ধৰি লওক আপুনি বিশ্বকাপৰ ফাইনেল চাবলৈ কাটাৰৰ লুছাই ষ্টেডিয়ামত কোনোবা বিদেশিনীৰ সৈতে বহি আছে। গাত আপোনাৰ মেছি কিম্বা গ্ৰীজমেনৰ জাৰ্ছি। কোনেনো চিনিব আপোনাক, আপুনি ক’ৰ! পিছে আপোনাৰ মূৰতেই হওক বা ডিঙিতেই হওক, আপুনি মেৰিয়াই থৈছে এখন গামোচা। ৰঙা ফুলৰ আচু সূতাৰ গামোচা। এতিয়া আপুনি ক’ৰ?

ধৰি লওক, হিমালয় পৰ্বতমালাৰ কোনোবা এটা চূড়াত উঠি আপুনি ত্ৰিৰংগাৰ বদলি উৰুৱাইছে এখন গামোচা। লিখি লৈছে জয় আই অসম। এতিয়া আপুনি ক’ৰ?

ধৰি লওক আপোনাৰ ছ’চিয়েল মিডিয়াৰ ফীডত এখন ফটো জিলিকি উঠিছে। এইখিনি ধৰি ল’ব নালাগে, কাল্পনিক নহয়। মানুহজন কোন চোৱাৰ পূৰ্বে আপোনাৰ চকু গৈছে তেওঁৰ ডিঙিৰ বস্ত্ৰখনত। আৰে এইখনচোন আমাৰেই গামোচা। মুগাৰ গামোচা, ৰঙা ফুলৰ গামোচা। পিছতহে চকু গৈছে, সেইজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আনন্দত বুকু ফুলি উঠিছে, শ্ৰদ্ধাত মূৰ দো খাই গৈছে।

এই তিনিটা উপমা এইবাবেই দিলো, বিশ্বত আমাক যিকোনো স্থানতে, যিকোনো সময়তে চিনাকি দিব পৰা, আমাক যিকোনো Occasion তে গৰ্বিত কৰিব পৰা অন্যতম কাৰকটোৱেই হৈছে গামোচা। ইয়াৰ সৈতে অসমীয়াৰ আবেগ, চেনেহ আৰু চিনাকি সকলোবোৰ জড়িত। খঙেই হওক, কিম্বা মৰমেই হওক, আমাৰ বাবে প্ৰকাশ কৰাৰ উপায় গামোচা। সেইবাবেইতো কালি আমাৰ আদৰৰ চেনেহৰ গামোচাখনলৈ জি আইৰ স্বীকৃতি অহাৰ লগে লগে আমি আনন্দত আত্মহাৰা হৈ পৰিছো, ছ’চিয়েল মিডিয়াৰ ফীড ভৰাই তুলিছো। জি আই টেগ প্ৰদানেৰে চিৰকালৰ বাবে এই গামোচা অসমৰ অসমীয়াৰ হৈ থাকিব বুলি আনুষ্ঠানিক স্বীকৃতি  আহিল। ইয়াৰ পূৰ্বেও মুগা, নেমু, লিচু, চাউল আদিলৈও জিআই টেগ আহিছিল। সেইবোৰ সম্পত্তিলৈ স্বীকৃতি আৰু গামোচালৈ স্বীকৃতিৰ স্থায়িত্বৰ মাজত বিভিন্ন বিষয় সোমাই আছে।

তিনিটাকৈ মাহৰ অন্তৰালত মাঘ বিহু আৰু ব’হাগ বিহু আহি আছে। তাতে আকৌ অসমত এতিয়া বিয়াৰ বতৰো চলি আছে। উৎসৱ-পাৰ্বন, আয়োজন, অনুষ্ঠানৰ ক্ষেত্ৰত গামোচাৰ অপৰিহাৰ্যতা আৰু ব্যৱহাৰৰ প্ৰাচুৰ্যৰ কথা নকলোৱেইবা। তাৎপৰ্যপূৰ্ণভাৱে এনেবোৰ ব্যাপক আয়োজন, অনুষ্ঠানত, বিশেষকৈ ব’হাগ বিহুৰ সময়ত অসমত যিমানবোৰ গামোচাৰ চাহিদা আছে, সেই চাহিদা কেৱল অসমত উৎপাদিত গামোচাই পূৰণ কৰিব নোৱাৰে। তাত অৱশ্যে মূল্যৰ তাৰতম্য, থাওকতে উপলব্ধতা আদি বিভিন্ন বিষয়ো জড়িত হৈ থাকে। কাজেই, এই চাহিদা পূৰণ কৰিবলৈ কায়িক ৰূপটো একেই ৰাখি বহিৰাজ্যৰ পৰা আহে লক্ষ লক্ষ গামোচা। মেচিনত প্ৰস্তুত কৰা কম মানসম্পন্ন গামোচা আহে বাহিৰৰ বজাৰৰ পৰা। এনে পৰিপ্ৰেক্ষিতত জিআই টেগে মোৰ আইৰ হাতৰ, বাইৰ হাতৰ কষ্টেৰে প্ৰস্তুত হৈ ওলোৱা গামোচাখনক কিদৰে ৰক্ষা কৰিব?

কাৰণ, কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰিবৰ বাবে, বা ক্ষণিক সম্বৰ্ধনাৰ বাবে ব্যৱহাৰ কৰিম বুলি কম মূল্যৰ, বহিঃৰাজ্যত প্ৰস্তুত হোৱা গামোচাৰ ব্যৱহাৰেই অসমত সৰ্বাধিক। এতিয়া কেৱল জি আই টেগ পোৱা বাবেই যদি অসমৰ শিপিনীৰ অৰ্থনৈতিক সুৰক্ষা অনবদ্য হ’ব বুলি কোনোবাই ভাবিছে সেয়া হ’ব ভুল। জি আই টেগ পোৱা বাবেই অসমৰ হস্ততাঁত বস্ত্ৰশিল্প উদ্যোগলৈ সোণালী সুদিন আহিব বুলি ভাবিছে, সেয়া হ’ব ভুল। ইয়াৰ বাবে অসমৰ শিপিনী, হস্ততাঁত বস্ত্ৰশিল্প উদ্যোগৰ লগতে ব্যৱহাৰকাৰীসকলৰ মাজতো সজাগতা, সচেতনতা সৃষ্টি কৰিব লাগিব। বহিঃৰাজ্যত উৎপাদিত গামোচা নামৰ কাপোৰত কোনবোৰ উপাদান থাকিব লাগিব সেই সম্পৰ্কেও চোকা নজৰ ৰাখিব লাগিব। গামোচা এতিয়া অসমৰ অমূল্য বস্ত্ৰ বুলি স্বীকৃতিপ্ৰাপ্ত। ভাৰত চৰকাৰৰ GI tag লগোৱা হৈছে ইয়াত। GI মানে geographical indication চিহ্ন, যি নেকি এক বিশেষ ভৌগোলিক সীমাৰ পাৰম্পৰিক উৎপাদিত সামগ্ৰী৷ এতিয়াৰে পৰা আমাৰ সন্মানীয় অংগবস্ত্ৰ গামোচা দেশৰ আন প্ৰান্তই বনাই তেওঁলোকৰ বুলি অধিকাৰ যতাব নোৱাৰে৷ কিন্তু তাতেই সন্তুষ্টি লভিলে নহ’ব। এতিয়াৰে পৰা এই জি আই টেগ চাইহে গামোচা ক্ৰয় কৰিব, সস্তাত পালোঁ বুলিয়েই বহিঃৰাজ্যৰ পৰা অহা গামোচা কিনি আমাৰ শিপিনীৰ সৈতে অন্যায় নকৰিব। সেয়া আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব৷

পিছে এইবোৰ জাতীয়তাবাদী কথাৰ মাজতো আমাৰ মনত প্ৰশ্ন এটা ৰৈ যাব। অসমত অসমীয়াই যেতিয়ালৈ বহিৰাগত চৰকাৰী বিষয়াৰ সৈতে, আৰক্ষী, মিঠাই বেপাৰী, নাপিত আদিৰ লগত অসমীয়াত কথাই পাতিব নোৱাৰোঁ, ইয়াত গামোচাৰ GI tag অবান্তৰ কথা নহয় নে।

লগতে পঢ়ক – ধেমাজিত ৫ দিন ধৰি খবৰ নাই দুই ককাই-ভাইৰ; চকুলো টুকিছে আইতাকে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply