যোৱা ১১ ছেপ্টেম্বৰত ৭.৬ প্ৰাব্যলৰ এক ভূমিকম্পই পাপুৱা নিউ গিনি (Papua New Guinea)-ক জোকাৰি গৈছিল। ভূমিকম্পটোত কমেও ৫ জন লোকে প্ৰাণ হেৰুৱাইছিল। উক্ত ভূমিকম্পৰ পিছত সামাজিক মাধ্যমৰ লগতে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।

ভিডিঅ’টো শ্বেয়াৰ কৰি এইবুলি দাবী কৰা হৈছে যে এইয়া পাপুৱা নিউ গিনিত যোৱা ১১ ছেপ্টেম্বৰত অহা ভূমিকম্পৰ সময়ৰ দৃশ্য।

১২ ছেপ্টেম্বৰত Hindustan Times –এ তেওঁলোকৰ টুইটাৰ পে’জত ২.৪৫ ছেকেণ্ডৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত দিয়া কেপচনত এইদৰে কোৱা হয়, ‘’দেওবাৰে পুৱা ৭.৬ প্ৰাব্যলৰ এক শক্তিশালী ভূমিকম্পই পাপুৱা নিউ গিনি কঁপাই যায়। ভূমিকম্পটোৰ ফলত হোৱা ভূমিস্খলনত তিনিজন লোক নিহত হয়।‘’

একেদৰে NDTV –এ উক্ত ভূমিকম্পটোক লৈ ১২ ছেপ্টেম্বৰত প্ৰকাশ কৰা এক বাতৰিত সংলগ্ন কৰা এটা ভিডিঅ’ত দেখা গৈছিল একেধৰণৰ দৃশ্য। উক্ত ভিডিঅ’টোৰ এটা স্ক্ৰিনশ্বট তেওঁলোকে বাতৰিটোৰ ফিচাৰ ইমেজ হিচাপেও ব্যৱহাৰ কৰিছিল।

NDTV-এ তেওঁলোকৰ বাতৰিত ব্যৱহাৰ কৰা ভিডিঅ’টো reddit.com-ৰ লোৱা। ChrisM707 নামৰ এজন ইউজাৰে reddit-ত উক্ত ভিডিঅ’টো প’ষ্ট কৰিছিল।

ফেক্ট-চেক:

আমি Hindustan Times-এ টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ’টো InVid tool ব্যৱহাৰ কৰি পৰীক্ষা কৰাত সংবাদ সংস্থা AFP-ত প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰো।

২০২২ চনৰ ২৫ ছেপ্টেম্বৰত AFP Fact Check-ত প্ৰকাশিত প্ৰতিবেদনৰ মতে উক্ত ভিডিঅ’টো ইয়াৰ পূৰ্বেও মিছা দাবীৰে ভাইৰেল কৰা হৈছিল। প্ৰতিবেদনটোৰ মতে ভিডিঅ’টোত দেখা দৃশ্যসমূহ আচলতে ২০১৮ চনত ইণ্ডোনেচিয়াৰ ছুলাৱেছি (Sulawesi) দীপত সংঘটিত ভূমিকম্পৰ সময়ৰ।

‘’২০২২ চনৰ জানুৱাৰীত ইণ্ডোনেচিয়াৰ জাভা দীপত সংঘটিত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ বুলি দাবী কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত হাজাৰ হাজাৰ লোকৰ মাজত ভাইৰেল হৈ পৰিছে। কিন্তু এইয়া এক ভূৱা দাবী, ২০১৮ চনৰ অক্টোবৰত ইণ্ডোনেচিয়াৰ ছুলাৱেছি দীপত সংঘটিত এক শক্তিশালী ভূমিকম্পৰ সময়ৰ পৰাই ভিডিঅ’টো সামাজিক মাধ্যমত  প্ৰচাৰ হৈ আছে,’’ AFP Fact Check –ৰ প্ৰতিবেদনত এইদৰে কয়।

AFP –এ তেওঁলোকৰ প্ৰতিবেদনটোত ২০১৮ চনৰ ১০ অক্টোবৰত আপল’ড কৰা এটা YouTube ভিডিঅ’ সংলগ্ন কৰিছে।

YouTube video

YouTube ভিডিঅ’টোৰ টাইটেল গুগল অনুবাদ কৰোতে এইদৰে দেখুৱাই, “Seconds of the earthquake in front of the Sigi Palu gas station 28.09.2018।”

আমি এই YouTube ভিডিঅ’টোৰ সৈতে NDTV আৰু Hindustan Times-ত প্ৰকাশিত ভিডিঅ’ কেইটাৰ তুলনা কৰিলত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেইটাত যোৱা ১১ ছেপ্টেম্বৰত পাপুৱা নিউ গিনিত সংঘটিত ভূমিকম্প বুলি এটা পুৰণি ভিডিঅ’ প্ৰচাৰ কৰাৰ কথাটো স্পষ্ট হৈ পৰে।   

লগতে পঢ়ক – ‘এক লাখ নিযুক্তি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিবলৈ দুই-এটা সংবাদ মাধ্যমৰ লগতে দুই-এটা ৰাজনৈতিক দলে বিভ্ৰান্তমূলক প্ৰচাৰ চলাইছে’:মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply