নিউজ ডেস্ক- এটা সময় আছিল যক্ষ্মাৰ নাম শুনিলেই সকলোৱে আতংকত কঁপি উঠিছিল। লাহে লাহে এই ৰোগৰ সৈতে মানুহে যুঁজিবলৈ শিকিছে।
প্ৰতিবছৰে ২৪ মাৰ্চ দিনটোক বিশ্ব যক্ষ্মা দিৱস হিচাপে পালন কৰা হয়।
১৮৮২ চনৰ ২৪ মাৰ্চ তাৰিখে জাৰ্মানী চিকিৎসক তথা বিশ্বৰ অন্যতম Bacteriologist ৰবাৰ্ট কোচে Tubercle Bacillus নামৰ এই বেক্টেৰিয়াবিধ চিহ্নিত কৰিছিল।
জনসাধাৰণক যক্ষ্মা ৰোগৰ প্ৰতি সজাগ কৰিবলৈ প্ৰতি বছৰে ২৪ মাৰ্চত এই দিৱস উদযাপন কৰা হয়।
২০১৮চনলৈকে যক্ষ্মা ৰোগত প্ৰায় ১০ মিলিয়ন লোক আক্ৰান্ত হৈছে।
বৰ্তমানলৈকে এই ৰোগত মৃত্যুৰ সংখ্যা প্ৰায় ১.৫ মিলিয়ন।
১৮৯০ চনৰ আগলৈকে যক্ষ্মা ৰোগ আছিল সকলোৰে কাৰণে আতংকৰ বিষয়।
চিকিৎসক ৰবাৰ্ট কোচে ১৮৯০চনত যক্ষ্মাৰ প্ৰতিষেধক বিচিজি প্ৰস্তুত কৰি উলিয়ায়।
যক্ষ্মাৰ প্ৰতিৰোধৰ বাবেই প্ৰতিটো শিশুক বিচিজি বেজী দিয়া হয়।
বৰ্তমান এই ৰোগৰ আতংক জনসাধাৰণৰ মাজত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও এই ৰোগৰ সংক্ৰমণ হ্ৰাস হোৱা নাই।
চিকিৎসকগৰাকীৰ এই মহান অৱদানৰ বাবে ১৯০৫ চনত Physiology of Medicine ত ৰবাৰ্ট কোচক ন’বেল বটাঁৰে সন্মানিত কৰা হয়।
এই মাৰাত্মক ৰোগবিধত ভাৰততে বছৰি গড়ে ২,২0,000 লোক আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰে।
প্ৰতিটো বছৰে বিশ্ব যক্ষ্মা দিৱসৰ দিনটোৰ এটা বিশেষ ‘থিম’ থাকে। এই বছৰৰ ‘থিম’ হৈছে ‘ The Clock is ticking