ইষ্ট ম’জ’ অসম ফেক্ট চেকঃ ছচিয়েল মিডিয়াত সোমবাৰৰ নিশাৰ পৰা দেখা গৈছে যে 100 PIPERS নামৰ সুৰা নিৰ্মাণকাৰী কোম্পানীটোৱে মদৰ বটলত বিহু সংস্কৰণত অসমীয়া গামোচাখন ব্যৱহাৰ কৰা হৈছে। ছচিয়েল মিডিয়াত মদৰ বটলটোত ব্যৱহাৰ হোৱা লেবেলটো প্ৰায় হুবহু অসমীয়া গামোচাৰ দৰেই দেখা গৈছে। যাৰ বাবে সমাজিক মাধ্যমত বিভিন্ন জনে প্ৰতিক্ৰিয়া কৰাৰ লগতে আবকাৰী বিভাগকো ইয়াৰ বাবে ধিক্কাৰ দিছে।
তদন্তঃ- আমি নিজৰ তদন্ত আৰম্ভ কৰিবলৈ পোনপ্ৰথমে 100 Pipers ৰ অফিচিয়েল ৱেবছাইটত গৈ তথ্য বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। অফিচিয়েল ৱেবছাইটত গৈ দেখা পোৱা গ’ল যে 100 Pipers য়ে শেহতীয়াকৈ নিজৰ সুৰা বটলৰ লেবেল ব্যৱহাৰ কৰিছে। ব্যৱহাৰ হোৱা লেবেলটোৰ আৰ্টখন প্ৰায় অসমীয়া গামোচাৰ দৰেই দেখি যদিহে ভালদৰে মন কৰি চোৱা নাযায়।

উল্লেখযোগ্য যে, 100 Pipers য়ে নিজেই ৱেবছাইটত নতুন লেবেলৰ সংস্কৰণটোৰ বিষয়়ে উল্লেখ কৰিছে। অফিচিয়েল ৱেবছাইটত জনোৱা অনুসৰি ছবিটো বাস্তৱিকতে কৰ্ণাটকৰ এটা লোক নৃত্য। লোক নৃত্যটোৰ নাম হৈছে য়াক্ষগান। যিটো কাভি আৰ্টৰ জৰিয়তে চিত্ৰিত।
100 Pipers য়ে নতুন সংস্কৰণটোৰ নাম More Power To You বুলি নামকৰণ কৰিছে।
লগতে, অফিচিয়েল ৱেবছাইটত কোৱা হৈছে যে, “আৰ্টটোৰ দ্বাৰা মহিলা সৱলীকৰণ আৰু মহিলা আৰু পুৰুষ দুয়োৰে বাবে সমান মৰ্যাদাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোৱা হৈছে। ইয়াত এগৰাকী বিবাহিত মহিলাৰ জীৱনৰ বিৱৰণ দিয়া হৈছে যি বাধা নেউচি এগৰাকী সফল শাসক হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু যি নিজৰ বাবে সুনাম অৰ্জন কৰিছে। এই সকলোবোৰ শিল্পকৰ্মত সুন্দৰভাৱে বন্দী কৰা হৈছে”।

আনহাতে, কাভি আৰ্টটোত চাণ্ডে, তালা, মাডডেল আৰু হাৰমোনিয়াম বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা দেখা গৈছে । যিটো সাধাৰণতে অসমীয়া লোকসংস্কৃতি অথবা গামোচাত ফুল বচিবৰ বাবে ব্যৱহাৰ কৰা নহয়।
নিস্কৰ্ষঃ- ইষ্ট ম’জ’ অসমে তদন্ত কৰাৰ পিছত গম পাইছে যে, ভাইৰেল হোৱা ছবিখন ছচিয়েল মিডিয়াত কেৱল বিভ্ৰান্তি সৃষ্টি কৰিবলৈ নতুন ৰূপেৰে বাক্য সাজি অসমীয়া গামোচাৰ ৰূপ বুলি লিখি দিয়া হৈছে। আচলতে, 100 Pipersৰ সুৰাৰ বটলত ব্যৱহাৰ কৰা নতুন সংস্কৰণটোৰ লেবেলত কৰ্ণাটকৰ য়াক্ষগান লোক নৃত্যক কাভি আৰ্টৰ জৰিয়তে দেখুৱা হৈছে।
উল্লেখযোগ্য যে, 100 Pipers য়ে দ্য লিগেচী প্ৰজেক্ট ২০২২ ৰ অধীনত ভাৰতৰ কলা সংস্কৃতিক দেখুৱাৰ বাবে প্ৰয়াস কৰিছে বুলি নিজা অফিচিয়ে ৱেবছাইট তেওঁলোকে লিখেছে। বিশেষকৈ যিবোৰ কলা সংস্কৃতি আমাৰ মাজৰ পৰা হেৰাই হৈছে তেনে বোৰক পুনৰ জনসাধাৰণৰ মাজত লৈ যোৱাৰ এক প্ৰয়াস যাৰ বাবে দ্য লিগেচী প্ৰজেক্ট ২০২২ ৰ দ্বাৰা কৰ্ণাটৰ য়াক্ষগান লোক নৃত্যক দেখুলা হৈছে।