দেওৰজাৰ পৰম্পৰাগত ভেটি কাঢ়া উৎসৱ

জাগীৰোড: এক অনন্য পৰম্পৰা ৷ ঐতিহাসিক শিলচাঙত খলা দেওঁৰজাৰ ভেটি কাঢ়া উৎসৱ ৷ উৎসৱত ৰজাৰ কৰ-কাটলক লৈ তুমুল কঢ়া-কঢ়ি ৷ ঐতিহাসিক পৰম্পৰা ৰক্ষাৰে প্ৰদৰ্শন প্ৰজাগণৰ ৷ জাগীৰোডৰ শিলচাঙত অনুষ্ঠিত হল খলা দেওঁৰজাৰ ভেটিকাঢ়া উৎসৱ ৷

গোভা ৰাজ্যৰ পৰিসৰ অধিক বিস্তীৰ্ন এলেকা হোৱাৰ বাবেই গোভা ৰজাই চম্ভালিব নোৱাৰি তেওঁৰ কৰতলীয়া ৰজা হিচাপে আন আন ৰজা নেলী, চহৰী আদি ৰজাক অৰ্পন কৰিছিল ৷ সেয়ে গোভা ৰজাক প্ৰতিটো ৰজাই দিব লাগিছিল কৰ-কাটল ৷ অন্য ৰজাবোৰৰ দৰে খলা ৰজায়ো নিয়মীয়াকৈ প্ৰতিবছৰে ভেটি অৰ্থাৎ কৰ কাটল পৰিশোধ কৰি আহিছিল গোভা ৰজাক ৷

এই কৰ পৰিশোধ কৰিবলৈ যাওতে নেলী ৰাজ্য অতিক্ৰম কৰি গোভা ৰাজ্যলৈ যাবলগীয়া হৈছিল খলা ৰাজ্যৰ প্ৰজাগন ৷ খলা ৰজাৰ নিৰ্দেশমৰ্মে প্ৰজা সকলে আদা, হালাধী, কচু, লাও, বেঙেনা আদি কৃষিজাত সামগ্ৰী লৈ কৰ শোধাবলৈ যাওতে আধবাটতে আগচি ধৰি নেলী ৰাজ্যৰ প্ৰজা সকলে কৰ সমূহ কাঢ়ি লৈ নিজে অনা কৰ বুলি গোভা ৰজাক দিছিল ৷ এনে অৱস্থাত খলা ৰাজ্যৰ প্ৰজা সকলে উপায়ন্তৰ হৈ বিষন্ন মনেৰে নিজ ৰাজ্যলৈ উভতি আহি খলা ৰজাক ঘটনাৰ সবিশেষ অৱগত কৰিছিল ৷

কিন্তু খলা ৰজাই সহজেই সেই কথা মানি লবলৈ অমান্তি হোৱাত ভীষন সংকটত পৰিছিল প্ৰজাসকল ৷ সেয়ে প্ৰজা সকলে সন্মূখিন হোৱা বাস্তৱ পৰিস্থিতি পৰোক্ষভাৱে খলা ৰজাৰ আগত দাঙি ধৰিছিল ৷ এয়াই খলা ৰজাৰ পৰম্পৰাগত ভেটি কাঢ়া উৎসৱ ৷

এই কৰতলীয়া ৰজাৰ প্ৰজা সকলে অতীতক সোঁৱৰি আজিও জাগীৰোডৰ শিলচাঙত প্ৰতি বছৰে বহাগ মাহত উদ্‌যাপন কৰি আহিছে ভেটি কাঢ়া উৎসৱটি ৷ঐতিহাসিক দেওৰজাৰ ৰাজ্যৰ ভেটি কাঢ়া উৎসৱ এইবাৰো শিলচাঙত দিনজোৰা বৰ্ণাঢ়্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ৷ বৰ্তমানৰ খলা ৰজা প্ৰবীন দেওঁৰজাক পৰম্পৰাগতভাৱে সজাই পৰাই নৃত্য-গীতৰ মাজেৰে উৎসৱথলীলৈ আদৰি আনে ৰাজপাৰিষদবৰ্গই ৷

দেওৰজাৰ পৰম্পৰাগত ভেটি কাঢ়া উৎসৱ

তাৰ পিছতে তাহানিৰ সমগ্ৰ ঘটনা ৰজাৰ সন্মূখত বাস্তৱ অভিনয়েৰে ৰূপায়ন কৰে প্ৰজা সকলে ৷ উৎসৱত খলা ৰজাৰ লগতে সেনাপতি, পাত্ৰমন্ত্ৰী, চাউদাং, গৰখীয়া, বৰঢুলীয়া, তামুলী, দলৈ, আৰু দেউৰী আদি উপস্থিত থাকে বুলি জানিবলৈ দিয়ে খলা দেউৰজা ৰাজ পাৰিষদ পৰিচালনা সমিতিৰ সভাপতি সুভেন বৰদলৈয়ে ৷ এইবেলি এই পৰম্পৰাগত উৎসৱটো উপভোগ কৰিবলৈ জাতি-বৰ্ন-ধৰ্ম নিৰ্বিশেষে আগমন ঘটিল বিভিন্ন প্ৰান্তৰ শত-সহস্ৰ লোক ৷ যি উৎসৱে জাতি জনগোষ্ঠীৰ মাজত গঢ়িলে এক সমন্বয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply