এই সম্পাদকীয় লিখি থকাৰ সময়ত হয়তো কোনোবা প্ৰান্তত দেশৰ প্ৰথমগৰাকী জনজাতীয় ব্যক্তি হিচাপে দেশৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হোৱাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে দ্ৰৌপদী মূৰ্মুৰ বাবে। মোৰ অসমত এই সময়ত কোনোবা চৰকাৰী হাস্পতালৰ বিচনাত চটফটাই আছে কোনেও হয়তো চিনি নোপোৱা আন এগৰাকী জনজাতীয় মহিলা মইনা। মইনা নায়ক। আপোনাৰ বাবেও তেনেই অচিনাকি এই নাম। মইনা নায়ক ডিব্ৰুগড়ৰ লেপেটকটা চাহবাগিচাত কাম কৰা এগৰাকী তেনেই নিচলা মহিলাৰ নাম। তিতাবৰৰ ভানু ভুমিজ? আন এগৰাকী দুৰ্ভগীয়া জনজাতীয় কণমানি ছোৱালী। মইনাই প্ৰাণটোৰ বাবে যুঁজি আছে। ভানুৱে মাত্ৰ ৯ বছৰ বয়সতে জীৱনটো শেষ কৰিছে। এই আটাইবোৰৰ কাৰণ কিন্তু দৰিদ্ৰতা।
সেই একেই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ এয়াৰ এম্বুলেন্স পালে জুবিন গাৰ্গে। সেই একেই ডিব্ৰুগড়ৰ কোনোবা চিকিৎসালয়ৰ বিচনাত চটফটাই থাকিল মইনা। মইনাক তিনিদিন পিছত সাধাৰণ এম্বুলেন্সেৰে গুৱাহাটীলৈ অনা হৈছে। মইনা নায়কৰ দীঘল চুলিকোছা চাহপাতৰ কলঘৰৰ চিটিচি মেছিনত সোমাই পৰিছিল। লাওখোলাৰ একাংশ খুলি পৰিছিল দুৰ্ভগীয়া মইনাৰ। মইনাৰ হৈ মাত দিবলৈ কোনো নাছিল। বাগানৰ চাহ শ্ৰমিক বাবেই মইনাৰ চিঞঁৰিবলৈও শক্তি নাছিল? বাগানৰ শ্ৰমিক বাবেই চৰকাৰৰ হাতত এম্বুলেন্স এখনো নাছিল?
চাহ জনগোষ্ঠীৰ বৰ বৰ নেতাসকল আজি ধনে ধানে জাতিস্কাৰ। শক্তিমান মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকৰ উঠ-বহ। ঘনিষ্ঠতা মজবুত। তেওঁলোকৰ নেতা আজি সাংসদ, মন্ত্ৰী, বিধায়ক। মইনাহঁতৰ এটা চিঞঁৰত মন্ত্ৰী হোৱা, সাংসদ হোৱাসকল নিৰ্বাচনৰ সময়ত কিংমেকাৰ। চৰকাৰ কঁপাই তোলাৰ অপাৰ শক্তি তেওঁলোকৰ। তেওঁলোকৰ বাবে লেপেটকটাৰ চাহ কোম্পানীতো নিমিত্ত মাত্ৰ আছিল! আজি চাহ কোম্পানীটোৱে বিভিন্ন শ্ৰমিক আইন উলংঘা কৰিছে, মইনাৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাই আদি ইত্যাদি বিভিন্ন অভিযোগেৰে ৰাজনৈতিক দল-নেতাই প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে। মইনা নায়ক নামৰ এগৰাকী ছোৱালী আহত হৈছে বুলি বাতৰি হৈছে। দৈনিক মাত্ৰ ২৫১ টকাৰ বাবে জীৱনটো কলঘৰৰ মেচিনত সুমুৱাই দিয়া মইনাহঁত এনেকৈয়েই ৰৈ যাব!
সিদিনা অখিল গগৈৰ ভিডিঅ’ এটা দেখিছিলো, দ্ৰৌপদী মুৰ্মূৰ সন্দৰ্ভত কটু মন্তব্য কৰি অখিল গগৈয়ে সমূহীয়াকৈ ক্ষমা খুজিছে। চাহ জনজাতি সমাজ সিদিনা এক হৈ গুজৰি উঠিছিল, অজান মুলুকৰ দ্ৰৌপদী মূৰ্মুৰ বাবে একত্ৰিত হোৱা চাহ জনজাতিৰ নেতাসকল আজিও একত্ৰিত হওকচোন! মইনা নায়কক জীয়াই তোলো আহকচোন! একমাত্ৰ দাৰিদ্ৰতাৰ বাবেই ফুলকুমলীয়া ভানুক আমি বচাব নোৱাৰিলো। মইনাক যদি বচাবই নোৱাৰে তেন্তে চাহ শ্ৰমিকৰ বঞ্চনাৰ কথা কৈ নাকান্দিব।
ক’ৰ্পৰেট ব্যৱস্থাই আজিও আমাৰ প্ৰাণ কিদৰে শুহি আহিছে বা কিহৰ প্ৰতি আজিও শাসকৰ দৰদ বেছি, সেয়া প্ৰমাণ কৰিবলৈ মইনা- ভানুহঁতৰ দাৰিদ্ৰ পিড়ীত জীৱনেই যথেষ্ট নহয় নে? শ্ৰমিকৰ অধিকাৰ, খাটি খোৱা জনতাই যুগে যুগে সহি অহা অৱহেলা, লাঞ্ছনাৰ অন্ত যদি এতিয়াই পেলাব নোৱাৰে তেন্তে শ্ৰমিকৰ বঞ্চনা, চাহ জনগোষ্ঠীৰ বঞ্চনাৰ কথা কৈ আৰু নাকান্দিব।
ভানুৰ পৰিয়ালে হয়তো ক্ষতিপূৰণ পাব, মইনাৰ পৰিয়ালেও হয়তো কিবা সহায় পাব, ক্ষতিপূৰণ পাব। কিন্তু প্ৰতিদিনে আপোনাৰ মোৰ অলক্ষিতে হেজাৰ হেজাৰ মইনা বা হেজাৰ হেজাৰ ভানু মৰিয়েই থাকিব। মইনা আৰু ভানু অসমৰ চৰম দাৰিদ্ৰতা আৰু ধাৰাবাহিক নিস্পেষণৰ প্ৰতীক মাথো। ন্যায়, প্ৰাপ্য ইয়াৰ পৰাই আৰম্ভ হওঁক, ভানুৰ আত্মাই সৰগত বাহ লওঁক, দোষীয়ে শাস্তি পাওক। মইনা জীঁ উঠক। মোৰ দেশৰ হেজাৰ মইনা শান্তিৰে জীঁ উঠক।