নিউজ ডেস্কঃ শেহতীয়াকৈ মুক্তিলাভ কৰা বলীউড চলচ্চিত্ৰ ‘A Thursday’ হয়তো সকলোৱে চাইছে। চলচ্চিত্ৰখনত অভিনয় কৰা গোৱেকাৰ নামৰ সেই বিশেষ চৰিত্ৰটো হয়তো আপোনালোকৰ নিশ্চয় মনত আছে। গোৱেকাৰৰ চৰিত্ৰত অভিনয় কৰা সেই অভিনেতাজন হৈছে অসম সন্তান বলৰাম দাস। ইতিমধ্যে বলৰাম দাসে ‘গব্বৰ ইজ বেক’, ‘হাইজেক’, ‘ৱেলকাম হোম’কে ধৰি বলীউডৰ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি সকলো মন-প্ৰাণ জয় কৰিবলৈ সক্ষম হৈছে।
‘A Thursday’ চলচ্চিত্ৰখনত বলৰাম দাসৰ লগতে অভিনয় কৰিছে য়ামী গৌতম, নেহা ধুপিয়া, ডিম্পল কাপাড়িয়া, অতুল কুলকাৰ্ণীকে ধৰি বলীউডৰ বহুকেইগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে।
বলৰাম দাসে বলীউডৰ কেইবাখনো ৱেব ছিৰিজত অভিনয় কৰাৰ লগতে ‘Gulf engine oil’, ‘Tata IPL’, ‘Asian Paints’ আদি টেলিভিছনৰ বহুকেইটা বিজ্ঞাপনটো অভিনয় কৰিছে।
অভিনেতাজনৰ সৈতে হোৱা ইষ্টম’জ’ অসমৰ এক সংক্ষিপ্ত সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালো-
প্ৰশ্ন- ৱেব ছিৰিজতে বা বিগ স্ক্ৰীণতে কেতিয়াবা মুখ্য চৰিত্ৰতকৈ নিগেটিভ চৰিত্ৰই মানুহৰ অন্তৰত বিশেষ ভাৱে সাঁচ বহুৱাই যিদৰে ‘A Thursday’ চলচ্চিত্ৰখনত কৰা আপোনাৰ অভিনয়। তেনেকুৱা এটা চৰিত্ৰত অভিনয় কৰিবলৈ নিজকে কেনেদৰে প্ৰস্তুত কৰিব লাগে?
বলৰাম দাস- মই কিন্তু খুব ভালপাওঁ এনেকুৱা নিগেটিভ চৰিত্ৰবোৰ কাৰণ মই এনেকুৱা এজন ব্যক্তি যিয়ে ৰিয়েল লাইফত সদায় নিউট্ৰেল অৱস্থাত থকাটো পছন্দ কৰো। গতিকে এনেকুৱা বিপৰীত এটা চৰিত্ৰ যেতিয়া পোৱা যায় তেতিয়াহ’লে challenge কিছুমান বাঢ়ি যায়। যেনেকুৱা ‘A Thursday’ হওক আৰু ‘welcome home’ বুলি মোৰ এখন চিনেমা আছে সকলো এইবোৰ dark ফিল্ম। তাত যেতিয়া dark চৰিত্ৰ এটা যেতিয়া পোৱা যায় তেতিয়া সচৰাচৰ যিটো লাইফ তাতকৈ struggle টো বেছি হৈ যায়। তাত struggle হোৱা অভিনেতা এজনে যেতিয়া তাৰপৰা ওলাই ভাল এটা achievement পাই বা নিগেটিভ এটা চৰিত্ৰৰ কাৰণে ইমানেই প্ৰশংসা পাই তেতিয়া ভাল লাগে। ইমান বেয়া চৰিত্ৰত অভিনয় কৰাৰ পাছতো মানুহে ইমান মৰম দিয়ে তেতিয়া ভাল লাগে। মানুহে মোৰ চৰিত্ৰটোতকৈ অভিনয়ৰ দক্ষতাটোক বেছি ভাল পাইছে। যিয়ে মোক ব্যক্তিগত ভাৱে জানে যে এই মানুহজন বিৰাট সহজ-সৰলকৈ থাকে তেওঁ কেনেকৈ ইমান extream যাব পাৰে বুলি মানুহৰ পৰা মই বিৰাট প্ৰশংসা পাইছো।
প্ৰশ্নঃ বলীউড বহুত সংঘাতেৰে পৰিপূৰ্ণ। বলীউডত বলৰাম দাসৰ struggle কেনেদৰে চলি আছে?
বলৰাম দাস- struggle বুলি ক’বলৈ হ’লে মই এটা বেলেগ ভাষা-সংস্কৃতিৰ লগতে এটা middle class ফেমিলীৰ পৰা belong কৰো গতিকে মোৰ কাৰণে মোৰ ভাষাটো এটা ডাঙৰ struggle। কাৰণ তাত হিন্দী ভাষাত কাম কৰিব লাগে। ব্যাকৰণৰ ভুল আমি বহুত কৰো। আন এটা struggle হৈছে কামৰ ক্ষেত্ৰত। কামক সদায় ব্যতিক্ৰম ভাৱে প্ৰদৰ্শন কৰিব লাগিব। যদি সকলোৰে দৰে common হৈ যাও তেতিয়া কামত কোনেও নলয়।
প্ৰশ্নঃ আপুনি বহুকেইটা টেলিভিছনৰ বিজ্ঞাপনতো অভিনয় কৰিছে। চিনেমা নে বিজ্ঞাপন ক’ত অভিনয় কৰি বেছি ভালপায়।
বলৰাম দাস- চিনেমাত অভিনয় কৰিলে বহুত সময় পাওঁ কিন্তু বিজ্ঞাপনৰ যেতিয়া শ্বুটিং কৰা যায় তাত বেছি সময় পোৱা নাযায়। ৩০ ছেকেণ্ড নিজৰ আবেগ-অনুভূতি সকলোবোৰ দেখুৱাব লগা হয়। গতিকে এখন চিনেমাতকৈ বিজ্ঞাপনত অভিনয় কৰাটো বেছি জটিল। কিন্তু enjoy দুয়োটাতে খুব কৰা যায়।
সম্পূৰ্ণ সাক্ষাৎকাৰটো চাবলৈ তলত উল্লেখ কৰা ইষ্টম’জ’ অসমৰ youtube link টো Click কৰক-