নিউজ ডেস্ক: যোৱা দেওবাৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত ICC T20 World Cup –ৰ এখন হাই-ভলটেজ মেচত ভাৰতে পাকিস্তানক চাৰি উইকেটত পৰাস্ত কৰি এক চমকপ্ৰদ খেল প্ৰদৰ্শন কৰিছিল। উক্ত মেচখনত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে মাত্ৰ ৫৩ টা বলত অপৰাজিত ৮২ ৰান সংগ্ৰহ কৰি অভিলেখ ৰচনা কৰাৰ লগতে ভাৰতক বিজয়ৰ সোৱাদ দিছিল।

মেচখনৰ পিছত, ভাৰতৰ বিজয়ক লৈ দেশৰ ক্ৰিকেট অনুৰাগীসকল আত্মহাৰা হৈ পৰা দেখা যায়, আনহাতে একাংশই সামাজিক মাধ্যমত বিভিন্ন মিম আৰু প’ষ্ট শ্বেয়াৰ কৰি পাকিস্তানক ট্ৰল কৰাও দেখিবলৈ পোৱা যায়। ইয়াৰ মাজতে সামাজিক মাধ্যমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত হাতত পাকিস্তানৰ পতাকা লৈ থকা একাংশ লোকক এখন বেনাৰ ধৰি থকা দেখা গৈছে। বেনাৰখনত লিখা আছে, “We Don’t Want Kashmir Give Us Virat Kohli” (আমাক কাশ্মীৰ নালাগে বিৰাট কোহলীক দিয়ক)।

ফটোখন শ্বেয়াৰ কৰাসকলে দাবী কৰা মতে পাকিস্তানৰ পৰাজয়ৰ পিছত দেশখনৰ ক্ৰিকেট অনুৰাগীসকলে কাশ্মীৰৰ পৰিৱৰ্তে বিৰাট কোহলীকহে পাব বিচাৰিছে।  

ভাৰতীয় সেনাৰ সামৰিক অভিযানৰ প্ৰাক্তন সঞ্চালক প্ৰধান (DGMO) Lt Gen বিনোদ ভাতীয়াই সোমবাৰে ফটোখন টুইক কৰি এইদৰে কয়, “Yeh manage ki aadat! Kuch bhi nahi milega”। তেওঁৰ টুইটে ৪৩ হাজাৰৰ অধিক লাইক লাভ কৰাৰ লগতে ৪.৬ হাজাৰতকৈ অধিক retweet হৈছে। (Archived লিংকৰ বাবে ইয়াত ক্লিক কৰক)

অৱশ্যে ইষ্টম’জ’ৰ অনুসন্ধানত উক্ত ফটোখন যে এখন ‘ভূৱা’ ফটো সেই কথা ধৰা পৰে। আমি এই কথাও জানিব পাৰো যে ‘ফটোশ্বপ’ কৰা উক্ত ভূৱা ফটোখন ইয়াৰ পূৰ্বেও বহুবাৰ শ্বেয়াৰ কৰা হৈছিল।

ফেক্ট-চেক:

আমি Google আৰু Yandex-ত ভাইৰেল ফটোখনৰ reverse image search কৰি এই সম্পৰ্কীয় বহুকেইটা বাতৰি প্ৰতিবেদন লাভ কৰো। ২০১৬ চনৰ আগষ্টত India Today –ত প্ৰকাশ পোৱা এই বাতৰিটোত ভাইৰেল ফটোখনৰ প্ৰকৃত ফটোখন প্ৰকাশ পাইছিল।

ওপৰৰ ফটো দুখন তুলনা কৰি চালেই প্ৰকৃত ফটোখন যে ফটোশ্বপ কৰি বেনাৰখনৰ পৰা “We Want Azaadi” শব্দ কেইটা আঁতৰাই সেই ঠাইত “We Don’t Want Kashmir Give Us Virat Kohli” শব্দ কেইটা লগাই দিয়া হৈছে গম পোৱা যায়।

India Today –ৰ বাতৰিটোৰ মতে, হিজবুল মুজাহিদ্দিনৰ কমাণ্ডাৰ বুৰহাৰ ৱানিৰ মৃত্যুৰ পিছত কাশ্মীৰ উপত্যকাত একাংশ যুৱকে পাকিস্তানৰ সমৰ্থন শ্ল’গান দিছিল।  

‘’বন্ধ দোকানবোৰৰ শ্বাটাৰত, গছ আদিত হিজবুলৰ কমাণ্ডাৰ বুৰহান ৱানিৰ পোষ্টাৰ, আজাদীৰ শ্ল’গান, সেউজীয়া ৰঙত জম্মু কাশ্মীৰৰ মেপ লগাই থোৱা দেখা গৈছিল। গাঁৱৰ ৰাস্তাত যুৱকসকলে “Go India Go Back” লিখি থৈছিল। জুলাই ৮ তাৰিখে এটা সংঘৰ্ষত বুৰহান ৱানি নিহত হোৱাৰ পিছৰে পৰা যুৱক আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলে এই কাম কৰি আহিছে,’’ বাতৰিটোত কোৱা হয়।

এই কথায়ে প্ৰমাণ কৰে যে ভাইৰেল ফটোখন শ্বেয়াৰ কৰাসকলে দাবী কৰাৰ দৰে বেনাৰখন ধৰি থকা লোকসকল পাকিস্তানৰ ক্ৰিকেট অনুৰাগী নহয় বৰঞ্চ তেওঁলোক কাশ্মীৰৰ প্ৰতিবাদকাৰীহে।

এয়াই প্ৰথম নহয়

আমি জানিব পাৰো যে প্ৰকৃত ফটোখন ইয়াৰ পূৰ্বেও বহুবাৰ বিকৃত কৰাৰ লগতে সামাজিক মাধ্যমত যোৱা কেইবা বছৰ ধৰি শ্বেয়াৰ কৰি অহা হৈছে। ২০১৭ চনত smhoaxslayer.com-ত প্ৰকাশিত এক প্ৰতিবেদনৰ মতে Sir Jadeja নামৰ এটা পেৰ’ডি টুইটাৰ একাউন্টে ফটোখনৰ ওপৰত বাৰম্বাৰ এডিট কৰি শ্বেয়াৰ কৰি আহিছিল।

Photo courtesy: smhoaxslayer.com

আনহাতে ২০১৯ চনৰ ১৮ জুনত BOOM –ত প্ৰকাশ পোৱা এই প্ৰতিবেদনটোত সেই বছৰ অনুষ্ঠিত ICC Cricket World Cup-ৰ এখন মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰাৰ পিছত সামাজিক মাধ্যমত উক্ত ফটোখন ব্যৱহাৰ কৰা প্ৰচাৰ কৰা একাধিক ভূৱা দাবীৰ ফেক্ট চেক কৰিছিল।

গতিকে আমি ক’ব পাৰো যে মেলবৰ্ণত ভাৰতৰ হাতত পাকিস্তান পৰাস্ত হোৱাৰ পিছত দেশখনৰ ক্ৰিকেট অনুৰাগীয়ে কাশ্মীৰৰ পৰিৱৰ্তে বিৰাট কোহলীক বিচাৰিছে বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভূৱা।

লগতে পঢ়ক – আজি কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব মল্লিকাৰ্জুন খাৰ্গেয়ে

Also read in English: Fact-check: Ex Lt Gen, others share fake image of ‘Pakistan cricket fans’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply