মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত সংঘটিত হয় এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত এজন পাইলটসহ ৭ জন লোকে প্ৰাণ হেৰুৱায়। এই শোকাৱহ দুৰ্ঘটনাৰ পিছতে সামাজিক মাধ্যমত হেলিকপ্টাৰ বিস্ফোৰণৰ এখন ফটো আৰু এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

সামাজিক মাধ্যমত ভাইৰেল ফটোখন বা ভিডিঅ’টো শ্বেয়াৰ কৰা একংশই এইয়া কেদাৰনাথত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ দৃশ্য বুলি দাবী কৰিছে।  

অৱশ্যে, ইষ্টম’জ’য়ে ফেক্ট-চেক কৰি উক্ত ফটো তথা ভিডিঅ’ৰ সৈতে কেদাৰনাথত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই বুলি জানিব পাৰে।

ভাইৰেল ফটো

একাংশ টুইটাৰ ইউজাৰে তেওঁলোকৰ প্ৰ’ফাইলত এখন আকাশত বিস্ফোৰণ ঘটা এখন হেলিকপ্টাৰৰ ফটো শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে। ফটোখন শ্বেয়াৰ কৰি এগৰাকী টুইটাৰ ইউজাৰে এইদৰে কয়, “উত্তৰাখণ্ডৰ কেদাৰনাথত ডাঙৰ দুৰ্ঘটনা… কেদাৰনাথৰ গাৰুণ চাট্টি অঞ্চলত হেলিকপ্টাৰ দুৰ্ঘটনা, হেলিকপ্টাৰত থকা ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ৰুদ্ৰপ্ৰয়াগৰ গাৰুডা চাট্টিত দুৰ্ঘটনা… #Kedarnath #helicoptercrash “কেদাৰনাথ” (ইয়াত ক্লিক কৰি Archived লিংক চাওক)

ৰাজস্থানৰ বিৰাটনগৰৰ কংগ্ৰেছী বিধায়ক ইন্দ্ৰৰাজ গুৰ্জাৰ আৰু উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিজেপি বিধায়ক পি এন পাঠকে উক্ত দুৰ্ঘটনাৰ বাবে শোক প্ৰকাশ কৰি দিয়া টুইটতো উক্ত ফটোখন শ্বেয়াৰ কৰা দেখা যায়।

(Archived লিংকৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক)

ফেক্ট-চেকিং

আমি ভাইৰেল ফটোখন Google আৰু Yandex-ত reverse image search কৰি চাওঁ আৰু ষ্টক ফটো ৱেবছাইট iStock–ত ফটোখন লাভ কৰো।

iStock-ত থকা বিৱৰণ অনুসৰি ফটোখন ২০১৫ চনৰ ২৪ মাৰ্চত আপলোড কৰা হৈছিল।

ইয়াৰ পিছত অধিক অনুসন্ধান কৰি আমি উক্ত ফটোখনক প্ৰতিনিধিত্বমূলক ছবি হিচাপে ব্যৱহাৰ কৰা কেইবাটাও বাতৰি প্ৰতিবেদন (ইয়াত, ইয়াত আৰু ইয়াত চাওক) দেখা পাওঁ।

যদিও আমি উক্ত ফটোখনৰ সঠিক স্থান সম্পৰ্কে নিশ্চিত হ’ব পৰা নাই, এই কথা নিশ্চিত উক্ত ফটোখনৰ সৈতে কেদাৰনাথৰ ঘটনাৰ কোনো সম্পৰ্ক নাই, কাৰণ ৭ বছৰৰ আগৰে ফটোখন ইন্টাৰনেটত উপলব্ধ আছে।        

ভাইৰেল ভিডিঅ’

আনহাতে উক্ত ফটোখনৰ সমান্তৰালকৈ কেদাৰনাথৰ দুৰ্ভাগ্যজনক ঘটনাত পতিত হেলিকপ্টাৰখনৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

Archived লিংকৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক।

ফেক্ট-চেকিং

আমি ভিডিঅ’টো কেইবাটাও keyframe-ত ভাগ কৰো আৰু ইয়াৰে এটা keyframe-ত reverse image search কৰি ২০২১ চনৰ ১৪ এপ্ৰিলত প্ৰকাশিত এই YouTube লিংকটো বিচাৰি পাওঁ। ভিডিঅ’টো চুইজাৰলেণ্ডস্থিত ৱেব-টিভি FlyEurope.TV-এ প্ৰকাশ কৰিছিল।

YouTube-ত দিয়া বিৱৰণ অনুসৰি, ভিডিঅ’টোত ছোভিয়েট নিৰ্মিত এখন Mi-8 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱা দেখা যায়। অৱশ্যে ইয়াত ঘটনাটোৰ তাৰিখ আৰু স্থান সম্পৰ্কে বিশেষ উল্লেখ কৰা নাছিল যদিও তলত দিয়া এটা কমেন্টত ২০১৪ চনৰ ছেপ্টেম্বৰত ৰাছিয়াৰ Gelendzhik-ত এটা ‘air show’ৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰা দেখিবলৈ পাওঁ।

এইবাৰ আমি উপযুক্ত keyword ব্যৱহাৰ কৰি Google search কৰো আৰু ২০১৪ চনত প্ৰকাশিত বহু কেইটা বাতৰি লাভ কৰো।। ২০১৪ চনৰ ৫ ছেপ্টেম্বৰত ‘মিলিটাৰী এভিয়েচন ৱেবছাইট’ The Aviationist-ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, “উক্ত ঘটনাটোৰ ফলত দুজন crew member-ৰ মৃত্যু হৈছিল আৰু এজন গুৰুতৰভাৱে আহত হৈছিল।”

MsAndronis নামৰ এটা YouTube চেনেলত উক্ত বিমান দুৰ্ঘটনাৰ এটা ৮.৩৮ মিনিটৰ ভিডিঅ’ আপলোড কৰা হৈছে। উক্ত ভিডিঅ’টোৰ সৈতে দিয়া বিৱৰণ অনুসৰি ২০১৪ চনৰ ৪ ছেপ্টেম্বৰত ৰাছিয়াৰ Gelendzhik-ত সংঘটিত এই দুৰ্ঘটনাৰ দৃশ্য ‘বিমানবন্দৰৰ এজন কৰ্মচাৰীয়ে’ কেমেৰাত আৱদ্ধ কৰি ৰাখিছিল।

গতিকে আমি নিশ্চিতভাৱে ক’ব পাৰোঁ যে কেদাৰনাথত সংঘটিত দুৰ্ভাগ্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাৰ সৈতে সাঙুৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ফটো আৰু ভিডিঅ’ পুৰণি তথা মূল ঘটনাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

লগতে পঢ়ক – ডিব্ৰুগড় পৰিবহন বিষয়া কাৰ্যালয়ত দালালসহ কনিষ্ঠ সহায়কক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply