গুৱাহাটী – জালুকবাৰী, অসম, উত্তৰ-পূৱ, তাৰ পিছত?
এতিয়া মানুহৰ আড্ডাত জমি উঠা বিষয় এয়া। এই উচ্চাকাঙ্খী মানুহজন হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ অভিলাষী অপাৰেশ্যন লোটাছৰ অন্যতম প্ৰধান অস্ত্ৰৰ নাম হিমন্ত বিশ্ব শৰ্মা। আঞ্চলিক ৰাজনীতিৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ হঠাৎ উত্থান হোৱা অসমৰ এই ৰাজনীতিবিদগৰাকীৰ বাবে পৰৱৰ্তী লক্ষ্য কি? পৰৱৰ্তী লক্ষ্য দিল্লী। এই লক্ষ্য কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীৰ আসন বুলিবও পাৰে, অথবা দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰীৰ আসন বুলিবও পাৰে।
আচলতে অপাৰেশ্যন লোটাছৰ অন্তৰ্ভুক্ত কৰা হৈছে দিল্লী বিধানসভাক। ইতিমধ্যে মহাৰাষ্ট্ৰ চৰকাৰ উদ্ধৱ থাকৰেৰ হাতৰ পৰা যাও যাও। মহাৰাষ্ট্ৰ চৰকাৰ বিজেপিয়ে নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ পিছতেই পৰৱৰ্তী লক্ষ্য হিচাপে হাতত লোৱা হৈছে দিল্লী। দিল্লীত অপাৰেশ্যন লোটাছ কাৰ্যকৰী কৰাৰ দায়িত্ব দিয়া হ’ব নৱৰত্নক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই নৱৰত্নৰ আৰু এটা সাফল্যই দুৱাৰ মুকলি কৰি দিব উত্তৰ হিমন্ত বিশ্ব শৰ্মাৰ।
মুখ্যমন্ত্ৰীত্বই ৰাজনৈতিক জীৱনৰ চৰম লক্ষ্য আছিল নেকি বৰ্তমানৰ মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ? ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী হোৱালৈ এক বৰ্ণিল অথচ বহু কণ্টকময় পথ অতিক্ৰম কৰিবলগীয়া হৈছে ড. শৰ্মাই। ২০২১ চনত সৰ্বানন্দ সোণোৱালৰ পৰা মুখ্যমন্ত্ৰীত্ব হাতত লোৱাৰ পিছত এতিয়া সৰ্বত্ৰে আলোচনা – ইয়াৰ পিছত কি? মুখ্যমন্ত্ৰী হৈ থাকিব নে দিল্লীলৈ গুচি যাব হিমন্ত বিশ্ব শৰ্মা? বহু লোকে ফেচবুকে হোৱাটছএপে আলোচনা কৰিছে, মানুহজনক অসমতে মুখ্যমন্ত্ৰী হিচাপে লাগে, অন্ততঃ আমাৰ ল’ৰা ছোৱালী খুটি খাব পৰা হোৱালৈ। এইবোৰ আচলতে মুখ্যমন্ত্ৰী হিচাপে মানুহৰ আস্থা জিনাৰ ফল। ফোনতেই হওক, হাতে-বজাৰে হওক এতিয়া আলোচনা চলিছে, ২০২৪ ৰ লোকসভা নিৰ্বাচনতে হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰলৈ লৈ যোৱা হ’ব। এই পূৰ্বানুমানবোৰৰ ভিত্তি নথকা নহয়।
নেডাৰ সমন্বয়ৰক্ষী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা কেন্দ্ৰত, বিজেপিৰ শীৰ্ষমহলত প্ৰভাৱ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ। ইণ্ডিয়া ফাউণ্ডেশ্যনক লৈ ৰাম মাধৱৰ সৈতে আভ্যন্তৰীণ সংঘাত, মণিপুৰত এন বীৰেন সিংৰ চৰকাৰ গঠনত ব্যৱহাৰ কৰা বিচক্ষণতা, সৌৰভ গাংগুলীক বিচিচিআইৰ সভাপতি হিচাপে অধিষ্ঠিত কৰোৱা আৰু অন্য়ান্য বিভিন্ন পৰিঘটনাৰ পিছত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি প্ৰিয়ভাজন বুলি খ্যাত হিমন্ত বিশ্ব শৰ্মাই সকলোৰে অজ্ঞাতে মহাৰাষ্ট্ৰ চৰকাৰ ভঙা-গঢ়াত যি পদক্ষেপ গ্ৰহণ কৰিলে ইয়েই দিল্লী যাত্ৰাৰ পথ মসৃণ কৰি তুলিলে। সৌসিদিনা এনডিএ সমৰ্থিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুৰ মনোনয়ন দাখিলৰ সময়ত দেশৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু শীৰ্ষ ৰাজনীতিবিদসকলৰ সৈতে সমূখৰ আসনত বহি যি গুৰুত্ব লাভৰ দৃশ্য দেশবাসীয়ে দেখিলে, সেয়া সম্ভৱতঃ ইয়াৰ পূৰ্বে অসমৰ কোনো ৰাজনীতিবিদৰ ক্ষেত্ৰত সম্ভৱ হোৱা নাছিল।
ইয়াৰ কাৰণ অৱশ্যেই বিজেপিৰ অপাৰেশ্যন লোটাছ। অপাৰেশ্যন লোটাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৱৰত্নই দেখুওৱা অপাৰ সাফল্যৰ পিছত উত্তৰ-পূৱৰ চাণক্য হিচাপে চৰ্চিত হিমন্ত বিশ্ব শৰ্মাৰ বাবে যে নতুন দিল্লীৰ মছনদলৈ যোৱা পথ ক্ৰমাত্ মসৃণ হৈ পৰিছে, তাত কোনো সন্দেহ নাই।
দিল্লী যাত্ৰাৰ প্ৰতি আগ্ৰহী নে হিমন্ত বিশ্ব শৰ্মা
ৰাজনৈতিক বিচক্ষণতা, সিদ্ধান্ত গ্ৰহণৰ তত্পৰতা আৰু পৰিস্থিতিৰে মোকাবিলা কৰাৰ প্ৰত্যুত্পন্নমতি গুণেৰে এইগৰাকী ৰাজনীতিবিদ ইতিমধ্যেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ মাষ্টাৰ প্লানৰ ওচৰ চাপিছে। হিমন্ত বিশ্ব শৰ্মাক দিল্লীত প্ৰতিষ্ঠা কৰি অমিত শ্বাহ এণ্ড কোম্পানীয়ে ইতিমধ্যে অসমত চলি থকা ‘ৱান মেন আৰ্মী’ দল বা চৰকাৰৰ বিকেন্দ্ৰীকৰণৰ গুৰুত্ব আৰোপ কৰিছে। এই কথাৰ উমান ইতিমধ্যেই পাইছে চতুৰ হিমন্ত বিশ্ব শৰ্মাই। সেয়ে দিল্লীত ঠাই নিগাজি কৰাৰ পূৰ্বেই ড. শৰ্মাক লাগে সংখ্যা। অপাৰেশ্যন লোটাছ যিমানেই সফল হ’ব সিমানেই বৃদ্ধি পাব সংখ্যা। সাংসদৰ সংখ্যা। ইতিমধ্যেই উত্তৰ-পূৱৰ ২৫ গৰাকীকৈ সাংসদ নিজৰ হাতত ৰাখি এক শক্তিশালী স্থিতিত আছে নৱৰত্নৰ অন্যতম হিমন্ত বিশ্ব শৰ্মা। ইফালে উৰিষ্যা, পশ্চিমবঙ্গ আৰু মহাৰাষ্ট্ৰতো ইতিমধ্যে সাংসদ হস্তগত কৰাৰ কৌশল কাৰ্যকৰী কৰাত ব্যস্ত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। এই অভিযানত সফল হ’লেই হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ যাব এগৰাকী পৰম শক্তিমান সাংসদ হিচাপে। কাৰ্যতঃ দাবী কৰিব গুৰুত্বপূৰ্ণ বিভাগ।
অৰ্থাত কেউফালৰ পৰা লক্ষ্য কৰিলে দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ বাবে – দিল্লী অৱ দূৰ নেহী।