কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে প্ৰাক্তন কংগ্ৰেছ নেতা গুলাম নবি আজাদ আৰু R&AW-ৰ সঞ্চালক সামন্ত কুমাৰ গোয়েলৰ এখন ফটো যোৱা কিছুদিনৰ পৰা সামাজিক ভাইৰেল হৈ পৰিছে।
ফটোখন শ্বেয়াৰ কৰি একাংশই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ দুদিন পূৰ্বে আজাদে অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছিল বুলি দাবী কৰা দেখা গৈছে। (ইয়াত ক্লিক কৰক)
আন বহুতৰ দৰে Madhya Pradesh Congress Sevadal –ও ফটোখন তেওঁলোকৰ টুইটাৰ পে’জত শ্বেয়াৰ কৰে। হিন্দীত লিখা টুইটটোত এইবুলি কোৱা হয়, ‘’ये फोटो गुलाम नबी आजाद का कांग्रेस से #आजादी लेने से दो दिन पहले का है, जब वो बचपन के #मगरमच्छ पकड़ने वाले दोस्त से मुलाकात का समय लेने के लिए अमित शाह के पास गये थे।‘’ (Archived link)

অৱশ্যে, আমি অনুসন্ধান কৰি এই এইখন এখন morphed ফটো বুলি জানিব পাৰো। ইয়াত দেখিবলৈ পোৱাৰ দৰে আচল ফটোখনত শ্বাহৰ সৈতে আজাদ আৰু গোয়েল নাই।
ফেক্ট-চেক
আমি গুগলত ফটোখনৰ reverse image search কৰাত ২০১৭ চনৰ ৩০ ছেপ্টেম্বৰত NDTV-ত প্ৰকাশিত এই বাতৰিটো লাভ কৰো। বাতৰিটোত থকা ফটোখনত অমিত শ্বাহৰ সৈতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰীৰ দেৱেন্দ্ৰ ফাড়নাভিছ আৰু গোৱাৰ তদানীন্তন বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী মাইকেল লোবোক দেখা যায়।

NDTV –য়ে উক্ত ফটোখন দেৱেন্দ্ৰ ফাড়নাভিছৰ টুইটাৰ হেণ্ডেলৰ পৰা সংগ্ৰহ কৰিছিল। ৩০ ছেপ্টেম্বৰত ফাড়নাভিছে ফটোখন টুইট কৰিছিল।
প্ৰথমে আমি ভাইৰেল ফটোখন পথালিকে লুটিয়াই লওঁ। এইবাৰ আমি দুয়োখন ফটোৰ মাজত বহু কেইটা মিল দেখা পাওঁ যেনে – চুকৰ টেবুলখনত থকা হনুমানৰ মূৰ্তিটো, অমিত শ্বাহে পিন্ধি থকা কাপোৰজোৰ আৰু বহাৰ ধৰণ, শ্বাহৰ টেবুলত থকা ফাইল বিলাক ইত্যাদি।

পুনৰ ফটোখন অধিক মন দি চোৱাত আমি আৰু কেতবোৰ মিল দেখা দেখা পাঁও। তলত দিয়া ফটো দুখনলৈ মন কৰক:

ফটো দুখন এইদৰে তুলনা কৰি চোৱাৰ পিছত এই কথা স্পষ্ট হৈ পৰে যে ভাইৰেল ফটোখন যথেষ্ট এডিট কৰা হৈছে। ফটোখনত মাইকেল লোবোৰ ঠাইত আজাদৰ এখন ফটো এডিট কৰি লগাই দিয়াৰ লগতে ফাড়নাভিছৰ মুখখনৰ ঠাইত সামন্ত কুমাৰ গোয়েলৰ মুখখন লগাই দিয়া হৈছে।
ইয়াৰ উপৰি ভাইৰেল ফটোখনত ৰাম মন্দিৰৰ এখন ফটোও এডিট কৰি লগাই দিয়া হৈছে।
আমি ইন্টাৰনেটত অমিত শ্বাহৰ চৰকাৰী বাসগৃহৰ কেইবাখনো ফটো দেখা দেখিবলৈ পাঁও কিন্তু এখনো ফটোত ভাইৰেল ফটোখনত দেখুওৱাৰ দৰে দেৱালত ৰাম মন্দিৰৰ ফটোৰ লগাই ৰখা দেখা নাযায়।

গতিকে গুলাম নবি আজাদে পদত্যাগৰ দুদিন পূৰ্বে গৃহ মন্ত্ৰী অমিত শ্বাহক লগ ধৰা বুলি কৈ প্ৰচাৰ কৰি থকা ফটোখন যে এখন ফেক ফটো সেয়া স্পষ্ট হৈ পৰিছে।
লগতে পঢ়ক – SBI-ত ৫০০৮ টা জুনিয়ৰ এছ’চিয়েটৰ পদত ওলাইছে চাকৰি