৰ্বাচনকে আদি কৰি উপ- নিৰ্বাচন ,ৰাজ্য সভা নিৰ্বাচন ইত্যাদি সকলোতে লাভ কৰা জনতা জনাৰ্দনৰ বিপুল সঁহাৰি আৰু বিধ্বস্ত বিৰোধী শিবিৰৰ খহনীয়াত।

সমান্তৰালভাৱে ড° শৰ্মাৰ চৰকাৰৰ নাম আৰু যশস্যা কেন্দ্ৰৰ ৰাজনৈতিক মহলতো আকৰ্ষণ আৰু উৎকণ্ঠাৰ কেন্দ্ৰবিন্দু হৈ পৰাৰ বাবেই এসময়ত অৱহেলাৰ পাত্ৰ হোৱা অসমত আজি সঘনাই দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে আৰম্ভ কৰি কেন্দ্ৰৰ বিয়াগোম নেতা, বিষয়াৰ আগমন ঘটিছে। ডঃ শৰ্মাই ইতিমধ্যে স্পষ্ট কৰিছে অসমক সমগ্ৰ দক্ষিণ -পূব এছিয়াৰ দুৱাৰদলিলৈ ৰূপান্তৰিত কৰাৰ হাবিয়াস। চৰকাৰৰ পৃষ্ঠপোষকতাত আজি বিশ্ব মানদণ্ডৰ স্বাস্থ্য আন্তঃ গাঠনি,ব্ৰহ্মপুত্ৰৰ বুকুত আন্তৰাষ্ট্ৰীয় জলপথ নিৰ্মাণৰ পৰিকল্পনা, ইত্যাদি এনে ইচ্ছাৰেই বহিঃপ্ৰকাশ। আগন্তুক দিনত চৰকাৰৰ বাবে প্ৰত্যাহ্বান হিচাপে প্ৰক্ষেপ হোৱা মূল প্ৰশ্নটো হ’ব, এই প্ৰতিশ্ৰুতি সম্পন্ন চৰকাৰখন বাস্তৱ ক্ষেত্ৰত নিজৰ অভিলাষী পৰিকল্পনা সমূহক বাস্তৱ ৰূপ দিবলৈ কিমান দূৰ বদ্ধপৰিকৰ আৰু প্ৰতিজ্ঞাবদ্ধ।
(লেখিকাৰ ফোন নম্বৰ 8638939617)