নিউজ ডেস্কঃ ‘কাহিলী পুৱাতে জান ঐ’ এই জনপ্ৰিয় বিহুগীতটো হয়তো সকলোৱে শুনিছে। ২০০৯ চনত মুক্তিলাভ কৰা ‘জানমনি’ এলবামটোৰ এই গীতটোৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ মাজতে জনপ্ৰিয় হৈ উঠিছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী। এই গীতটোৰে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত খোজ পেলোৱা প্ৰিয়ংকা ইয়াৰ পিছৰ পৰা আৰু থমকি ৰোৱা নাই। কন্ঠশিল্পীগৰাকীয়ে অসমবাসীক বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিছে । ২০১৩চনত শিল্পী গৰাকীয়ে ভূপেন হাজৰিকা এৱাৰ্ডো লাভ কৰিছিল। অসমীয়াৰ লগতে প্ৰিয়ংকাই বহুকেইটা ভাষাতো গীত পৰিৱেশন কৰিছে। শেহতীয়াকৈ বলিউডৰ এখন বিগ বাজেটৰ ছবি ‘KGF CHAPTER 2’ ৰ এটি গীতত কন্ঠ নিগৰালে শিল্পীগৰাকীয়ে। ছবিখনৰ ’তুফান’ শীৰ্ষক গীতেৰে বলিউডলৈ যাত্ৰা প্ৰিয়ংকাৰ। ১৪ এপ্ৰিলত শুভমুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে।

ৰঙালী বিহুৰ সময়ত ইষ্টম’জ’ অসমৰ তৰফৰ পৰা কন্ঠশিল্পীগৰাকীৰ এটি সাক্ষাৎকাৰ লোৱা হৈছিল। সেই সাক্ষাৎকাৰৰ এটি সংক্ষিপ্ত অংশ আপোনালোকলৈ আগবঢ়ালো-

প্ৰশ্নঃ বিহুমঞ্চত আপুনি পিন্ধা পোছাকযোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। সেই পোছাকযোৰৰ নিৰ্বাচন আপুনি নিজেই কৰে নে costume designer কৰি দিয়ে?

প্ৰিয়ংকা ভৰালীঃ বিহুৰ কাৰণে মই সদায় নিজেই সাজু হও। মই কোনযোৰ কাপোৰ পিন্ধি মঞ্চত আৰাম অনুভৱ কৰিম সেইটো মই নিজেই নিৰ্বাচন কৰো। কাৰণ মঞ্চত বহু কথা চাব লাগে। বেছি heavy কাপোৰ পিন্ধি মই মঞ্চত উঠিব নোৱাৰো কাৰণ বহুত গৰম হয়। কেইজনমান মোৰ বহুত ভাল designer আছে তেওঁলোকৰ পৰাও সময়ত প্ৰয়োজন হ’লে লও। তেনেকৈয়ে মঞ্চৰ বাবে সাজু হও।

প্ৰশ্নঃ বিহু মঞ্চত গীত পৰিৱেশন কৰা আৰু অন্য মঞ্চত গীত পৰিৱেশন কৰা মাজত পাৰ্থক্যটো কি? আপুনি ক’ত বেছি পছন্দ কৰে?

প্ৰিয়ংকা ভৰালীঃ মঞ্চই মই খুব ভালপাওঁ। মঞ্চত যিটো পৰিৱেশ থাকে সেই পৰিৱেশটো মোৰ খুব ভাললাগে। যেতিয়া আমি লাইভ শ্ব’ কৰো তেতিয়া গোটেই মানুহৰ মাজত সোমাই একেলগে স্ফূৰ্টি কৰি অনুষ্ঠান কৰা আমেজটো বেলেগ। গতিকে মঞ্চ বুলি কলেই মই এনেও খুবেই স্ফূৰ্টি পাওঁ। মোৰ সকলোতকৈ ভাল লগা সময়খিনিয়ে মঞ্চ।

প্ৰশ্নঃ শেহতীয়াকৈ আপোনাৰ এটি গীতে ‘তুফান’ সৃষ্টি কৰিছে। গীতটো লৈ আপোনাৰ অনুভৱ কেনেকুৱা?

প্ৰিয়ংকা ভৰালীঃ প্ৰথম কথা মই নিজকে ভাগ্যৱান বুলি ভাবো যেতিয়া ভাল এটা project ত নিজৰ নামটো ওলাই। এটা সৰু partৰ অংশীদাৰ হ’লেও নামটো ওলালে মনত এটা আনন্দ লাগে আৰু উৎসাহিত হওঁ, ভাল কাম কৰিবলৈ প্ৰেৰণা পাওঁ । মনত স্ফূৰ্ত্তি এটা লাগি আছে ভাল লাগিছে। বাহিৰত ইমান এটা ডাঙৰ projectত সাঙুৰ খাবলৈ পাৰিছো প্ৰথম অভিজ্ঞতা হিচাপে মোৰ কাৰণে আটাইতকৈ ভাল লগা এটা কথা।

সম্পূৰ্ণ সাক্ষাৎকাৰ চাবলৈ তলত উল্লেখ কৰা ইষ্টম’জ’ অসমৰ ইউটিউব লিংকটো Click কৰক

YouTube video

লগতে পঢ়কঃচুলি সদায় চুটিকৈ কিয় ৰাখে জনপ্ৰিয় কন্ঠশিল্পী তৃষ্ণা দেৱীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply