নিউজ ডেস্ক: ভাৰত চৰকাৰে সামাজিক মাধ্যম আৰু ফোন কল নিৰীক্ষণৰ বাবে কোনো ‘নতুন যোগাযোগ নিয়ম’ গৃহীত কৰা নাই বুলি স্পষ্ট কৰিছে। প্ৰেছ ইনফৰ্মেচন ব্যুৰোৱে তেওঁলোকৰ অফিচিয়েল ফেক্ট চেকিং হেণ্ডেলত (@PIBFactCheck) অলপতে কৰা এটা টুইটত কয় যে এক চৰকাৰে সামাজিক মাধ্যম আৰু নাগৰিকৰ ফোন কল নিৰীক্ষণ কৰিবলৈ এখন নতুন নিয়ম বলৱৎ কৰিব বুলি এটা মিছা বাৰ্তা প্ৰচাৰ কৰা হৈছে।
হিন্দীত প্ৰকাশিত টুইটটোত পি.আই.বি –এ কয়, “এটা বাৰ্তাত দাবী কৰা হৈছে যে ‘নতুন যোগাযোগ নিয়ম’ৰ অধীনত ভাৰত চৰকাৰে ছ’চিয়েল মিডিয়া আৰু ফোন কল নিৰীক্ষণ কৰিব।”
পি.আই.বি –এ টুইটৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে য’ত ‘নতুন যোগাযোগ নিয়ম’ৰ অধীনত 13 টা পইণ্ট তালিকাভুক্ত কৰা হৈছে।
বাৰ্তাটোত দাবী কৰা মতে নতুন নিয়মৰ অধীনত “সকলো কল ৰেকৰ্ড কৰা হ’ব। সকলো কল ৰেকৰ্ডিং মজুত ৰখা হ’ব। হোৱাটছএপ, ফেচবুক, টুইটাৰ আৰু সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিৰীক্ষণ কৰা হ’ব। আপোনাৰ সঁজুলিবোৰ চৰকাৰৰ সৈতে সংযোজিত হ’ব। বৰ্তমান সময়ত ৰাজনৈতিক বা ধৰ্মীয় বিষয়ত যিকোনো ধৰণৰ বাৰ্তা লিখা বা প্ৰেৰণ কৰাটো এটা অপৰাধ… এনে কৰিলে কোনো ৱাৰেণ্ট অবিহনে গ্ৰেপ্তাৰ হ’ব পাৰে। আৰক্ষীয়ে জাননী জাৰী কৰিব… তাৰ পিছত চাইবাৰ ক্ৰাইম… ব্যৱস্থা লোৱা হ’ব, এইয়া যথেষ্ট গম্ভীৰ।”
অৱশ্যে, পি.আই.বি-এ উক্ত সকলো দাবী মিছা বুলি খাৰিজ কৰাৰ লগতে কয় যে চৰকাৰে এনে কোনো নিয়ম জাৰী কৰা নাই। তদুপৰি এনে কোনো মিছা/বিভ্ৰান্তিকৰ বাৰ্তা শ্বেয়াৰ নকৰিবলৈও টুইটটোত আহ্বান জনায়।
লগতে পঢ়ক – ধৰ্মীয় গোড়ামি, নিৰ্বাচন আৰু উদয়পুৰৰ হত্যাকাণ্ড