ভূমিকম্পৰ জোকাৰণিৰ মাজতে এটা মছজিদৰ ভিতৰত একাংশ লোকে প্ৰাৰ্থনা কৰি থকা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি বহুতেই এইয়া সোমবাৰে ইণ্ডোনেচিয়াত সংঘটিত ভূমিকম্পৰ সময়ৰ ভিডিঅ’ বুলি দাবী কৰিছে।

সোমবাৰে টুইটাৰত এগৰাকী ইউজাৰে (@QuranAndHadithh) ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে কয়, “#Earthquake of 5.6 magnitude hits Indonesia, 56 died and 700 injured so far. Worshipers continued to pray Salah. SubhanAllah. May Allah bless them and have mercy on them” (Archived link চাওক)

প্ৰায় ১৬২ গৰাকী ব্যক্তিৰ মৃত্যু হোৱা ৫.৬ প্ৰাবল্যৰ ভূমিকম্পটোৰ পিছতে টুইটাৰত বিভিন্ন ইউজাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰি এনে দাবী কৰা দেখা গৈছে। (ইয়াক ক্লিক কৰক)

অৱশ্যে, আমি অনুসন্ধান কৰি এইটো এটা পুৰণি ভিডিঅ’ বুলি জানিব পাৰো। ভিডিঅ’টো প্ৰকৃততে ২০১৮ চনত ইণ্ডোনেচিয়াৰ বালিত সংঘটিত ভূমিকম্পৰ সময়ৰ।

ফেক্ট-চেক:

আমি উপযুক্ত keywords ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰো আৰু ২০১৮ চনৰ ৭ আগষ্টত BBC News-ত প্ৰকাশিত এই ভিডিঅ’ প্ৰতিবেদনটো লাভ কৰো।

YouTube video

BBC-ৰ মতে ভিডিঅ’ ক্লিপটোত ২০১৮ চনৰ ৫ আগষ্টত ইণ্ডোনেচিয়াৰ বালিত সংঘটিত ভূমিকম্পই এটা মছজিদত জোকাৰি যোৱাৰ সময়ত ইমামজনক প্ৰাৰ্থনা কৰি থকা দেখা গৈছে।

ভিডিঅ’টো Outlook-তো প্ৰকাশ পাইছিল। এইটো প্ৰতিবেদনৰ মতে বালিত ৬.৯ প্ৰাবল্যৰ ভূমিকম্পটো অহাৰ সময়ত মছজিদটোত সন্ধিয়াৰ প্ৰাৰ্থনা চলি আছিল।

লগতে পঢ়ক – ধেমাজিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; দুজনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply