নিউজ ডেস্ক: দেওবাৰে তুৰ্কীৰ ৰাজধানী ইস্তানবুলত সংঘটিত এক বিস্ফোৰণত ৬ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ৮০ জনতকৈ অধিক লোক আহত হয়।

উক্ত বিস্ফোৰণৰ পিছতে সামাজিক মাধ্যমত একাংশ লোকে এটা বিশেষ CCTV ফুটেজ শ্বেয়াৰ কৰি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি (Munir Ahmed) নামৰ এজন ফেচবুক ইউজাৰে কয়, “Istanbul blast this morning।”

অৱশ্যে, আমি অনুসন্ধান কৰি উক্ত ভিডিঅ’টো দেওবাৰে ইস্তানবুলত সংঘটিত বিস্ফোৰণৰ সময়ৰ নহয় বুলি জানিব পাৰো।

ফেক্ট-চেক:

আমি ভিডিঅ’টো ভালদৰে চাই স্ক্ৰিণৰ ওপৰত ভিডিঅ’ ৰেকৰ্ড কৰা তাৰিখটো (19/03/2016) দেখো। ইয়াৰ দ্বাৰা এইটো যে ২০১৬ চনৰ ভিডিঅ’ তাৰ এক ইংগিত পোৱা যায়।

আমি ভিডিঅ’টো InVid tool-ৰ সহায়ত কেইবাটাও keyframe-ত ভাগ কৰো আৰু তাৰ পিছত Google আৰু Yande-ত reverse image search কৰি ২০১৬ চনৰ ১৯ মাৰ্চত Milliyet নামৰ এটা তুৰ্কীৰ ৱেবছাইত প্ৰকাশ পোৱা এই বাতৰিটো লাভ কৰো।

উক্ত বাতৰিটোত থকা ভিডিঅ’টোৰ সৈতে ভাইৰেল ভিডিঅ’টো তুলনা কৰি দুয়োটা ভিডিঅ’ যে একেই সেই কথা ধৰিব পাৰি।

Milliyet –ত প্ৰকাশিত বাতৰিটোৰ মতে উক্ত ভিডিঅ’ ফুটেজটো ২০১৬ চনৰ ১৯ মাৰ্চত ইস্তানবুলত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণৰ সময়ৰ।

এইবাৰ আমি উপযুক্ত keyword-ৰ সহায়ত গুগল চাৰ্চ কৰো আৰু BBC প্ৰকাশিত এটা প্ৰতিবেদন লাভ কৰো। BBC-ৰ প্ৰতিবেদনৰ মতে ২০১৬ চনৰ ১৯ মাৰ্চত ইস্তানবুলৰ এক ব্যস্ত এলেকাত সংঘটিত আত্মঘাটী বোমা বিস্ফোৰণত প্ৰায় ৪জন লোক নিহত হৈছিল।

গতিকে আমি এই কথা স্পষ্টভাৱে ক’ব পাৰো যে সামাজিক মাধ্যমত একাংশই শ্বেয়াৰ কৰি থকা ভিডিঅ’টো যোৱা দেওবাৰে ইস্তানবুলত সংঘটিত বিস্ফোৰণৰ সময়ৰ নহয়।

লগতে পঢ়ক – ধেমাজিৰ জোনাইত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply