প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ G20 summit ভ্ৰমণক সাঙুৰি সামাজিক মাধ্যমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত এগৰাকী মহিলাই “Go Back Modi… again Go Back Modi” লিখা এখন প্লেকাৰ্ড হাতত লৈ থকা দেখা গৈছে।

ফটোখন শ্বেয়াৰ কৰা সকলে দাবী কৰা মতে এইয়া ইণ্ডোনেচিয়াৰ বালিত বৰ্তমান চলি থকা G20 summit-ৰ সময়ৰ।

১৬ নৱেম্বৰত টুইটাৰত ফটোখন শ্বেয়াৰ কৰি এগৰাকী ইউজাৰে কয়, “Bali, Indonesia Nov, 2022।” ফটোখনে এইপৰ্যন্ত দুহেজাৰতকৈ অধিক ৰিটুইট লাভ কৰিছে। (Archived link-ৰ বাবে ইয়াত ক্লিক কৰক)

অৱশ্যে, আমি অনুসন্ধান কৰি ফটোখন এডিট কৰি বনোৱা হৈছে বুলি জানিব পাৰো। প্ৰকৃত ফটোখনত থকা প্লেকাৰ্ডত নৰেন্দ্ৰ মোদীৰ সম্পৰ্কত কোনো কথা লিখা নাই।

ফেক্ট-চেক:

আমি Google আৰু Yandex-ত ফটোখনৰ reverse image search কৰো আৰু ২০২২ চনৰ ১ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত লেখক ৱাজাহত আলী (Wajahat Ali)-এ দিয়া এটা টুইট লাভ কৰো।

ফটোখন টুইট কৰি আলীয়ে এইদৰে লিখে – This lady has been holding this sign at the middle of the intersection, stone cold, not a word uttered. I still think the country is underestimating the anger of women and Gen Z. They won’t take this sitting down. They won’t go back.

আনহাতে, ফটোখনত থকা প্লেকাৰ্ডত এইদৰে লিখা আছে – Democrats and independents must unite to vote out Republicans. Vote blue this November. Paid for by concerned citizen।

আলীয়ে তেওঁৰ টুইটটোত ফটোখন কোন স্থানত তোলা হৈছিল সেই সম্পৰ্কে কোনো তথ্য দিয়া নাই যদিও প্লেকাৰ্ডত থকা কথাখিনিৰ পৰা ফটোখনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বালি ভ্ৰমণৰ যে কোনো সম্পৰ্ক নাই সেয়া স্পষ্ট।

গতিকে আমি ক’ব পাৰো যে ভাইৰেল ফটোখন এখন পুৰণি ফটোক এডিট কৰি এক ভূল বাৰ্তাৰে প্ৰচাৰ কৰি থকা হৈছে।

লগতে পঢ়ক –  মঙলদৈত ভূ মাফিয়াৰ ৰূপত শাসকীয় দলৰ পঞ্চায়ত সভাপতিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply