চীনৰ ৰাষ্ট্ৰপতি Xi Jinping-ৰ ‘গৃহ বন্দী’ লৈ চলি থকা গুজবৰ মাজতে সামাজিক মাধ্যমত এলানি বিস্ফোৰণৰ এটা ভিডিঅ’ ফুটেজ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি একাংশই উক্ত দৃশ্য চীনৰ ৰাষ্ট্ৰপতি গৰাকীৰ বিৰুদ্ধে আৰম্ভ হোৱা ‘সামৰিক অভ্যুত্থানৰ’ সময়ৰ বুলি দাবী কৰে।

টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি JJ Cranky (@crankycrab1171) নামৰ এগৰাকী য়ুজাৰে কয়, ‘’বেইজিঙৰ পৰা Xi Jinping-ৰ বিৰুদ্ধে চলি থকা চীনৰ সামৰিক অভ্যুত্থানৰ সময়ত ঘটা বৃহৎ বিস্ফোৰণৰ ফুটেজ আহিছে।’’ (Archived link চাওক)

একেটা ভিডিঅ’ টুইট কৰি Manas Mishra (@manasmishraTNO) নামৰ আন এগৰাকী য়ুজাৰে কয়, ‘’বেইজিঙৰ পৰা Xi Jinping-ৰ বিৰুদ্ধে চলি থকা চীনৰ সামৰিক অভ্যুত্থানৰ সময়ত ঘটা বৃহৎ বিস্ফোৰণৰ ফুটেজ আহিছে? সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা পৰা ভিডিঅ’টো সঁচা হয়নে কোনোবাই ক’ব পাৰিব নেকি?’’ (Archived link চাওক)

আৰু অধিক এনে ভিডিঅ’ চাবৰ বাবে ইয়াত ক্লিক কৰক

ফেক্ট চেক:

আমি ভাইৰেল ভিডিঅ’টো InVid tool-ৰ সহায়ত কেইবাটাও keyframe-ত ভাগ কৰো। ইয়াৰ পিছত আমি ইয়াৰে এটা keyframe-ৰ Yandex-ত reverse image search কৰো। এইদৰে reverse image search কৰাত আমি ২০১৫ চনৰ ১৩ আগষ্টত Mariana Atencio নামৰ এগৰাকী ভেৰিফাইড য়ুজাৰে শ্বেয়াৰ কৰা এই টুইটটো বিচাৰি পাওঁ।

আমি ভাইৰেল ভিডিঅ’টোৰ সৈতে Mariana Atencio-এ শ্বেয়াৰ কৰা ভিডিঅ’টো তুলনা কৰো:

ইয়াৰ পিছত আমি উপযুক্ত keyword ব্যৱহাৰ কৰি এডভান্সড গুগল চাৰ্চ কৰো আৰু ২০১৫ চনৰ ১৪ আগষ্টত BBC News-ৰ YouTube চেনেলত প্ৰকাশিত এই ভিডিঅ’টো লাভ কৰো। BBC-ৰ প্ৰতিবেদন অনুসৰি উক্ত ঘটনা চীনা Tianjin চহৰত সংঘটিত হৈছিল।

আমি পুনৰ গুগল চাৰ্চ কৰাত একেটা ঘটনাৰে সম্বন্ধীয় CNBC-ৰ এটা প্ৰতিবেদন লাভ কৰো। উক্ত প্ৰতিবেদনৰ মতে ২০১৫ চনৰ ১২ আগষ্টত Tianjin-ৰ এটা গুদামত সংঘটিত উক্ত বিস্ফোৰণত কমেও ৫০জন লোকৰ মৃত্যু হৈছিল।

ইয়াৰ এমাহ পিছত ২০১৫ চনৰ ১২ ছেপ্টেম্বৰত The Guardian-ত প্ৰকাশিত আন এক প্ৰতিবেদনৰ মতে উক্ত ঘটনাত ১৭৩ জন লোকে প্ৰাণ হেৰুৱাইছিল।

গতিকে আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোত দেখা দৃশ্য ২০১৫ চনত সংঘটিত এক বিস্ফোৰণৰ সময়ৰ আৰু দেশখনৰ শেহতীয়া কোনো ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

তদুপৰি, লগতে এই কথাও উল্লেখ কৰিব পাৰি যে চীনত সামৰিক অভ্যুত্থান আৰম্ভ হোৱা বুলি প্ৰচাৰ হৈ থকা বিভিন্ন বাতৰিৰ এই পৰ্যন্ত কোনো প্ৰামাণিক উৎসৰ দ্বাৰা নিশ্চিত কৰা হোৱা নাই।

লগতে পঢ়ক – ৰাজ্যখনৰ যুৱক-যুৱতীসকলক স্ব-নিযুক্তিৰ সুযোগ প্ৰদানৰ বাবে ৫,০০০ কোটি টকাৰ উচ্চাভিলাষী আঁচনি: মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply