ফ্ৰিজাৰৰ ভিতৰত ভৰাই থোৱা এটা নগ্ন মৃতদেহ কেতবোৰ আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। টুইটাৰত ফটো কেইখন শ্বেয়াৰ কৰি একাংশ লোকে অসমত শ্ৰদ্ধা ৱাকাৰ সদৃশ হত্যাকাণ্ড সংঘটিত হোৱা বুলি দাবী কৰে।

টুইটসমূহত দাবী কৰা মতে কাজল নামৰ অসমৰ এগৰাকী যুৱতীক লিভ-ইন ৰিলেচনশ্বিপত থকা গফাৰ নামৰ এজন যুৱকে নিজৰ ৭জন মুছলমান বন্ধুৰ দ্বাৰা ধৰ্ষণ কৰোৱাই জীৱন্তে ফ্ৰিজাৰৰ ভিতৰত সুমুৱাই থয় যাৰ ফলত ঠাণ্ডাত যুৱতী গৰাকীয়ে মৃত্যুক সাবটি লয়।

টুইটাৰত এনে বহু টুইট ভাইৰেল হৈ পৰিছে।

অৱশ্যে আমি অনুন্ধান কৰি এই ফটোসমূহ ২০১০ চনৰ পৰা ইন্টাৰনেটত প্ৰচাৰ হৈ থকা বুলি জানিব পাৰো।

ফেক্ট-চেক

আমি আটাইকেইখন ফটোৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰো আৰু উক্ত ফটো কেইখন ব্যৱহাৰ কৰা কেইবাটাও লিংক বিচাৰি পাওঁ। ২০১০ চনৰ ৪ মাৰ্চত প্ৰকাশিত এটা পৰ্তুগিজ ব্লগপ’ষ্টৰ মতে উক্ত ফটো কেইখন ব্ৰাজিলত সংঘটিত এক হত্যাকাণ্ডৰ ফটো।

প’ষ্টটোৰ মতে ব্ৰাজিলক Sao Pauloৰ Osascoত এজন ৪৫ বছৰীয়া লোকে নিজৰ পত্নীক হত্যা কৰি নিজৰ ঘৰৰ এটা ফ্ৰিজাৰত সুমুৱাই থৈছিল।

উক্ত তথ্যৰ ওপৰত ভিত্তি কৰি আমি পৰ্তুগিজ ভাষাত এটা keyword search কৰো আৰু ২০১০ চনৰ জানুৱাৰীত প্ৰকাশিত এই সম্পৰ্কীয় কেইটিমান বাতৰি লাভ কৰো। (ইয়াত আৰু ইয়াত চাওক) অৱশ্যে কোনো এটা প্ৰতিবেদনত ভাইৰেল ফটো কেইখন ব্যৱহাৰ কৰা নাই।

আনহাতে, অসম আৰক্ষীয়ে এক টুইট যোগে ফটো কেইখন আৰু ভাইৰেল টুইট সমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি স্পষ্ট কৰি দিয়াৰ লগতে এনে মেছেজ শ্বেয়াৰ কৰি থকাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাগ্ৰহণ কৰা হ’ব বুলি সকিয়াই দিয়ে।

উল্লেখযোগ্য যে টুইটসমূহত দাবী কৰাৰ দৰে অসমত শেহতীয়াকৈ এনে কোনো ঘটনা সংঘটিত হোৱা খবৰ নাই। গতিকে এই টুইটসমূহ যে সম্পূৰ্ণ মনেসজা আৰু সাম্প্ৰদায়িক উদ্দেশ্যপ্ৰণোদিত সেয়া স্পষ্টভাৱে ক’ব পাৰি।

লগতে পড়ক –  গুজৰাটত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সকলো সমষ্টিত বিজেপিৰ জয়লাভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply