নিউজ ডেস্ক: অসমৰ বিভিন্ন অঞ্চল বানপানীত ডুব গৈ থকাৰ মাজতে অসমৰ বুলি দাবী কৰা এটা বিশেষ ভিডিঅ’ যোৱা কিছুদিনৰ পৰা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ফে’চবুকত ভাইৰেল হৈ পৰা ভিডিঅ’টোত এটা প্ৰকাণ্ড ঘঁৰিয়ালক পথৰ ওপৰত একাংশ লোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি থকা দেখা যায়। এজন লোকে উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰি এইয়া হাইলাকান্দিৰ ঘটনা বুলি দাবী কৰে।
যোৱা ১৮ জুনত F A Barbhuiya নামৰ লোকজনে নিজৰ ফে’চবুক একাউন্টত ভিডিঅ’টো স্বেয়াৰ কৰি কয়, ‘’হাইলাকান্দিৰ SS College-ৰ পিছফালে ঘঁৰিয়াল উদ্ধাৰ কৰা হয়। ইমান ডাঙৰ ঘঁৰিয়ালটো ক’ৰ পৰা আহিল??’’
তেওঁৰ উক্ত প’ষ্ট এই বাতৰি লিখা সময়লৈ ৩ হাজাৰবাৰ শ্বেয়াৰ কৰা হৈছে।
ফেক্ট-চেক
ইষ্টম’জ’য়ে উক্ত ভিডিঅ’টোৰ ফেক্ট-চেক কৰি দেখে যে উক্ত ঘটনাটো যথেষ্ট পুৰণি আৰু দাবী কৰাৰ দৰে এইটো অসমৰ ঘটনা নহয়। আমি অনলাইন ফেক্ট-চেকিং টুল InVID-ত ভিডিঅ’টো পৰীক্ষা কৰো আৰু ভিডিঅ’টোৰ keyframe সমূহৰ reverse image search কৰো।
Google আৰু Yandex-ত reverse image search কৰি আমি উক্ত ভিডিঅ’টোৰ লগত মিল থকা বহু কেইটা লিংক লাভ কৰো। ইয়াৰ ভিতৰত ২০১৯ চনৰ ৪ আগষ্টত The Times of India-ত প্ৰকাশ পোৱা এই প্ৰতিবেদনটো অন্যতম।
উক্ত প্ৰতিবেদনৰ মতে ভিডিঅ’টো অসমৰ নহয়, বৰঞ্চ গুজৰাটৰ বৰোডা চহৰৰ। বৰোডাৰ বড়ছাৰত থকা হাউছিং ছচাইটিত বন বিভাগৰ দলে ১০ ফুট দীঘল ঘঁৰিয়ালটো উদ্ধাৰ কৰে বুলি প্ৰতিবেদনটোত জনোৱা হয়।
লগতে পঢ়ক – অম্বুবাচী মেলাৰ বাবে যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশাৱলী