যোৱা দেওবাৰে ICC T20 World Cup –ৰ এখন মেচত ভাৰতে পাকিস্তানক পৰাস্ত কৰাৰ পিছৰে পৰা সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে এটা বিশেষ ভিডিঅ’ত ক্ৰিকেট খেল চাই থকা এজন লোকে ৱালত লাগি থকা টি ভিটো ভাঙি পেলোৱা দেখা যায়।
যিসকল লোকে ভিডিঅ’টো শ্বেয়াৰ কৰিছে তেওঁলোকে দাবী কৰা মতে, পাকিস্তান মেচখনত পৰাস্ত হোৱাত খঙৰ ভমকত দেশখনৰ এজন অনুৰাগীয়ে নিজৰ টিভিটো ভাঙি পেলায়।
ভিডিঅটো শ্বেয়াৰ কৰাসকলৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ ছেহৱাগো আছে। ভিডিঅ’টো টুইট কৰি ছেহৱাগে কয়, “Relax Padosi, it’s only a game. Hamaare yahan Deepawali hai toh pataakhe phod rahe hain aur aap bevajah TV phod rahe hain. Nahin yaar, TV ka kya kasoor.” (Archived link)

উক্ত ভিডিঅ’টো একাংশ অসমীয়া নিউজ চেনেলেও তেওঁলোকৰ সামাজিক মাধ্যমৰ পে’জত একে দাবীৰে শ্বেয়াৰ কৰা দেখা গৈছে। News Live আৰু ‘সংবাদ প্ৰহৰী’য়ে ভিডিঅ’টো শ্বেয়াৰ কৰি এইদৰে লিখে, “এজন পাকিস্তানী অনুৰাগীয়ে ভাঙিলে TV”। (ভিডিঅ’টো চাবলৈ ইয়াত আৰু ইয়াত ক্লিক কৰক)

অৱশ্যে, আমি অনুসন্ধান কৰি উক্ত ভিডিঅ’টো যে ভুৱা সেই কথা জানিব পাৰো।
ফেক্ট-চেক:
আমি InVid tool ব্যৱহাৰ কৰি ভিডিঅ’টো কেইবাটাও keyframe-ত ভাগ কৰি Google আৰু Yandex-ত reverse image search কৰো আৰু ৬ বছৰ পূৰ্বে আপলড কৰা এটা ৩.২৯ মিনিটৰ এটা YouTube ভিডিঅ’ বিচাৰি পাওঁ।
দুয়োটা ভিডিঅ’ তুলনা কৰাত ভাইৰেল ভিডিঅ’টো যে প্ৰকৃত ভিডিঅ’টোক এডিট কৰি বনোৱা হৈছে সেয়া স্পষ্ট হৈ পৰে। YouTube-ৰ ভিডিঅ’টো চালে টি ভিটোত যে ফুটবল খেলহে চলি আছিল সেয়া ভালদৰে গম পোৱা যায়।

ইয়াৰ পিছত আমি উপযুক্ত keyword ব্যৱহাৰ কৰি Google search কৰো আৰু ২০১৬ চনৰ ১৭ জুনত প্ৰকাশ পোৱা express.co.uk-ত প্ৰকাশ পোৱা এই বাতৰি লাভ কৰো। উক্ত বাতৰিটোৰ মতে ২০১৬ চনৰ Euro Cup প্ৰতিযোগিতাত টুৰ্কী আৰু ক্ৰয়েছিয়াৰ মাজত এখন মেচ চলি থকা সময়ত টুৰ্কীৰ Izzet Salti নামৰ এজন লোকে এই কাণ্ড সংঘটিত কৰে।

উক্ত ঘটনাটোৰ কথা ২০১৬ চনৰ ১৬ জুন তাৰিখে Daily Mail-তো প্ৰকাশ পাইছিল।
গতিকে আমি এই কথা স্পষ্টভাৱে ক’ব পাৰো যে ভাৰতৰ হাতত পাকিস্তান পৰাস্ত হোৱাত দেশখনৰ অনুৰাগীয়ে টি ভি ছেট ভাঙি পেলোৱা বুলি এটা পুৰণি ভিডিঅ’ক এডিট কৰি ভুলকৈ প্ৰচাৰ কৰি থকা হৈছে।
লগতে পঢ়ক – গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত নিযুক্তি সৃষ্টি