নিউজ ডেস্ক: যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুগৰাকী মহিলাৰ মাজৰ এটা মল্লযুঁজৰ ভিডিঅ’। ভিডিঅ’টোত এগৰাকী প্ৰফেশ্যনেল ৰেছলাৰক চুৰিদাৰ পৰিহিত এগৰাকী মহিলাই ৰিঙৰ ভিতৰত সোমাই ধৰাশায়ী কৰা দেখা যায়।   

২ মিনিট ৪৬ ছেকেণ্ডৰ ভিডিঅ’টো স্বেয়াৰ কৰা একাংশই দাবী কৰা মতে ভিডিঅ’টোত দেখা মুকলি প্ৰত্যাহ্বান জনোৱা প্ৰফেশ্যনেল মল্লযোদ্ধা গৰাকী পাকিস্তানৰ আৰু তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি যুঁজত নামি পৰা চুৰিদাৰ পৰিহিত মহিলা গৰাকী তামিলনাডুৰ।

গণেশ দেশমুখ নামৰ এজন ফে’চবুক ইউজাৰে ভিডিঅ’টো শ্বেয়াৰ কৰি কয়, “ডুবাইত এখন খেলত জয়লাভৰ পিছত পাকিস্তানৰ এগৰাকী মহিলা বক্সাৰে তেওঁক পৰাস্ত কৰি দেখুওৱাবলৈ তাত থকা ভাৰতীয়সকলৰ প্ৰতি প্ৰত্যাহ্বান জনাইছিল। তামিলনাডুৰ তুথুকুডিৰ বিজয়া লক্ষ্মী নামৰ এগৰাকী দৰ্শকে তেওঁৰ মুকলি প্ৰত্যাহ্বান গ্ৰহণ কৰে আৰু দৃঢ়তাৰে বক্সিং ৰিঙত প্ৰৱেশ কৰে। দৃশ্যটো চাওক।”

ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি দিয়া বহুকেইটা প’ষ্ট দেখা গৈছে য’ত একেই দাবী কৰা হৈছে। চাবলৈ ইয়াত ক্লিক কৰক।

ফেক্ট-চেক

আমি InVID tool-ৰ সহায়ত ভিডিঅ’টো বিভিন্ন keyframe-ত ভাগ কৰি Google আৰু Yandex-ত reverse image search কৰোঁ। reverse image search-ৰ জৰিয়তে আমি IndiaTV-ত প্ৰকাশ পোৱা এই বাতৰিটো লাভ কৰো।

২০১৬ চনৰ ১৭ জুনত প্ৰকাশ পোৱা বাতৰিটোৰ পৰা আমি উক্ত ভিডিটো পঞ্জাবৰ জলন্ধৰত থকা ভাৰতৰ WWE চেম্পিয়ন দ্যা গ্ৰেট খালিৰ Continental Wrestling Entertainment (CWE)-ৰ বুলি জানিব পাৰো।

IndiaTV-ত প্ৰকাশ পোৱা বাতৰি নিশ্চিত কৰিবলৈ আমি উপযুক্ত keyword ব্যৱহাৰ কৰি গুগল চাৰ্চ কৰো আৰু একেটা তাৰিখতে প্ৰকাশ পোৱা Indian Express –ৰ এটা বাতৰি বিচাৰি পাঁও। উক্ত বাতৰিটো অনুসৰিও ভাইৰেল ভিডিঅ’টো CWE-ৰ দ্বাৰা আয়োজিত একেটা অনুষ্ঠানৰ।

উক্ত প্ৰতিবেদন দুটাৰ উপৰি ২০১৮ চনৰ ২৪ জুনত BOOM-ত উক্ত ভিডিঅ’টো সন্দৰ্ভত এটা ফেক্ট-চেকিং প্ৰতিবেনত প্ৰকাশ পাইছিল। উক্ত প্ৰতিবেদনৰ পৰা জানিব পৰা যায় যে আগতেও এই ভিডিঅ’টো মিছা দাবীৰে ভাইৰেল কৰা হৈছিল।

উপৰত উল্লেখিত তিনিটা প্ৰতিবেদনৰ পৰা এই কথা নিশ্চিত হয় যে ভাইৰেল ভিডিঅ’বোৰত দাবী কৰাৰ দৰে ভিডিঅ’টোত থকা কোনো এগৰাকী মহিলাই পাকিস্তানৰ নহয়।

আনহাতে, ভিডিঅ’টো Continental Wrestling Entertainment (CWE)-ৰ YouTube চেনেলটো উপলব্ধ।

লগতে পঢ়ক – Outlook Traveller Award: কাজিৰঙালৈ Best Wildlife Destination in India-ৰ স্বৰ্ণ সন্মান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply