ইনষ্টাগ্ৰাম
ইনষ্টাগ্ৰাম

নিউজ ডেস্ক- বলীউদৰ জনপ্ৰিয় অভিনেতা তথা ৰাজনীতিবিদ ছানী দেউলৰ দ্বিতীয় পুত্ৰয়েও পিতৃৰ পদাংক অনুসৰণ কৰি খোজ থ’লে বলীউদত।

বলীউদৰ চলচ্চিত্ৰ নিৰ্মাতা সুৰুজ বৰজাত্যৰ ঘৰুৱা প্ৰডাকচনত নিৰ্মাণ হ’বলগীয়া এখন চিনেমাত অভিনয় কৰিব ছানী দেউলৰ পুত্ৰ ৰাজবীৰ দেউলে।

সম্পূৰ্ণ প্ৰেম কাহিনীৰ ওপৰত আধাৰিত চিনেমাখনৰ কাহিনী আৰু পৰিচালনা কৰিছে সুৰুজ বৰজাত্যৰ পুত্ৰ অৱনীশ এছ বৰজাত্যয়ে। এইখন চিনেমাৰ জৰিয়তে অৱনীশ এছ বৰজাত্যয়েও প্ৰথম বলীউদত প্ৰৱেশ কৰিব।

আৰু পঢ়কঃছানিয়া মিৰ্জাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰী তাপসী পন্নুৱে

এই চিনেমাখন ৰাজশ্ৰী প্ৰডাকচনৰ ৫৯তম চিনেমা হ’ব।

ইতিমধ্যে ছানী দেউলৰ জ্যেষ্ঠ পুত্ৰ কৰণ দেউলে ”পল পল দিল কে পাছ” চিনেমা খনৰ জৰিয়তে বলীউদত প্ৰৱেশ কৰিছে।

ৰাজবীৰ দেউলে বৃটেইনত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছে লগতে সহকাৰী পৰিচালক হিচাপেও কাম কৰি আছে।

তেওঁ ”মোগল-ই-আজম” আৰু ”তুমহাৰী অমৃতা” ৰ দৰে জনপ্ৰিয় চিনেমা পৰিচালনা কৰা পৰিচালক ফিৰোজ আব্বাছ খানৰ ওচৰতো প্ৰশিক্ষণ লৈ আছে।

আৰু পঢ়কঃ আপুনি নিজৰ পেন কাৰ্ড খন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিলেনে?

নৱাগত ৰাজবীৰক চিনেমাখনত লোৱা সন্দৰ্ভত পৰিচালক অৱনীশ এছ বৰজাত্যয়ে উল্লেখ কৰে যে ৰাজবীৰ বহুত পৰিশ্ৰমী আৰু তেওঁৰ ভিতৰত অভিনয়ৰ এক ঐশ্বৰিক শক্তি নিহিত হৈ আছে ।

লগতে অৱনীশে কয় যে আমি এই প্ৰজেক্টটোৰ বিষয়ে কথা পাতিবলৈ যিমান সময় অতিবাহিত কৰিছিলো, ৰাজবীৰক মই মোৰ ছবিখনৰ নায়ক হিচাপে চাবলৈ আৰম্ভ কৰিছিলো।”

পিছে বলীউদৰ এই আপকামিং চিনেমাখনৰ নাম কি হ’ব এই সন্দৰ্ভত এতিয়ালৈকে একো ঘোষণা কৰা নাই পৰিচালকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply