জনপ্ৰিয় টিভি শ্ব’ Kaun Banega Crorepati (KBC)-ৰ নামত মানুহৰ পৰা টকা সৰকাই নায়াৰ ফান্দ পাতিছে অনলাইন প্ৰৱঞ্চকৰ দলে। WhatsAppকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰা এটা ভইচ মেছেজত দাবী কৰা মতে KBC-য়ে আয়োজন কৰা লটাৰী খেলৰ বিজেতাক ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ দিয়া হ’ব।
ইষ্টম’জ’ৱে WhatsApp-ত এটা অডিঅ’ ক্লিপ লাভ কৰিছে য’ত নিজকে ‘অঞ্জলি শৰ্মা’ বুলি পৰিচয় দিয়া এগৰাকী মহিলাই মেছেজ লাভ কৰোতাক KBC-য়ে আয়োজন কৰা ২৫ লাখ টকাৰ লটাৰী জিকাৰ জিকাৰ বাবে অভিনন্দন জনায়।

মেছেজটোত লগতে এইবুলিও কোৱা হয় যে লটাৰীৰ ধন লাভ কৰিবলৈ হ’লে মেছেজটোত যোগাযোগ নম্বৰ দিয়া ‘বেঙ্ক মেনেজাৰ’ৰ কথা পাতিব লাগিব।
অৱশ্যে, আমি অনুসন্ধান কৰি জানিব পাৰো যে উক্ত মেছেজটো লটাৰী পুৰস্কাৰৰ নামত ধন চুৰি কৰাৰ এক প্ৰৱঞ্চনাৰ বাহিৰে আন একো নহয়।
ফেক্ট-চেক
আমি উপযুক্ত keyword ব্যৱহাৰ কৰি Google search কৰো আৰু দিল্লী আৰক্ষীৰ চাইবাৰ চেলে তেওঁলোকৰ ৱেবছাইটত এটা বিবৃতি লাভ কৰো। বিবৃতিটোত স্পষ্টভাৱে এনেধৰণৰ যিকোনো মেছেজ ভুৱা বুলি উল্লেখ কৰাৰ লগতে এনে কোনো প্ৰৱঞ্চনাৰ চিকাৰ নহ’বলৈ সকলোকে সতৰ্ক কৰি দিয়া হয়।
দিল্লী চাইবাৰ চেলে ব্যৱহাৰকাৰীসকলক এনে বাৰ্তাবোৰ ভালদৰে চাবলৈ অনুৰোধ জনায় কাৰণ এই মেছেজসমূহ প্ৰায়ে ব্যাকৰণগত ভুল থাকে।
ইয়াৰ উপৰি PIB Fact-Check-ৰ টুইটাৰ হেণ্ডেলটো ভুৱা KBC লটাৰী কেলেংকাৰীৰ সন্দৰ্ভত লোকসকলক সতৰ্ক কৰি দিয়া হৈছিল।
লগতে পঢ়ক – এবছৰৰ মূৰত হাৰিয়ানাত উদ্ধাৰ অসমৰ অপহৃতা কিশোৰী