নিউজ ডেস্কঃ অভিনেতা পদ্মৰাগ গোস্বামী অসমীয়া চলচ্চিত্ৰ জগতৰ এজন সুদক্ষ অভিনেতা। পদ্মৰাগ গোস্বামীক প্ৰায় সংখ্যক চিনেমা অথবা ধাৰাবাহিকত খলনায়কৰ চৰিত্ৰতে দেখা পোৱা যায়।  প্ৰতিঘাট, ৰত্নাকৰকে ধৰি বহুকেইখন চিনেমাত অভিনয় কৰা পদ্মৰাগ গোস্বামীক এইবাৰ দেখা যাব ডঃ বেজবৰুৱা২ নামৰ চলচ্চিত্ৰখনত। ৰীল লাইফত ভিলেইনৰ ৰূপতে দেখি অহা অভিনেতা গৰাকী ৰিয়েল লাইফত পিছে নম্ৰ,সহজ সৰল। 

অভিনেতাজনৰ সৈতে হোৱা ইষ্টম’জ’ অসমৰ এক সংক্ষিপ্ত সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালো-

প্ৰশ্নঃ আপোনালোকে বহুত ব্যস্ত থাকিব লাগে। পৰিয়ালকো সময় দিব লাগে। সময়বোৰ কেনেকৈ manage কৰে?

পদ্মৰাগ গোস্বামীঃ শ্বুটিং শ্বুটিঙৰ মতে হৈ থাকে, পৰিয়ালক যিখিনি সময় দিব লাগে সেইয়াও তেনেকৈয়ে চলি থাকে। তাৰমাজতে নিজৰ কাৰণে যিখিনি কাম কৰিবলগীয়া হয় exercise য়েই হওক বা নিজক entertainment কৰিবলৈ যিখিনি কৰিব লাগে সেইখিনিও কৰি থাকো। প্ৰাণায়াম কৰো, যোগাসন কৰো, চিনেমা চাবলৈ যাওঁ হলত যিহেতু অভিনয় কৰি ভালপাওঁ চিনেমা চাইয়ো ভালপাওঁ। খেলৰ প্ৰতিয়ো মই যথেষ্ঠ আগ্ৰহী। তেনেকৈয়ে manage হৈ থাকে।

প্ৰশ্নঃ আপোনাক অধিকাংশ চৰিত্ৰতে ভিলেইনৰ চৰিত্ৰতে দেখা যায়। আপুনি ভিলেইনৰ চৰিত্ৰটোৱে কিয় বাচি লয়?

পদ্মৰাগ গোস্বামীঃ মই বাচি লোৱা নাছিলো মোকে বাচি লৈছিলে। সেই চৰিত্ৰত মোৰ অভিনয় চাগৈ বেছে ভালপালে। সেই সময়ত মোৰ সমসাময়িক যিকেইজন অভিনেতা আছিল খলনায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা খুব কম আছিল। তেনেকৈয়ে বেছি ভাগ নিগেটিভ চৰিত্ৰই কৰা হ’লো। কিন্তু তাৰোপৰি মই খুব চিধা-চাধা ল’ৰা বুলি কয় যে তেনেকুৱা চৰিত্ৰও কৰিছো,কমেডীয়ো কৰিছো। এখন কমেডী চিনেমা মুক্তিলাভ কৰিব। প্ৰায় সম্পূৰ্ণ হৈছে চিনেমাখনৰ কামকাজ।

প্ৰশ্নঃ কলেজত বাৰু আপোনাৰ প্ৰেম হৈছিল নে? আপোনাক দেখি নালাগে আপুনি যে মানুহজন খুব ৰূমান্তিক।

পদ্মৰাগ গোস্বামীঃ ৰোমাঞ্চৰ সকলোৰে নিজৰ নিজৰ ধাৰণাটো বেলেগ বেলেগ থাকে। প্ৰেম বুলি ক’ব পৰাকৈ হোৱা নাছিল কিন্তু ভাল লাগে। প্ৰেম এনেকুৱা নহয় যে ধুনীয়া ছোৱালী এজনী দেখিলেই ভাল লাগে, ধুনীয়া ল’ৰা এটা দেখিলেও ভাল লাগে। বডী থকা, স্মাৰ্ট, ফিট, হেণ্ডচাম ল’ৰা এজন অভিনেতাই হওক বা খেলুৱৈ হওক অথবা আৰক্ষীৰ লোকেই হওক। আজিকালি আমি নতুন যিকেইজন আৰক্ষী দেখাপাওঁ ট্ৰেফিকতেই বা বেলেগতেই তেওঁলোক বহুত ফিট থাকে,ওখ পাশ দেখি ভাল লাগে।

সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ তলত উল্লেখ কৰা ইষ্টম’জ’ অসমৰ youtube link টো Click কৰক-

লগতে পঢ়কঃবিহুমঞ্চত পিন্ধা কাপোৰযোৰৰ বাছনি প্ৰিয়ংকাক কোনে কৰি দিয়ে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply