কাঠৰ কৃত্ৰিম উপগ্ৰহ

দীপক কুমাৰ দাস: পৃথিৱীৰ পৰা প্ৰতিযোগিতা মহাকাশলৈ উত্তৰণ ঘটিছে।বিশ্বৰ দেশসমূহে মহাকাশত কোনে কেনেদৰে আধিপত্য চলাব পাৰে তাৰ প্ৰতিদ্বন্দিতা চলাইছে। বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ লগতে মানৱ জাতিৰ কল্যাণৰ কাৰণে ইখনৰ পাছত সিখন দেশে কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি আছে। মহাকাশত ভিৰ বাঢ়িছে, আনকি কৃত্ৰিম উপগ্ৰহৰ ভগ্নাংশই সমস্যাৰ সৃস্টিও নকৰা নহয়।ধাতুৰে নিৰ্মিত উপগ্ৰহৰ ভগ্নাংশই সমস্যাৰ সৃষ্টি কৰাৰ বাবেই এইবাৰ কাঠেৰে নিৰ্মিত কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিবৰ বাবে সাজু হৈছে। ইতিমধ্যে ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে।

প্ৰথম বাৰৰ বাবে কাঠেৰে নিৰ্মিত নেন”চেটেলাইট অৰ্থাৎ ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহ ইউৰোপীয় মহাকাশ সংস্থা(ই এছ এ)ই মহাকাশলৈ প্ৰেৰণ কৰিব। কাঠ তথা প্লাইউডৰ দ্বাৰা নিৰ্মাণ কৰা নেন’ চেটেলাইটটিত কোনো ধৰণৰ ধাতু ব্যৱহাৰ কৰা নহয়। অৱশ্যে চেটেলাইটটোৰ প্লাইউডৰ ক্ষেত্ৰত মহাকাশৰ পৰিৱেশৰ কেনে প্ৰভাৱ পৰে তাক জানিবলৈ সংযুক্ত ছেলফি ষ্টিকডাল ধাতুৰে সজা।

চেটেলাইটটো ১০ঘন ছেন্টিমিটাৰৰ। অৰ্থাৎ ৪×৪×৪ ইঞ্চি। ওজন ২.২এলবিএছ। কিলোগ্ৰামৰ হিচাপত এক কিলোগ্ৰাম। ফিনলেণ্ডৰ আৰ্কটিক এষ্ট্ৰোনটিকছে ডিজাইন আৰু বিকাশ কৰা চেটেলাইটটোৰ নাম-উইছা উডচ্যাট (wisa woodsat)। উইছা হ’ল তৰপীয় প্লাইউড। আৰ্কটিক এষ্ট্ৰোনটিকছৰ সহ প্ৰতিষ্ঠাতা জাৰি মেকিনেনে প্ৰকাশ কৰা মতে অতি তাপ, শীত ,চাপ আৰু বিকিৰণৰ পৰা সুৰক্ষিত কৰি ৰাখিব পৰা প্লাইউডৰ সামগ্ৰীৰে ক্ষুদ্ৰ কৃত্ৰিম উপগ্ৰহটি নিৰ্মাণ কৰা হৈছে ।

বাৰ্ছ গছৰ পৰা প্লাইউড আৰু সেই প্লাইউড অত্যাধুনিক প্ৰযুক্তিৰে উন্নীত কৰা হৈছে। ফিনলেণ্ডৰ ইউপিএম প্লাইউড নামৰ কোম্পানীটোৱে অতি তাপমাত্ৰাত প্লাইউড উতলাই পাছলৈ শুকুৱাই অতিকে জটিল পৰিবেশত নষ্ট নোহোৱাকৈ
গঢ়ি তোলে প্লাইউড। মহাকাশত থকা উচ্চ প্ৰতিক্ৰিয়াশীল অক্সিজেনৰ পৰাও সুৰক্ষিত। চলিত বৰ্ষৰ শেহৰ ফালে নিউজিলেণ্ডৰ মাহীয়া পেনিনছুলা উৎক্ষেপণ চৌহদৰ পৰা ৰকেট লেব ইলেকট্ৰন ৰকেটৰ সৈতে এক কিলোগ্ৰাম ওজনৰ উডচ্যাট উৎক্ষেপণ কৰা হব।

পৃথিৱীৰ পৰা ৫০০-৬০০কিলোমিটাৰ নিলগত কক্ষপথত চেটেলাইটটি সংস্হাপিত কৰা হব। কাঠৰ বাকচৰ আৰ্হিৰ চেটেলাইটটিত দুটা কেমেৰা আছে।যাৰ জৰিয়তে মহাকাশত প্লাইউড তৰপৰ কিবা পৰিবৰ্তন ঘটে নেকি,গবেযকে তাৰ নিৰীক্ষণ কৰিব । চেটেলাইটটিত সংলগ্ন ছেলফি ষ্টিকেৰে প্ৰতি ৩০ছেকেন্দৰ মূৰে মূৰে ফটো তুলিব। উৎক্ষেপণৰ পূৰ্বে উইচা উডচ্যাটৰ কেইবাটাও পৰীক্ষণ চলোৱা হৈছে।

কাঠৰ উপগ্ৰহ উইছা উডচ্যাট


ফিনলেণ্ডৰ ভান্টাৰ হিউৰেকা ছায়েন্স চেন্টাৰৰ পৰা বেলূনেৰে উইচা উডচ্যাট পৃথিৱীৰ ষ্টেটোষ্ফিয়াৰলৈ উৰুৱাই সফল হৈছে । এই উৰণ ২ঘন্টা ৫৪ মিনিট ধৰি চলিছিল। শেহতীয়াকৈ
যোৱা ১২জুনত পৃথিৱীৰ পৰা ৩১ কিলোমিটাৰ উচ্চতালৈ বেলুনৰ জৰিয়তে উৰুৱাই তিনি ঘণ্টা পৰীক্ষণ কৰে আৰু এই পৰীক্ষণত সকলো আশানুৰূপ হয়।

ছেলফি ষ্টিকেৰে চেটেলাইট উৎক্ষেপণৰ ফটো তোলা হয়। সমগ্ৰ প্ৰক্ৰিয়াটোৰ ফটো সংগৃহীত হয়। ফিনলেণ্ডত নিৰ্মিত এই কাঠৰ চেটেলাইট অভিযান মহাকাশত নতুনত্ব আনিব।এই ঐতিহাসিক অভিযান ২০২১ বৰ্ষৰ শেহৰফালে ইউৰোপীয় মহাকাশ সংস্থাই চলাব। উল্লেখ্য যে শিক্ষাৰ্থীৰ কাৰণে কিউবচ্যাট কিটছ প্ৰস্তুত কৰা কোম্পানী আৰ্কটিক এষ্টোনটিকছে ২০১৭চনত কিউবচ্যাটৰ কাঠৰ সংস্কৰণ উডচ্যাটৰ ধাৰণাৰে ইয়াৰ পৰিকল্পনা আৰম্ভ কৰে আৰু চাৰি বছৰতে সফল হোৱাৰ দিশে ।

লগতে পঢ়ক মহানগৰীৰ মাজ মজিয়াত জোঁৱায়েকে ধর্ষণ কৰিলে শাহুয়েকক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply