অম্বুবাচী বিশেষ – আই বসুমতী ৰজস্বলা হৈছে। সময়খিনিৰ নাম সমাজে – সময়ে দিছে অম্বুবাচী। আমি কামৰূপীয়াসকলে নাম দিছো আমতী। আই উৰ্বৰা হৈছে, সেউজ আৱৰণেৰে জাতিষ্কাৰ হ’বলৈ আই সাজু হৈছে।

অসমীয়া বছৰৰ আহাৰ মাহত উদযাপন কৰা অসমৰ এক ঋতুকালীন কৃষি উত্সৱ এই আমতী বা অম্বুবাচী। সংস্কৃতত ‘অম্বু’ৰ মানে পানী আৰু ‘বাচী’ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিতা। অম্বুবাচীৰ এই সময়খিনিতে পৃথিৱী পুষ্পিতা হোৱা বুলি জনবিশ্বাস আছে। শ্ৰুতি মতে আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয়। সেয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত অম্বুবাচীক ‘ষাঁঠ’ বুলিও কোৱা হয়।

আৰ্য আৰু অনাৰ্যৰ স্থানীয় সংস্কৃতি আৰু বিশ্বাসৰ সমন্বয় এই উত্সৱ। কৃষিজীৱি ৰাইজৰ কৃষিৰ প্ৰাচুৰ্য-কামনা আৰু তাৰ বাবে ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ বাসনা অম্বুবাচীৰ গূঢ় উদ্দেশ্য।

ইয়াৰ লগত জড়িত থাকে প্ৰতীকাত্মক ঐন্দ্ৰজাল। অসমৰ মানুহখিনি অতীজৰে পৰা কৃষিজীৱি। ইয়াৰ সমাজ ব্যৱস্থা পৰম্পৰাগত। পৰম্পৰা আৰু ঐন্দ্ৰাজালিকতাৰ সংযোজনৰ দ্বাৰা এক বিশ্বাসৰ সৃষ্টি কৰা হৈছে। সেই বিশ্বাস – পৃথিৱী বছৰত এবাৰকৈ ৰজস্বলা হয় আৰু ‘অম্বুবাচী’,‘আমতি’বা ‘ষাঁঠ’ হৈছে সেই ৰজস্বলা কাল।

আদিম কৃষিজীৱিসকলৰ বিশ্বাসত ৰজস্বলা হোৱাৰ পাছতহে তিৰোতাসকল সন্তান জন্ম দিবলৈ উপযুক্ত হোৱাৰ দৰে পৃথিৱীও অম্বুবাচীৰ পাছতহে শস্য উত্পাদনৰ বাবে উপযুক্ত হয়।

অম্বুবাচী মূলতঃ ঋতুকালীন উত্সৱ হ’লেও ই কালক্ৰমে হিন্দু-পঞ্জিকাৰ আশ্ৰয়ী উত্স‘ৱ হৈ পৰিছে। জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনিপাদ গ’লে চতুৰ্থ পাদৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ মধ্যত বিশ্বজননী ঋতুমতী হয়। এই পূৰ্ণ যোগ সাধাৰণতে আহাৰ মাহৰ ৬/৭ তাৰিখৰ পৰা ১০/১১ তাৰিখলৈকে থাকে।

ভাৰতীয় আধ্যাত্মিক ক্ষেত্ৰখনৰ অন্যতম গুৰুত্বপূৰ্ণ স্থান দখল কৰা– আদ্যাশক্তি মহামায়াৰ অন্যতম ৰূপ হিচাপে বিশ্বাস কৰা গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰত বছৰি অনুষ্ঠিত হোৱা উত্সৱবোৰৰ অন্যতম ‘পৃথিৱী পূজা’বা ‘মাতৃ পূজা’ৰ ধাৰণাৰে হোৱা ‘অম্বুবাচী’,‘আমতি’বা‘ষাঁঠ’

এই মাতৃপূজা—যি পাছৰ যুগত কামাখ্যা মাতৃৰ পূজাত পৰিণত হ’ল,সি পোণতে মাতৃতন্ত্ৰ প্ৰধান সমাজ অষ্ট্ৰিকসকলৰ মাজতহে প্ৰচলিত আছিল। আচলতে আজিৰ ‘পৃথিৱী দেৱী’ বা ‘ধৰিত্ৰী দেৱী’ৰ ধাৰণাও তেওঁলোকৰে আছিল। সেয়ে মাটিৰ উৰ্বৰতা সম্পৰ্কীয় অনুষ্ঠান, বিশেষকৈ কামাখ্যা দেৱীৰ সৈতে সম্পৃক্ত অম্বুবাচীৰ ধাৰণাও এওঁলোকৰ পৰা অহা বুলি ভাবিবৰ থল আছে।

কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰলৈ প্ৰতিবছৰে এই অম্বুবাচীত সোঁত বয় দেশ বিদেশৰ বহু ভক্তৰ। দেৱীৰ যোনি অংগ কামৰূপত পতিত হোৱাত এই নীলাচল পাহাৰতে কামাখ্যা দেৱীৰ শক্তিৰ আৰাধনা পীঠস্থান গঢ়ি উঠিছিল।

কালিকা পুৰাণত আছে যে,সতীৰ যোনিমণ্ডল এই ঠাইত পতিত হৈ শিলা ৰূপ লৈছে। এই শিলাক যি স্পৰ্শ কৰে সিয়ে অমৰত্ব লাভ কৰে বুলি এক জনবিশ্বাস আছে।

এসময়ত কেৱল ব্ৰত-উপবাসৰ অনুষ্ঠান আছিল যদিও কালক্ৰমত কামাখ্যা মন্দিৰৰ অন্যতম প্ৰধান ধৰ্মীয় উৎসৱ হৈ পৰা অম্বুবাচী বা আমতিক লৈও অসমৰ জনসাধাৰণৰ মাজত অনেক বিশ্বাস পৰম্পৰা আছে। আই বসুমতীয়ে সেই গুৰুত্বপূৰ্ণ সময়ছোৱাত যাতে দুখ নাপায় সেয়ে সেই দিনকেইটাত হাল-কোৰ মৰা কাম বন্ধ থাকে। এই কেইদিনত মানুহে মাটি নাকাটে বা নাখান্দে আনকি কোনো আৱৰণ নিদিয়াকৈ মাটিৰ ওপৰত ভাতো নাৰান্ধে। লোকবিশ্বাস মতে, এই সময়্ত উঁই-পৰুৱা,গুৰি-পৰুৱা,কেঁচু আদিয়েও মাটি নাখান্দে।

অম্বুবাচীৰ সময়ত বাৰীৰ বস্তু ছিঙিব নাপায় বুলি এক পৰম্পৰা আছে। এই কেইদিন গোঁসাই-সেৱাও বন্ধ থাকে। কামাখ্যা মন্দিৰকে ধৰি অসমৰ সকলো মন্দিৰৰ দুৱাৰেই এই সময়ছোৱাত বন্ধ থাকে। পূজা-পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠান এই সময়ছোৱাত পালন কৰা নহয়। বহু লোকে এই কেইদিনত বাকচ-পেৰা আদিও নোখোলে|অম্বুবাচীত সকলোতকৈ বেছি মনোযোগ পায় বিধবাসকলে|এই মনোযোগ সহানুভূতিসূচক|এইটো তেওঁলোকৰ নিৰন্নৰ কাল|“অন্নাত্‍ ভৱতি ভূতানি”—অন্নই প্ৰাণী-প্ৰজননৰ শক্তি দিয়ে|বিধবাসকল প্ৰজনন-প্ৰক্ৰিয়াৰ পৰা বঞ্চিতা| সেইকাৰণে, এইকেইদিনত পৰিয়ালৰ লোকসকলে তেওঁলোকক দিয়ে ফল-মূল,গাখীৰ আদি| এই ফল-মূল আদি আনকি পানীও পৃথিৱীৰ সংস্পৰ্শৰ পৰা আঁতৰাই ওপৰত তুলি থোৱা হয়|গাখীৰো মাটিৰ স্পৰ্শলৈ নহাকৈ খীৰোৱাৰ নিয়ম|

এই কেইদিনত ঋতুমতীসকলো উপবাসে থকাৰ নিয়ম। অম্বুবাচীত কেঁচা গাখীৰ খালে শৰীৰৰ কাৰণে মংগলজনক বুলি পৰম্পৰাগত বিশ্বাস প্ৰচলিত আছে। অম্বুবাচী নিবৃত্তিৰ পাছত ঘৰত ব্যৱহাৰ কৰা কাপোৰ-কানি,বাচন-বৰ্তন ধুই-পখালি শুদ্ধ কৰি লয়|অম্বুবাচীৰ শুদ্ধি উপলক্ষে নিবৃত্তিৰ দিনা ঠাই বিশেষে বিশেষ উত্সৱো পাতে| দেউৰী, চুতীয়াসকলৰ বুঢ়া-বুঢ়ী,কেঁচাইখাতী আদি মন্দিৰত অম্বুবাচী নিবৃত্তিৰ বিশেষ নিয়ম আছে|

নামনি অসমৰ ঠায়ে ঠায়ে ষাঁঠ আৰম্ভ হয় জেঠৰ সংক্ৰান্তিৰ তিনিদিন পূৰ্বৰে পৰা| ষাঁঠত সধবা তিৰোতাই ব্ৰত কৰে|ব্ৰত আৰম্ভ হোৱাৰ দিনা আয়তীসকলে গীত-পদ গায় আৰু উৰুলী দি পানীৰ তলৰ পৰা বোকা-মাটি তুলি আনি বৰাত পূজা পাতে। ফুল-সেন্দুৰ,তামোল-পাণ আদিৰে সজোৱা,পূজাৰ বেদী স্বৰূপ আসন পতা পীৰা এখনত থপা এই মাটিত বিভিন্ন শস্যৰ বীজ ছটিওৱা হয়|এই মাটিত যিবিধ শস্য বেছিকৈ গজে সেইবিধৰ খেতি সেই বছৰত বেছিকৈ হয় বুলি লোকবিশ্বাস আছে| স্বামীৰ দীৰ্ঘায়ু কামনা কৰি আয়তী-সকলে ব্ৰতৰ কেইদিনত এই মাটিত পূজা-সেৱা কৰে|ব্ৰতৰ অন্তত থাপনাৰে সৈতে সকলো সামগ্ৰী পানীত উটুৱাই দিয়া নিয়ম। কামাখ্যাৰ ষাঁঠ-বৰতৰ লগত অন্য ষাঁঠ-বৰতৰ নিয়মৰ পাৰ্থক্য আছে। ষাঁঠ-বৰতৰ সময়ত কেইটামান বিশেষ ধৰণৰ সাধুকথা কোৱা আৰু শুনা নিয়ম আছে।

এটা সৰ্বজনবিদিত প্ৰবাদ আছে যে,কামাখ্যা দেৱীৰ ৰজোকালীন ৰক্তবস্ত্ৰ দেহত ধাৰণ কৰিলে, ভক্তৰ মনৰ বাঞ্চা পূৰ্ণ হয়|শাস্ত্ৰত আছে—
কামাখ্যা বস্ত্ৰমাদায় জপ-পূজ্যাং সমাচৰেত্‍|
পূৰ্ণ কামং লাভ দেবী সত্যং সত্যং ন সংশয়||

কামাখ্যা সদায়েই চিৰাচৰিত ৰহস্যেৰে আৱৰা|একেই ৰহস্য অম্বুবাচীৰ ক্ষেত্ৰতো|ইয়াৰ বৈজ্ঞানিক কাৰণ যিয়েই নহওক, এক বিশ্বাস, এক কুহেলিকাই প্ৰতি বছৰে হাজাৰ হাজাৰ লোকক কামৰূপ কামাখ্যালৈ আকৰ্ষণ কৰিয়েই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,467 other subscribers

Leave a comment

Leave a Reply Cancel reply