বিশ্ব ঘৰ চিৰিকা বা ঘনচিৰিকা দিৱসত ব্যতিক্ৰমী প্ৰচেষ্টা খুমটাইৰ এটা পৰিয়ালৰ

গোলাঘাট: আজি বিশ্ব ঘৰ চিৰিকা বা ঘনচিৰিকা দিৱস ৷ এটা সময়ত চোতাল শুৱনি কৰা মৰমলগা ঘৰচিৰিকা চৰাই সম্প্ৰতি বিলুপ্তিৰ পথত ৷ চাৰিওফালে কংক্ৰিটৰ ঘৰে আগুৰি ধৰাত ঘৰচিৰিকাৰ আৱাসস্থল হিচাপে জনাজাত খেৰিঘৰ সমূহ বিলুপ্তি হৈ অহাৰ লগে লগে চৰাইবিধ যেন বিপাঙত পৰিছে ৷ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়।

কিন্তু খুমটাইৰ চিনাতলী গাঁৱৰ এজন লোকে ঘৰতে সংৰক্ষিত কৰিছে ঘৰচিৰিকা চৰাই ৷ চিনাতলীৰ অনন্ত শইকীয়াৰ পৰিয়ালে নিজ ঘৰতে সুবিধা কৰি দিছে ঘৰচিৰিকাৰ বাবে বাসস্থান ৷ আজি বিশ্ব ঘৰচিৰিকা দিৱসৰ দিনটোত কিছুসংখ্যক স্কুলীয়া ছাত্ৰছাত্ৰীক নিজ ঘৰলৈ নিমন্ত্ৰণ জনাই উপহাৰ দিলে একোটিকে ঘৰচিৰিকা থাকিবলৈ সুবিধা হোৱা একোটাকৈ বাকচ ৷ ২০১২ চনৰে পৰা ঘৰচিৰিকা সংৰক্ষণ কৰি আহিছে পৰিয়ালটোৱে ৷ ঘৰতে শাৰী শাৰীকৈ ওলমাই থৈছে ঘৰচিৰিকা বাসকৰা বাকচ সমূহ ৷ ছাত্ৰছাত্ৰী সকলক ঘৰচিৰিকা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সজাগতাও কৰে অনন্ত শইকীয়া আৰু পত্নীয়ে ৷বৰ্তমান সমাজৰ পৰা হেৰাই যাবলৈ ধৰা চৰাই বিধ সংৰক্ষণ কৰা আৰু সংৰক্ষণ কৰিবলৈ সকলোকে সজাগ কৰা প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয় ৷

আৰু পঢ়কঃ হাজোত অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply